নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিলিটাৰ গাখীৰত ৫ টকাকৈ ৰাজসাহায্য ২০ হাজাৰ দুগ্ধপালকক

🔹 পূৰবী ডেইৰীৰ উদ্যোগ সম্প্রসাৰণৰ ভূমি পূজন মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ২১ জুলাই : অসমৰ দুগ্ধ উৎপাদকক আর্থিকভাৱে স্বনির্ভৰ কৰি ৰাজ্যখনত শ্বেত বিপ্লৱ গঢ়ি তোলাৰ পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০ জুলাইত গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যৰ দুগ্ধ উৎপাদকসকলক প্রতিলিটাৰ গাখীৰত ৫ টকাকৈ ৰাজসাহায্য প্রদানৰ আঁচনিখনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ সংগঠিত দুগ্ধ প্রক্রিয়াকৰণ প্রকল্পত গাখীৰ যোগান ধৰা উৎপাদকসকলকহে সামৰি লোৱা এই আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ ৬০১খন দুগ্ধ সমবায় সমিতিৰ ২০ সহস্রাধিক দুগ্ধ উৎপাদক উপকৃত হ’ব৷ ২০২৫–২৬ বিত্তীয় বর্ষত এই আঁচনিখনৰ বাবে ১০ কোটি টকা ধার্য কৰা হৈছে৷

এই উপলক্ষে প্রদান কৰা ভাষণত অসমত দৈনিক গাখীৰৰ উৎপাদন ১০ লাখ লিটাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গুজৰাটত প্রতিদিনে ১.৫ কোটি লিটাৰতকৈও অধিক গাখীৰ উৎপাদন হয় আৰু আমূলকে ধৰি বিভিন্ন সংসাধন উদ্যোগৰ জৰিয়তে এই দুগ্ধ বজাৰলৈ আহে৷ তেনেদৰে কর্ণাটকত প্রতিদিনে ৮০ লাখ লিটাৰতকৈও অধিক গাখীৰ উৎপাদন হয়৷ নন্দিনী নামৰ এটা ব্রেণ্ডৰ জৰিয়তে ৰাজ্যখনৰ এই গাখীৰ বিপণন হয়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমত গাখীৰৰ এখন বৃহৎ বজাৰ আছে আৰু প্রতিদিনে ৰাজ্যত প্রায় ২৯ লাখ লিটাৰ গাখীৰ উৎপাদন হয়৷ ইয়াৰ বিপৰীতে পূৰবী আৰু সীতাজখলা সমবায় সমিতিৰ জৰিয়তে মাত্র ১ লাখ লিটাৰ গাখীৰহে সংসাধন হৈ বজাৰলৈ আহে৷ ইয়াৰ পৰিপ্রেক্ষিততে ৰাজ্য চৰকাৰে সংসাধন হোৱা গাখীৰৰ পৰিমাণ প্রতিদিনে ১০ লাখ লিটাৰলৈকে বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে এই লক্ষ্য পূৰণৰ অর্থে সংসাধন সামর্থ্য বৃদ্ধিৰ লগতে দুগ্ধ উৎপাদকসকলকো উৎসাহিত কৰাৰ প্রয়োজনীয়তা আছে, যাতে তেওঁলোকে অধিক গাখীৰ সমবায় সমিতিসমূহক যোগান ধৰাৰ বাবে আগ্রহী হৈ উঠে৷

