নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়া ৰে’ল সংমণ্ডলৰ ১০০০ পদ বিলুপ্তিকৰণৰ গভীৰ ষড়যন্ত্র

অসমৰ থলুৱাক মাধমাৰ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ

নিয়মীয়া বাৰ্তা, ২৩ মার্চঃ অসমৰ নিবনুৱাক পুনৰ মাধমাৰ শোধাবলৈ ওলাইছে উত্তৰ–পূব সীমান্ত ৰে’লৱেই ৷ বিগত সময়ছোৱাত অঞ্চলটোত ৰে’লৱেত খালী হোৱা বহু পদত থলুৱাক বঞ্চিত কৰি অতি গোপনে উত্তৰ ভাৰতৰ যুৱকক নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ ইয়াক লৈ ৰাজ্যখনত যথেষ্ট প্রতিবাদো হৈছে ৷ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদকে ধৰি বিভিন্ন দল–সংগঠনে ৰে’লৱেৰ এনে অসমবিৰোধী কার্যৰ একমুখে বিৰোধিতা কৰি আহিছে ৷ শেহতীয়াকৈ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ তিনিচুকীয়া সংমণ্ডলৰ অধীনৰ প্রায় ১,০০০টা পদৰ বিলুপ্তিকৰণৰ ষড়যন্ত্র কৰা হৈছে বুলি বিৰোধী দলপতি দেৱব্রত শইকীয়াই অভিযোগ কৰিছে ৷

কেন্দ্রীয় ৰে’লমন্ত্রী পীয়ূষ গোৱেললৈ যোৱা ২০ মার্চত বিৰোধী দলপতি শইকীয়াই লিখা এখন পত্রত কয় যে ২০১৭ চনৰ পৰা ২০১৯ চনৰ মাজৰ সময়ছোৱাত ৰে’ল বিভাগৰ তিনিচুকীয়া সংমণ্ডলত খালী হোৱা কেৰাণী, কার্যালয় অধীক্ষক, কর্মচাৰী কল্যাণ পৰিদর্শক, আইনী উপদেষ্টা আদি পদসমূহ পূৰণ কৰাৰ বাবে কর্তৃপক্ষই কোনো পদক্ষেপ লোৱা নাই৷ ৰে’লৱে মজদুৰ ইউনিয়নে অভিযোগ কৰা অনুসৰি সেই খালী পদসমূহ পূৰণ কৰাৰ বিপৰীতে ৰে’লৱে কর্তৃপক্ষই পদসমূহৰ বিলুপ্তিহে ঘটাব বিচাৰিছে ৷ দেশ তথা ৰাজ্যখনত ভয়াৱহ ৰূপ ধাৰণ কৰা নিবনুৱা সমস্যাৰ পৰিপ্রেক্ষিতত এনে নীতি চিন্তাৰ বিষয় বুলি পত্রখনত উল্লেখ কৰি শইকীয়াই কয় যে এই পদ বিলুপ্তিকৰণে ৰে’লমন্ত্রীয়ে ঘোষণা কৰা দ্বৈত ৰে’লপথ নির্মাণ আৰু বিদ্যুতীকৰণৰ দ্বাৰা ৰে’লসেৱা উন্নীতকৰণৰ আঁচনিতো ব্যাঘাত জন্মাব৷ পত্রখনত বিৰোধী দলপতি শইকীয়াই বিষয়টোত কেন্দ্রীয় ৰে’লমন্ত্রীৰ হস্তক্ষেপ দাবী কৰি পদ বিলুপ্তিৰ পৰিৱর্তে স্থানীয় যোগ্য প্রার্থীক উক্ত খালী পদসমূহত অনতিপলমে নিযুক্তি দিয়াৰ দাবী জনায়৷ ৰখীয়াবিহীন লেভেল ক্রচিংসমূহতো ৰখীয়া নিযুক্তি দিয়াৰ বাবে খালী পদ পূৰণ কৰাটো বাঞ্ছনীয়৷ ৰে’ল বিভাগৰ তিনিচুকীয়া সংমণ্ডলত বিৰাজ কৰা পৰিস্থিতি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বছৰি দুই কোটি লোকক চাকৰি দিব বুলি কৰা ঘোষণাৰো পৰিপন্থী বুলি শইকীয়াই মন্তব্য কৰে ৷

You might also like