নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত মষ্ট ৱান্টেড ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত

নিয়মীয়া বাৰ্তা,  ২০ জুলাই : বিলাসীপাৰা আৰু চাপৰৰ বিভিন্ন প্ৰান্তত নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰি আৰক্ষীৰ মষ্ট ৱান্টেড হৈ পৰা ছফিয়ৰ আজি হাতে-লোটে ধৰা পৰে। আৰক্ষী সূত্ৰে জানিব পৰা মতে, ধৃত যুৱকজনে বিলাসীপাৰা আৰু চাপৰৰ বিভিন্ন প্ৰান্তত বিভিন্ন কৌশলেৰে নিষিদ্ধ ড্ৰাগছ, নিচাযুক্ত টেবলেট আদি সৰবৰাহ কৰি আহিছে। দীৰ্ঘদিনৰে পৰা এই ব্যৱসায় চলাই আৰক্ষীৰ মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছিল। আজি বিলাসীপাৰা সমজিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চাপৰ আৰক্ষীয়ে পাতি থোৱা জালত ভৰি দি ধৰা পৰে যুৱকজন। চিৰাকুটাত ধৰা পৰা ছফিয়ৰ ৰহমান কাজাইকাটা দ্বিতীয় খণ্ড গাঁৱৰ বুলি জানিব পৰা গৈছে। সৰবৰাহকাৰীজনৰ পৰা আৰক্ষীয়ে এ এছ-১৭ এন-৮২৮০ নম্বৰৰ মটৰচাইকেল, এটা মোবাইল ফোন আৰু ২৯০টাকৈ নিচাজাতীয় টেবলেট জব্দ কৰে। ধৃত সৰবৰাহকাৰীজনক আৰক্ষীয়ে জে’ললৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।
প্ৰেৰক সমৰেশ শীল শৰ্মা
You might also like