নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিঞাৰ হুংকাৰ স্বাভিমানী অসমীয়ালৈ প্রত্যাহ্বান

🔹 বেদখলকাৰী সন্দেহযুক্ত লোকক সকীয়নি ড০ শর্মাৰ

🔹 ‘একচন লোৱাৰ কাৰণেই মই মুখ্যমন্ত্রী হৈছোঁ’

বিশেষ বাৰ্তা, ১৯ জুলাই : খিলঞ্জীয়াক সংখ্যালঘুত পৰিণত কৰাৰ এক বৃহৎ ষড়যন্ত্রৰে বেদখল অব্যাহত ৰাখিছে সন্দেহযুক্ত নাগৰিকে৷ শেহতীয়াকৈ হোৱা উচ্ছেদ অভিযানত উচ্ছেদকাৰীৰ একাংশ সন্দেহযুক্ত লোকে আৰক্ষীৰ ওপৰত চলোৱা আক্রমণ আৰু খিলঞ্জীয়াৰ বিৰুদ্ধে দিয়া হুংকাৰে এই কথা স্পষ্ট কৰি তুলিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই ষড়যন্ত্রৰ কথা উল্লেখ কৰি স্পষ্ট কৰিছে যে এয়া এক চিন্তনীয় বিষয়৷ কাৰণ বিষয়টোৰ সৈতে সংপৃক্ত হৈ আছে অসমীয়াৰ ভৱিষ্যৎ৷ দৰাচলতে অসমৰ ভূমিতে বেদখলকাৰীয়ে দিয়া এনে হুংকাৰ স্বাভিমানী অসমীয়াৰ বাবে এক প্রত্যাহ্বান৷

উল্লেখ্য যে উচ্ছেদৰ পাছতেই এজন সন্দেহযুক্ত সংখ্যালঘুৱে সামাজিক মাধ্যমত মুখ্যমন্ত্রীক উদ্দেশ্যি মন্তব্য কৰাই নহয়, অসমীয়া জাতিসত্তাকো প্রত্যাহ্বান জনাইছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই এই প্রসংগতে কয়– এই লোকসকলে অসমীয়া জাতিসত্তাক প্রত্যাহ্বান জনোৱাৰ লগতে অসমীয়াক অর্থনৈতিকভাৱে পিছ পেলাব বুলিও হুংকাৰ দিছে৷ গতিকে মই ভাবোঁ, এই কথাটো নির্দিষ্ট এই লোকজনৰ কথা নহয়, এয়া তেওঁলোকৰ মনৰ কথা৷ তেওঁলোকে ভাবে ২০ বছৰ পাছত লাহে লাহে অসমীয়া জাতিক তল পেলাব৷ শিক্ষা–দীক্ষা সকলো দিশতে অসমীয়াক লক্ষ্য কৰি লৈছে এই ষড়যন্ত্রকাৰীসকলে৷

ইফালে, মুখ্যমন্ত্রী ড০ শর্মাই স্পষ্ট কৰে যে অচিৰেই উৰিয়ামঘাটতো চলিব উচ্ছেদ৷ কেবিনেট বৈঠকৰ পাছতে অনুষ্ঠিত সংবাদ মেলত কালি মুখ্যমন্ত্রীগৰাকীয়ে কেনেকৈ উৰিয়ামঘাট আৰু লামডিং বনাঞ্চলত বেদখল চলিছে, তাৰ তথ্য আৰু ভিডিঅ’ৰে বিস্তৃত বর্ণনা দিয়ে৷ লোকসেৱা ভৱনত মুখ্যমন্ত্রীগৰাকীয়ে লামডিং আৰু উৰিয়ামঘাটত কিদৰে দখল কৰা হৈছিল বনাঞ্চলৰ হাজাৰ হাজাৰ বিঘা মাটি, তাৰ ভিডিঅ’যোগে ব্যাখ্যা আগবঢ়ায়৷ মুখ্যমন্ত্রীয়ে কয়– উৰিয়ামঘাটত একো একোজনে ৫০০ বিঘা, ৩০০ বিঘা মাটি দখল কৰি থৈছে৷ নগাঁও আৰু মণিপুৰৰ পৰা কালিও ১২ ঘৰ লোক লখিমপুৰলৈ আহিছে ভূমি দখল কৰিবলৈ৷ এই বেদখলৰ এক পৰিকল্পনা প্রস্তুত কৰি লয় দখলকাৰীয়ে৷ এজন বা দুজন লোকে প্রথমে আহি দখল কৰিব খোজা ভূমিখিনি চিহ্ণিত কৰি লয়৷ এই মানুহখিনিয়েই পিছত আন বহু পৰিয়ালক উক্ত ভূমিখণ্ডলৈ লৈ আহে৷ কিন্তু পাছত অহা পৰিয়ালসমূহ ভূমিৰ মালিক হ’ব নোৱাৰে৷ মাত্র খেতি কৰাৰ বাবদ দৰমহাহে পায়৷ খেতিৰ উৎপাদিত দ্রব্যখিনি মাতব্বৰক দিব লাগে৷

