নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় ইণ্ডিয়ান মিলিটেৰী কলেজত নামভর্তিৰ সুযোগ লাভ কৃস্পিতা প্রধানৰ

🔹 ৰাজ্যৰ ভিতৰতে প্রথম ওদালগুৰিৰ মেধাৱী ছাত্রী

বিশেষ বার্তা, ২১ জুলাই : ৰাজ্য তথা ওদালগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে কৃস্পিতা প্রধানে৷ অসমৰ প্রথমগৰাকী ছাত্রী হিচাপে ডেৰাডুনস্থিত ৰাষ্ট্রীয় ইণ্ডিয়ান মিলিটেৰী মহাবিদ্যালয়ত নামভর্তিৰ সুযোগ পালে মেধাৱী ছাত্রী কৃস্পিতা প্রধানে৷

ওদালগুৰি চহৰৰ অম্বিকাগিৰি পথৰ ভীম প্রধান আৰু প্রণীতা নেৱাৰৰ কন্যা কৃস্পিতাৰ এনে সাফল্যত সকলোৱে গৌৰৱ কৰিছে৷ ওদালগুৰিৰ মহর্ষি বিদ্যালয়ৰ অষ্টম শ্রেণীৰ ছাত্রী কৃস্পিতাৰ এয়া আছিল দ্বিতীয় প্রচেষ্টা৷ প্রথমবাৰ সফল নোহোৱাত পুনৰ দ্বিতীয়বাৰৰ বাবে ২০২৪ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত বাছনি পৰীক্ষাত অৱতীর্ণ হৈ সফলতা লাভ কৰিলে কৃস্পিতাই৷ সফলতাৰ পাছত সাংবাদিকৰ আগত ছাত্রীগৰাকীয়ে কয়– যেতিয়া আইএমচিৰ বাছনি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল, তেতিয়া মই উত্তীর্ণ হোৱাৰ খবৰটোৱে মোক বহুত আনন্দ দিছিল৷ ইয়াৰ পাছত মই মোৰ দেউতাক পৰৱর্তী পদক্ষেপ সন্দর্ভত সোধাত তেওঁ মেডিকেল পৰীক্ষাত অৱতীর্ণ হ’ব লাগিব বুলি জানিবলৈ দিয়ে৷ পৰৱর্তী সময়ত মই মেডিকেল পৰীক্ষাৰ প্রস্তুতি সম্পন্ন কৰি উত্তীর্ণ হোৱাত যথেষ্ট আনন্দ পাইছিলোঁ৷ আনকি আনন্দত চকুলো নিগৰাৰ কথাও উল্লেখ কৰি ভৱিষ্যতে এগৰাকী সেনা বিষয়া হৈ দেশমাতৃৰ বাবে সেৱা আগবঢ়োৱাৰ কথা প্রকাশ কৰে৷

ইফালে, জীয়ৰীৰ এনে সাফল্যত উৎফুল্ল হৈ পৰে ছাত্রীগৰাকীৰ পিতৃ–মাতৃ৷ পিতৃ ভীম প্রধানে কয়– সফলতা লাভৰ ক্ষেত্রত কৃস্পিতাই যথেষ্ট কষ্ট কৰিছে৷ এখন ইমান উচ্চ শিক্ষাৰ প্রতিষ্ঠানত নামভর্তিৰ সুযোগ লাভ কৰাৰ বাবে আমি নেদেখাজনক ধন্যবাদ জনাইছোঁ ৷ অহা ২৬ জুলাইত ৯.৩০ বজাত নামভর্তি হ’বলগীয়া কৃস্পিতাৰ পৰিয়ালে ২৩ জুলাইত ডেৰাডুনলৈ ৰাওনা হ’ব৷ ছাত্রী হিচাপে অসমৰ ভিতৰত প্রথম নামভর্তিৰ সুযোগ লাভ কৰা কৃস্পিতাক বিটিআৰপ্রধান প্রমোদ বড়ো, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, ওদালগুৰি জিলা ছাত্র সন্থাৰ সভাপতি বিতোপন দাস, ওদালগুৰি প্রেছ ক্লাবৰ সভাপতি গুণজিৎ দাস, সম্পাদক অখিল কলিতাৰ লগতে বিভিন্ন দল–সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে৷

You might also like