কালি শুভাৰম্ভ কৰা এই আঁচনিৰ জৰিয়তে ৬০১খন দুগ্ধ সমবায় সমিতিৰ ২০ সহস্রাধিক দুগ্ধ উৎপাদকে প্রতিলিটাৰ গাখীৰৰ বাবদ ৫ টকাকৈ সর্বাধিক ৩০ লিটাৰ গাখীৰলৈকে এই ৰাজসাহায্য লাভ কৰিব৷ পৰৱর্তী সময়ত আঁচনিখনৰ সফলতালৈ দৃষ্টি ৰাখি ৰাজসাহায্য প্রদানৰ বাবে ধার্য কৰা গাখীৰৰ সর্বোচ্চ পৰিমাণ বৃদ্ধি কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে৷ বিগত বর্ষত পূৰবী ডেইৰীৰ সংসাধন ক্ষমতা ৬০ হাজাৰ লিটাৰৰ পৰা ১.৫ লাখ লিটাৰলৈ অসম চৰকাৰৰ আর্থিক সাহায্যৰে বৃদ্ধি কৰা হৈছিল বুলি ভাষণত উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এডভাণ্টেজ আছাম–২.০ সন্মিলনত আমূল আৰু নেচনেল ডেইৰী ডেভেলপমেণ্ট ব’ৰ্ডৰ সৈতে অসম চৰকাৰৰ দুখন চুক্তি স্বাক্ষৰিত হৈছিল৷ এই চুক্তিৰ আধাৰত আমূলে গুৱাহাটীৰ সমীপৱর্তী ৰাণীত দৈনিক ১ লাখ লিটাৰ গাখীৰ সংসাধন সামর্থ্যৰ এটা প্রকল্প স্থাপন আৰু নেচনেল ডেইৰী ডেভেলপমেণ্ট ব’র্ডে পূৰবী ডেইৰীৰ উৎপাদন ক্ষমতা ৩ লাখ লিটাৰলৈ বৃদ্ধিৰ পদক্ষেপ গ্রহণ কৰিছে৷ কন্যকাতো ২৫ হাজাৰ লিটাৰ গাখীৰ সংসাধন সামর্থ্যৰ এটা প্রকল্পৰ কাম শীঘ্রে সমাপ্ত হ’ব৷ সীতাজখলা দুগ্ধ সমবায় সমিতিয়েও অনুৰূপ পদক্ষেপ হাতত লৈছে৷ নেচনেল ডেইৰী ডেভেলপমেণ্ট ব’ৰ্ডৰ সৈতে হোৱা বুজাবুজি চুক্তিৰ আধাৰত নর্থ-ইষ্ট ডেইৰী ফুড লিমিটেড নামৰ এটা যুটীয়া প্রতিষ্ঠান ইতিমধ্যে গঠন কৰা হৈছে৷ শিলচৰত থকা ৫ হাজাৰ লিটাৰ ক্ষমতাসম্পন্ন দুগ্ধ সংসাধন প্রকল্পটো এই যুটীয়া প্রতিষ্ঠানটোক হস্তান্তৰ কৰা হৈছে৷ ইয়াৰ উপৰি নলবাৰী, বৰপেটা আৰু বজালীত দৈনিক মুঠ ২০ হাজাৰ লিটাৰ দুগ্ধ সংসাধন প্রকল্প আৰম্ভ কৰা হৈছে বুলি সদৰী কৰি তেওঁ কয় যে ধেমাজি, ডিব্রুগড়, যোৰহাট আৰু বোকাখাতত ৫ হাজাৰ লিটাৰকৈ সংসাধন সামর্থ্যৰ তিনিওটা প্রকল্প নর্থ-ইষ্ট ডেইৰী ফুড লিমিটেডলৈ হস্তান্তৰ কৰা হৈছে৷ পৰৱর্তী পর্যায়ত ৰাজ্য চৰকাৰৰ সহযোগত নর্থ–ইষ্ট ডেইৰী ফুড লিমিটেডে ধেমাজি, যোৰহাট আৰু ডিব্রুগডত দৈনিক ১ লাখ লিটাৰকৈ সংসাধন কৰিব পৰা প্রকল্প নির্মাণত অসম চৰকাৰে মঞ্জুৰি দিছে৷ এই দুগ্ধ সংসাধন প্রকল্পসমূহক দৈনিক যথেষ্ট পৰিমাণে গাখীৰৰ প্রয়োজন হ’ব৷ ইয়াৰ পৰিপ্রেক্ষিততে ৰাজ্য চৰকাৰে অসমৰ ৪ হাজাৰখন গাঁৱত দুগ্ধ সমবায় সমিতি গঠনত গুৰুত্ব আৰোপ কৰিছে৷ এই দুগ্ধ সমবায় সমিতিসমূহৰ জৰিয়তে ২০৩০ চনৰ ভিতৰত দৈনিক ১০ লাখ লিটাৰ গাখীৰ সংসাধনৰ লক্ষ্য লোৱা হৈছে৷ এই পদক্ষেপৰ আধাৰত অসমে উত্তৰ–পূর্বাঞ্চল বা অন্যান্য ৰাজ্যৰ বজাৰলৈও সংসাধন হোৱা গাখীৰ ৰপ্তানি কৰিবলৈ সমর্থ হ’ব পাৰিব৷

