চতুর্থ টেষ্টৰ পূর্বে আঘাতৰ সমস্যাত ভাৰতীয় দল
নিউজ ডেস্ক, ১৯ জুলাই : ঘৰুৱা দল ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া চতুর্থখন টেষ্টৰ পূর্বে আঘাতৰ সমস্যাত ভুগিছে টীম ইণ্ডিয়া৷ অহা ২৩ জুলাইৰ পৰা মানচেষ্টাৰত অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূর্ণ টেষ্টখনৰ বাবে প্রস্তুতি চলাই থকাৰ সময়তে বাঁওহাতত আঘাত পায় পেচ বলাৰ অর্শদীপ সিঙে৷ বৃহস্পতিবাৰে ভাৰতীয় দলৰ অনুশীলনৰ সময়ত নেটত সাই সুদর্শনক বলিং কৰি থকাৰ সময়তে বাঁওহাতত আঘাত পায় অর্শ্বদীপে৷ সুদর্শনৰ বেটৰ পৰা ঘূৰি অহা বল আয়ত্ত কৰাৰ চেষ্টা কৰাৰ সময়তে পেচ বলাৰগৰাকীয়ে বাঁও হাতত আঘাত পায়৷ লগে লগে অনুশীলনস্থলীতে অর্শদীপৰ আঘাতৰ পৰীক্ষা কৰি প্রাথমিক চিকিৎসা প্রদান কৰে চিকিৎসকৰ দলে৷ অৱশ্যে এইপর্যন্ত অর্শদীপৰ আঘাত কিমান গুৰুতৰ, সেই সন্দর্ভত কোনো তথ্য পোহৰলৈ অহা নাই৷