উৰিয়ামঘাটত হোৱা বেদখলৰ ভিডিঅ’ দেখুৱাই মুখ্যমন্ত্রীয়ে কয় যে এই অঞ্চলটো আছিল সম্পূর্ণৰূপে বনাঞ্চল৷ কিন্তু এই বনাঞ্চল ধ্বংস কৰি তামোলৰ খেতি কৰিলে৷ অসমত ক’তো ইমান বৃহৎ তামোল খেতি নাই৷ অৰণ্য কাটি তামোল খেতি কৰা ৫০০ ঘৰ মানুহহে আছে৷ কিন্তু সম্পূর্ণ বনাঞ্চলখন দখল কৰি লৈছে৷ এই লোকসকলৰ প্রকৃত ঘৰ হৈছে লাহৰীঘাট আৰু ধিঙত৷ এই লোকসকল ভূমিহীন নহয় বা গৰাখহনীয়াৰ পাছত তাত আহি বহা নাই৷ অসমীয়া খিলঞ্জীয়া লোকে গঢ়িব নোৱাৰা তামোলৰ বাগান গঢ়ি তুলিছে দখলদাৰী মিঞাই৷

মুখ্যমন্ত্রীয়ে কয় যে অকল উৰিয়ামঘাট বা লামডিঙেই নহয়, কৰিমগঞ্জ আৰু হাইলাকান্দিতো ব্যাপক বেদখল হৈছে৷ প্রায় ৮ লাখ বিঘা ভূমি এতিয়া বেদখলকাৰীৰ কবলত৷ বনাঞ্চল কাটি ৰবৰৰ খেতি কৰা হৈছে৷ ওপৰৰ পৰা দেখিলে সেউজীয়া বনাঞ্চল যেনেই দেখি৷ মুখ্যমন্ত্রীয়ে বেদখলকাৰী আৰু বেদখল কৰিবলৈ সুযোগ দিয়া বিষয়াৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হ’ব বুলি কালি স্পষ্ট কৰে৷ মুখ্যমন্ত্রীয়ে কয়– ভোটৰ অংকত একাংশ নেতাই বেদখলকাৰীক প্রশ্রয় দি আহিছে৷ যেতিয়া ৫,০০০–১০,০০০ ভোট হৈ যায়, তেতিয়া স্থানীয় একাংশ নেতাই বেদখলকাৰীক সকলো সুবিধা কৰি দিয়ে৷

ইফালে, উৰিয়ামঘাটৰ বেদখলকৃত ভূমিত চুপাৰি ছিণ্ডিকেট চলাৰো তথ্য প্রকাশ কৰে মুখ্যমন্ত্রীয়ে৷ সেয়াই নহয়, বেদখল হোৱা স্থানত সন্দেহজনক আৰু অবৈধ লোকৰ বিচৰণস্থলী হোৱাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ তেওঁ কয়– আজিকালি মণিপুৰৰ পৰাও বহু লোক বেদখলকাৰী ৰূপত আহে৷ তদুপৰি বাংলাদেশৰ পৰা অহা নতুন লোক আহিব পাৰে৷ বর্তমান আমি এনেধৰণৰ অবৈধ বাংলাদেশীক কৰায়ত্ত কৰি আছোঁ যদিও পূর্বে এইক্ষেত্রত কঠোৰতা নাছিল৷ মাতব্বৰবিলাকে এই লোকসকলক ইয়ালৈ লৈ অহাৰ সম্ভাৱনা আছে৷ সেইবাবে উচ্ছেদৰ পাছত বহু লোকে ভূমি নিবিচাৰে৷ তেওঁলোক উচ্ছেদৰ পাছত নোহোৱা হৈ পৰে৷ উৰিয়ামঘাটত গঢ়ি তোলা তামোলৰ খেতিৰ জৰিয়তে চুপাৰি প্রস্তুত কৰা হয়৷ ম্যানমাৰৰ চুপাৰিও ইয়ালৈ আহে আৰু তাৰ পাছতেই অসমৰ চুপাৰিৰ লগত ম্যানমাৰৰ চুপাৰি মিশ্রণ কৰা হয়৷

মুখ্যমন্ত্রী ড০ শর্মাই ইয়াকো উল্লেখ কৰে যে পাইকানৰ দৰে পৰিস্থিতি যাতে পুনৰ উদ্ভৱ নহয়, তাৰ বাবে চৰকাৰ সষ্টম হৈছে আৰু ৰেপিড একচন ফ’ৰ্চ নিয়োগ কৰা হৈছে৷ কেন্দ্রীয় চৰকাৰে প্রেৰণ কৰা গোৱালপাৰাৰ ৰেপিড একচন ফ’ৰ্চ গোৱালপাৰাত মোতায়েন কৰাৰ কথা তেওঁ জানিবলৈ দিয়ে৷ আনহাতে, কোনো কাৰণতেই বেদখলকাৰীক প্রশ্রয় দিয়া নহয় বুলি স্পষ্ট কৰি মুখ্যমন্ত্রীয়ে কয়– একচন ল’বলৈ মই মুখ্যমন্ত্রী হৈছোঁ৷ পূর্বৰ কোনো মুখ্যমন্ত্রীয়ে এনেধৰণৰ একচন দেখুওৱা নাছিল৷

You might also like