নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰমৰ বন্ধত কৃষিকৰ্মত ব্যস্ত কঁঠালগুৰিৰ মমতা-ৰাখী

🔹 অসুখীয়া পিতৃৰ সমস্ত দায়িত্ব কান্ধ পাতি ল’লে নগাঁৱৰ দুই বাই-ভনীয়ে
বিশেষ বাৰ্তা, ২০ জুলাই : নগাঁও জিলাৰ চাপানলাৰ দুগৰাকী ছাত্ৰী এতিয়া ব্যস্ত শালিধানৰ কঠীয়া ৰোপণত। দুয়োগৰাকী বাই-ভনী পথাৰত নামি কৃষিকাৰ্যৰ লগত জড়িত হৈ পৰিছে। মমতা আৰু ৰাখী নামৰ ছাত্ৰী দুগৰাকীয়ে গৰমৰ বন্ধত হাতত কোৰ লৈ মাটি চহোৱা বিষয়টো সকলোৰে বাবে চৰ্চাৰ বিষয় হৈ পৰিছে। ইয়াৰে মমতা খাৰিয়া দশম মানৰ আৰু ৰাখী খাৰিয়া অষ্টম শ্ৰেণীৰ ছাত্ৰী। দুয়ো স্থানীয় উদমাৰী হাইস্কুলত অধ্যয়ন কৰি আছে।
এতিয়া শিক্ষানুষ্ঠানসমূহৰ গ্ৰীষ্মকালীন বন্ধ চলি আছে। সাধাৰণতে এই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলে আত্মীয়-কুটুম, বিভিন্ন পৰ্যটনস্থলী আদিত ফুৰিবলৈ যায়। এই সময়ছোৱা তেওঁলোকৰ বাবে স্মৰণীয় সময়। কিন্তু ফুৰিবলৈ এই দুগৰাকী ছাত্ৰীৰো আছে অদম্য হেঁপাহ। পিছে পৰিস্থিতিৰ তাগিদা, পৰিয়ালৰ জীৱন নিৰ্বাহৰ বাবেই মমতা আৰু ৰাখীয়ে বিদ্যালয়ৰ গৰমৰ বন্ধৰ সময়খিনিতো এতিয়া খেতিপথাৰত ব্যস্ত। দৰিদ্ৰ পৰিয়ালৰ এই দুগৰাকী ছাত্ৰীৰ ওচৰত মাটি চহাবলৈ আন লোকৰ দৰে নাই উপযুক্ত সুবিধা । সেয়ে তেওঁলোকে হাতত দুখন কোৰ লৈ শালিধানৰ কঠীয়া ৰোপণৰ বাবে মাটি চহাব লগা হৈছে। আনকি তেওঁলোকে নিজে কঠীয়া তুলি ৰোপণ কৰিছে। সমান্তৰালভাৱে দুই বাই-ভনীয়ে অধ্যয়নো অব্যাহত ৰাখিছে। তেওঁলোকৰ পিতৃ অসুখীয়া। মাতৃও কিছু অসুখীয়া।  ছাত্রী দুগৰাকীৰ আছে এগৰাকী ভগ্নী। পিতৃ অসুখীয়া বাবেই তেওঁলোকে এই দায়িত্ব মূৰ পাতি ল’ব লগা হৈছে। প্ৰায় দহ বিঘা মাটিত ছাত্ৰী দুগৰাকীয়ে অকলশৰীয়াকৈ শালিধানৰ খেতি কৰে।
সংবাদ মাধ্যমৰ আগত ছাত্ৰী দুগৰাকীয়ে কয়- আমাৰ দেউতাৰ অসুখ। সেইবাবেই আমি এই কাম কৰিবলগীয়া হৈছে। কেইবাবছৰ ধৰি আমি এই কাম কৰি আহিছোঁ। এই সময়ত আমাৰো ফুৰিবলৈ মন যায়। কিন্তু ঘৰ কোনে চলাব? সেয়ে আমি খেতি কৰিবলগীয়া হৈছে। তেওঁলোকে জানিবলৈ দিয়ে যে কোনো চৰকাৰী সাহায্য তেওঁলোকে পোৱা নাই। আনকি পি এম কিষাণ নিধিৰ সাহায্যও পোৱা নাই। উল্লেখ্য যে গাঁওখনৰ কোনো কৃষকে পি এম কিষাণ নিধিৰ সাহায্য পোৱা নাই। এই দৰিদ্ৰ পৰিয়ালটোৰ দুগৰাকী বাই-ভনীয়ে হাতত কোৰ লৈ খেতি কৰা দৃশ্য প্ৰত্যক্ষ কৰি ক্ষণিকৰ বাবে হ’লেও সেইফালে যোৱা বাটৰুৱাক চিন্তিত কৰি তোলে।
প্ৰেৰক কনক হাজৰিকা
You might also like