নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত তাই আহোম ছাত্ৰ সন্থাৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ১৯ জুলাই : ঢকুৱাখনা আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ, অসমৰ সহযোগত ঢকুৱাখনা নগৰস্থিত গণেশ গগৈ ৰাজহুৱা প্ৰেক্ষাগৃহত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰা আৰু অন্যান্য ক্ষেত্ৰত সফলতা অৰ্জন কৰা কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ, অসমৰ সভাপতি জীতেন গগৈ আৰু ঢকুৱাখনা আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি ডেভিড চাংমায়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা সম্বৰ্ধনা অনুষ্ঠানটি উদ্বোধন কৰে ঢকুৱাখনা সমজিলাৰ আয়ুক্ত কাৰ্তিক কলিতাই।

উদ্বোধনী ভাষণত আয়ুক্তগৰাকীয়ে সু-শিক্ষাৰে শিক্ষিত হৈ ছাত্র-ছাত্ৰীসকলে কৰ্মসংস্থাপনত আত্মনিয়োগ হোৱাৰ সমান্তৰালভাৱে সাহিত্য-সংস্কৃতি বিকাশৰ দিশতো মনোনিৱেশ কৰা উচিত বুলি মন্তব্য কৰি কৃতী শিক্ষাৰ্থীসকলক গুণগত শিক্ষা আৰু দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি জীৱনটো আগুৱাই নিবলৈ আহ্বান জনায় । তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ, অসমৰ কাৰ্যকৰী সভাপতি দেৱেন গগৈয়ে আদৰণী ভাষণ প্ৰদান কৰা আৰু সম্পাদক অৰুণ চমুৱাই আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক অচ্যুত বৰগোহাঁয়ে। মুখ্য অতিথিৰ ভাষণত ছাত্ৰ নেতাগৰাকীয়ে কয় যে কৃতী শিক্ষাৰ্থীসকলে গুণগত শিক্ষা আৰু দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি জীৱনটো আগুৱাই নিব লাগিব। স্বকীয় জাতিসত্তা জীয়াই ৰখাৰ স্বাৰ্থত মেধাৱী শিক্ষাৰ্থীসকলে সদায় অহোপুৰুষাৰ্থ কৰি নতুন প্ৰজন্মৰ মাজত কৰ্মসংস্কৃতি সৃষ্টি কৰিব লাগিব বুলি উল্লেখ কৰে। তেওঁ লগতে ছাত্র-ছাত্ৰীসকলে সুখ্যাতিৰে পৰীক্ষাসমূহত উত্তীৰ্ণ হৈ কেৱল চাকৰিমুখী হোৱাৰ মানসিকতা পৰিহাৰ কৰি জাতি, সমাজৰ উন্নয়নৰ বাবে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়।

সম্বৰ্ধনা অনুষ্ঠানত বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° গৰ্কী বৰগোহাঁয়ে নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰি কয় যে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাৰ ফলাফলৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ ভৱিষ্যত কাৰ্যপন্থা নিৰ্ণয় কৰে ৷ কৰ্তব্যৰ প্ৰতি একনিষ্ঠ সততা আৰু লক্ষ্য স্থিৰ কৰি আগবাঢ়ি গ’লে সুন্দৰ ভৱিষ্যত গঢ়িব পাৰি বুলি মন্তব্য কৰি তাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বক বিশেষ শৈক্ষিক সজাগতা সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আগভাগ ল’বলৈ আহ্বান জনায়।

সম্বৰ্ধনা অনুষ্ঠানত ঢকুৱাখনা পৌৰসভাৰ পৌৰপতি ৰাজীৱ দাস, শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনাৰ প্ৰধান আচাৰ্য বৰ্ণালী দেৱী, সমাজকৰ্মী প্ৰদীপ চমুৱাই কৃতী শিক্ষাৰ্থীসকলক উদ্দেশ্যি গঠনমূলক ভাষণ আগবঢ়ায়। অনুষ্ঠানত চলিত বৰ্ষত ঢকুৱাখনা সমজিলাৰ পৰা তাই আহোম জনগোষ্ঠীৰ মাজত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৭০ৰো অধিক কৃতী ছাত্র-ছাত্ৰীক ফুলাম গামোচা, মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনা অনুষ্ঠানত সদৌ লখিমপুৰ জিলা তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি নোমল চেতিয়া, যুটীয়া সম্পাদক প্ৰাণজিৎ বৰুৱা, ঘিলামৰা আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি ভৱেশ বৰুৱাৰ লগতে অভিভাৱকসকল উপস্থিত থাকে।

You might also like