নিয়মীয়া বাৰ্তা, ২০ জুলাই : পশ্চিম অসমৰ ধুবুৰী জিলাৰ ঐতিহ্যমণ্ডিত বিলাসীপাৰা মহকুমা সদৰ চহৰখন সম্প্ৰতি জুৱাৰীৰ বাবে ৰম্যভূমিত পৰিণত হৈছে। পিছে এই ক্ষেত্ৰত আৰক্ষী-প্ৰশাসনে নীৰৱ ভূমিকা লৈ প্ৰকাৰান্তৰে হাত উজানহে দিছে। এই সন্দৰ্ভত ‘নিয়মীয়া বাৰ্তা’ত বাতৰি প্ৰকাশ হোৱাৰ পিছতো অব্যাহত আছে তীৰ মাফিয়াৰ দৌৰাত্ম্য। স্থানীয় আৰক্ষী প্ৰশাসনে সৰ্বনাশী জুৱাৰ মাফিয়াসকলৰ বিৰুদ্ধে আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ সচেতন মহলে অভিযোগ উত্থাপন কৰিছে।
উত্থাপিত অভিযোগ অনুসৰি, তীৰ মাফিয়াসকলে চহৰখনৰ অলিয়ে-গলিয়ে নিৰ্বিঘ্নে চলাইছে জুৱাৰ ৰমৰমীয়া ব্যৱসায়। ফলত বিনষ্ট হ’ব ধৰিছে সামাজিক, শৈক্ষিক পৰিৱেশ। এই অভিযোগ দীৰ্ঘদিনীয়া, পিছে আৰক্ষী-প্ৰশাসনে ইমানদিনে তীৰৰ জুৱা স্থায়ীভাৱে বন্ধ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । ফলত চহৰখনৰ পুৰণি বজাৰ, বানিয়াপাৰা, চাচাপাৰা, থানামোৰ, পাণবজাৰ আদিৰ লগতে বিভিন্ন অলি-গলিত এইবিধ জুৱাৰ টিকট সহজলভ্য হৈ পৰিছে । তীৰ খেলৰ মালিকপক্ষই কমিছনৰ অংকত কেইবাজনো এজেন্ট নিয়োগ কৰি বিনাদ্বিধাই টিকটসমূহ বিক্ৰী কৰি আহিছে। এজেন্টসকলেও অধিক মুনাফাৰ আশাত দিনটোৰ ভিতৰতে ধনৱান হোৱাৰ সপোন দেখুৱাই টিকটসমূহ মুকলিকৈ বিক্ৰী কৰি আহিছে। অকল এয়াই নহয়, হোৱাটছ এপৰ যোগেদিয়েও এইবিধ জুৱাৰ টিকট বিক্ৰী কৰি আহিছে। ফলত বিশেষকৈ খাটি খোৱা লোকৰ লগতে নৱপ্ৰজন্মক এইবিধ জুৱাৰ প্ৰতি সহজতে আকৰ্ষিত কৰি তুলিছে।
সহজ ধনৰ আশাত তীৰ খেলৰ টিকট ক্ৰয় কৰি অঞ্চলটোৰ খাটি খোৱা লোক স্বৰ্বস্বান্ত হ’বলৈ ধৰিছে। ঠিক তেনেদৰে একাংশ নৱপ্ৰজন্মও ধ্বংসৰ পথলৈ আগবাঢ়িছে। ইয়াৰ বিপৰীতে তীৰ মাফিয়াসকলে অভিজাত জীৱন অতিবাহিত কৰিবলৈ লৈছে। আৰক্ষীয়ে এনে সৰ্বনাশী জুৱাৰ মালিকপক্ষৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত আছে।
জানিব পৰা মতে, চহৰখনত কেইবাটাও তীৰ খেলৰ ঘাটি সক্ৰিয় হৈ আছে। অবশ্যে সময়ে সময়ে আৰক্ষীয়ে তীৰ খেলৰ বিৰুদ্ধে অভিযান চলাই কেইজনমান এজেণ্টক আটক কৰিছিল যদিও সম্প্ৰতি সেয়াও বন্ধ কৰি জুৱাৰীসকলক উৎসাহিত কৰাৰ অভিযোগ উঠিছে। যিটো সময়ত ৰাজ্য চৰকাৰে জুৱাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে, তেনে সময়তে বিলাসীপাৰাত তীৰ মাফিয়াসকলে কিদৰে জুৱাৰ ৰমৰমীয়া ব্যৱসায় চলাই গৈছে, সেয়া ৰহস্যৰ আৱৰ্তত। এই সন্দৰ্ভত সৰ্বনাশী তীৰ জুৱাৰ বিৰুদ্ধে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে সচেতন মহলে নৱনিযুক্ত আৰক্ষী অধীক্ষকৰ লগতে ৰাজ্য চৰকাৰৰ প্ৰত্যক্ষ হস্তক্ষেপ কামনা কৰিছে।
প্ৰেৰক সমৰেশ শীল শৰ্মা