নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেংগালুৰুৰ পদপিষ্টৰ কাৰণ বিৰাট কোহলিৰ ভিডিঅ’

🔹 আৰচিবিৰ ওপৰত দোষ জাপিলে কর্ণাটক চৰকাৰে

নিউজ ডেস্ক, ১৮ জুলাই : বেংগালুৰুৰ পদপিষ্ট কাণ্ডই অধিক চাপ বৃদ্ধি কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ওপৰত৷ আইপিএলৰ জয় উদযাপনত ইমানসংখ্যক মানুহৰ মৃত্যুৰ দায় সম্পূর্ণৰূপে ফ্রেনচাইজীৰ ওপৰত জাপিলে কর্ণাটক চৰকাৰে৷ আনকি এই পদপিষ্টৰ ঘটনাত পৰোক্ষভাৱে বিৰাট কোহলিৰ নামো জড়িত কৰিলে কর্ণাটকৰ কংগ্রেছ চৰকাৰে৷

উল্লেখ্য যে উচ্চ ন্যায়ালয়ত পদপিষ্টৰ ঘটনাৰ প্রতিবেদন জমা দিছে কর্ণাটক চৰকাৰে৷ প্রাথমিকভাৱে চৰকাৰৰ দাবী আছিল যে এই প্রতিবেদন প্রকাশ কৰা নহ’ব৷ কিন্তু উচ্চ ন্যায়ালয়ে জনায় যে এই তদন্তৰ প্রতিবেদন গোপনে ৰখাৰ কোনো আইনী বৈধতা নাই৷ ন্যায়ালয়ে প্রতিবেদন জনসমাজৰ সন্মুখলৈ আনিছে৷ তাত দেখা গৈছে কর্ণাটক চৰকাৰে ঘটনাটোত আৰক্ষী প্রশাসনৰ ব্যর্থতাৰ অভিযোগ নস্যাৎ কৰিছে৷ চৰকাৰৰ দাবী– আৰক্ষী প্রশাসনৰ অনুমতি অবিহনেই এই বৃহৎ অনুষ্ঠান আয়োজনৰ উদ্যোগ লোৱা হৈছিল৷ সময় কম হোৱা বাবে আৰক্ষীয়ে পর্যাপ্ত ব্যৱস্থা গ্রহণ কৰিব নোৱাৰিলে৷ প্রতিবেদনত কোৱা হৈছে যে বিৰাট কোহলিৰ ভিডিঅ’ প’ষ্টৰ জৰিয়তে ছ’চিয়েল মিডিয়াত অনুৰাগীসকলক আমন্ত্রণ জনোৱা হৈছিল৷

You might also like