নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢাকাত বিদ্যালয়ৰ ওপৰত ভাঙি পৰিল বায়ুসেনাৰ জেট বিমান

🔹 বাংলাদেশত ভয়াৱহ বিমান দুৰ্ঘটনাত নিহত ১, আহত ৪

নিউজ ডেস্ক, ২১ জুলাই : বাংলাদেশৰ ঢাকাত আজি এক ভয়ানক বিমান দুৰ্ঘটনাই জোকাৰি গৈছে দেশখনক। শিক্ষাৰ্থী উপস্থিত থকা এখন বিদ্যালয়ৰ ওপৰত ভাঙি পৰে বাংলাদেশ বায়ুসেনাৰ এখন প্ৰশিক্ষণত ব্যৱহাৰ কৰা বিমান।

ঢাকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ গাতে লাগি থকা উত্তৰাৰ দিয়াবাৰীত বাংলাদেশ বায়ুসেনাৰ প্ৰশিক্ষণত ব্যৱহৃত এফ-৭ যুদ্ধ বিমান এখন দুৰ্ঘটনাগ্ৰস্ত হয়। আজি দিনৰ প্ৰায় ১:৩০ বজাত উত্তৰাস্থিত মাইলষ্টোন স্কুল এণ্ড কলেজৰ এটা অট্টালিকাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়, য’ত বহুকেইগৰাকী শিক্ষাৰ্থী উপস্থিত আছিল। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে বিমানখন জুয়ে আগুৰি ধৰে। ভিডিঅ’ ফুটেজত দেখা গৈছে যে দুৰ্ঘটনাস্থলীৰ পৰা জুই আৰু ধোঁৱা ওলাই আছে। এই ঘটনাত জুই নিয়ন্ত্ৰণৰ বাবে প্ৰায় ৮খন অগ্নিনিৰ্বাপক বাহিনীৰ বিমান মোতায়েন কৰে। এই ভয়ংকৰ দুৰ্ঘটনাত এজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোৱে আহমেদাবাদত সংঘটিত এয়াৰ ইণ্ডিয়াৰ ভয়াৱহ বিমান দুৰ্ঘটনাৰ ভয়াৱহ স্মৃতি ঘূৰাই আনিছে।

বাংলাদেশ সেনাৰ জনসংযোগ কাৰ্যালয়ে এক চমু বিবৃতিত নিশ্চিত কৰিছে যে ডাউনড এফ-৭ বিজিআই বিমানখন বাংলাদেশ বায়ুসেনাৰ। তদুপৰি অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই জনায় যে এই ভয়াৱহ বিমান দুৰ্ঘটনাত কমেও এজন লোকৰ মৃত্যু হৈছে আৰু আন চাৰিজন আহত হৈছে। অৱশ্যে তেওঁ সবিশেষ জনোৱাৰ পৰা বিৰত থাকে।

ভয়াৱহ এই বিমান দুৰ্ঘটনাটো কেনেকৈ কি কাৰণত সংঘটিত হ’ল, বাতৰি লিখা পৰলৈ জানিব পৰা হোৱা নাই।

You might also like