কালি শুভাৰম্ভ কৰা আঁচনিখনৰ জৰিয়তে দুগ্ধ উৎপাদকসকলক প্রতিমাহৰ এটা নির্দিষ্ট দিনত নিজ নিজ একাউণ্টত ৰাজসাহায্যৰ ধন প্রদান কৰা হ’ব৷ ৰাজ্যত গঠন হ’বলগীয়া ৪ হাজাৰখন দুগ্ধ সমবায় সমিতিক খীৰতী গাই ক্রয়ৰ বাবে প্রথম অৱস্থাত পুঁজি যোগান ধৰাৰো পৰিকল্পনা আছে বুলি মন্তব্য কৰি তেওঁ কয় যে ৰাজ্যত দুগ্ধ উৎপাদন বৃদ্ধিয়ে সমাজৰ শেষৰ শাৰীৰ ব্যক্তিগৰাকীকো উপকৃত কৰিবলৈ সমর্থ হয়৷ মাছ উৎপাদনৰ দিশেৰে অসমে আজি স্বাৱলম্বিতা অর্জন কৰিছে৷ আমাৰ লক্ষ্য গাহৰি মাংস আৰু দুগ্ধ উৎপাদনৰ ক্ষেত্রতো যিমানদূৰ সম্ভৱ শীঘ্রে স্বাৱলম্বী হোৱা৷ দুগ্ধ সমবায় সমিতিসমূহে মৌ মাখি পালন, গৰুৰ গোবৰৰ পৰা জৈৱ গেছ, জৈৱ চিএনজি উৎপাদনৰ দৰে আর্থিক উৎপাদন বৃদ্ধিৰ অন্যান্য পদক্ষেপ গ্রহণ কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে৷

মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনত গাখীৰৰ উৎপাদন বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে লিংগ–নির্ধাৰিত শুক্র আঁচনি কার্যকৰীকৰণৰ জৰিয়তে ২০২২–২৩ বিত্তীয় বর্ষৰ পৰা ২০২৪–২৫লৈ ২.১৬ লাখ পালি হিমায়িত শুক্র ক্রয় কৰিছে৷ এই আঁচনিৰ অধীনত বর্তমানলৈ ২৭,৭৪৮টা চেউৰীয়ে জন্মলাভ কৰিছে৷ গিৰ গাই আৰু ৰাজ্যৰ থলুৱা লখিমী গৰুৰ মাজত প্রজননৰ জৰিয়তে অধিক গাখীৰ দিব পৰা গৰুৰ প্রজাতি এটা সৃষ্টিৰ প্রয়াস কৰা হৈছে৷ গাখীৰৰ গুণগত মান সুনিশ্চিত কৰাৰ বাবে দুগ্ধ উন্নয়ন বিভাগে ৫টা সুকীয়া স্থানত দুগ্ধ পৰীক্ষাগাৰৰ আন্তঃগাঁথনি স্থাপন কৰিছে৷ অসমত দুগ্ধ বিপ্লৱ সূচনা কৰাৰ যথেষ্ট সমল আছে আৰু এই দিশত বিজ্ঞানী সমাজৰ পৰা দুগ্ধ উৎপাদকলৈ আৰু সমবায় সমিতিৰ পৰা গো–পালকলৈ সকলোৱে মিলি এটা পৰিৱেশ গঢ়ি তুলিব লাগিব৷ প্রথমবাৰৰ বাবে দুগ্ধ উৎপাদকসকলৰ বিষয়ে চৰকাৰীভাৱে চিন্তা কৰা হৈছে আৰু দুগ্ধপালকসকলক অসমৰ অর্থনীতিৰ এক অন্যতম শক্তি হিচাপে ৰাজ্য চৰকাৰে গণ্য কৰিছে৷ তেওঁ কয়– কেন্দ্রীয় চৰকাৰে সমবায় মন্ত্রালয় নামৰ এটা নতুন মন্ত্রালয় গঠন কৰিছে আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই মন্ত্রালয়ৰ দায়িত্ব গ্রহণ কৰাৰ পিছত বহু উৎপাদিত সামগ্রী সমবায় সমিতিসমূহৰ জৰিয়তে বিশ্বৰ বজাৰলৈ লৈ যোৱাৰ প্রচেষ্টা আৰম্ভ কৰা হৈছে৷

ইয়াৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই কালি গুৱাহাটীৰ পাঞ্জাবাৰীত পূৰবী ডেইৰীৰ সম্প্রসাৰণ প্রকল্পৰ ভূমিপূজন কৰে৷ সর্বমুঠ ১০৪.৫৫ কোটি টকা ব্যয়সাপেক্ষ এই সম্প্রসাৰণ পদক্ষেপৰ অধীনত পূৰবী ডেইৰীৰ উৎপাদন ক্ষমতা দৈনিক ১.৫ লাখ লিটাৰৰ পৰা ৩ লাখ লিটাৰলৈ বৃদ্ধি পাব৷ এই অনুষ্ঠানত সমবায় আদি বিভাগৰ মন্ত্রী যোগেন মহন, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্রী কৃষ্ণেন্দু পালৰ উপৰি মুখ্য সচিব ড০ ৰবি কোটা, নেচনেল ডেইৰী ডেভেলপমেণ্ট ব’ৰ্ডৰ অধ্যক্ষ ড০ এম শ্বাহ, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্নন, সমবায় বিভাগৰ সচিব অনন্তলাল জ্ঞানীকে ধৰি কেইবাগৰাকীও শীর্ষ বিষয়া তথা গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

You might also like