নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাজাত যুদ্ধ অপৰাধ

মৃত্যুপুৰী গাজাত যুদ্ধৰ নৃশংসতাই সকলো নজিৰ ভংগ কৰিছে৷ ইজৰাইলৰ ভয়াৱহ আক্রমণত বিবদমান এই ভূখণ্ডত প্রতিদিনে পাইকাৰী হাৰত মৃত্যু হৈছে নিৰীহ পেলেষ্টাইনী লোকৰ৷ বোমা–ক্ষেপণাস্ত্রৰ আঘাতৰ পৰা প্রাণটো হাতৰ মুঠিত লৈ পলায়ন কৰিব বিচৰা লোকসকলৰ ওপৰতো নির্বিচাৰ গুলীচালনা কৰা হৈছে৷ পৰিণতিত ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হোৱা গাজা হৈ পৰিছে অসামৰিক পেলেষ্টাইনী লোকসকলৰ বধ্যভূমি৷ ২০২৩ চনৰ অক্টোবৰ মাহত ইজৰাইলত প্রৱেশ কৰি পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছে চলোৱা হত্যা আৰু অপহৰণৰ পিছতে গাজাৰ পৰা হামাছক উৎখাত কৰাৰ সংকল্পৰে সামৰিক অভিযান আৰম্ভ কৰিছিল ইজৰাইলে৷ কিন্তু হামাছক উৎখাত কৰাৰ নামত ইজৰাইলী সেনাই গাজাত পেলেষ্টাইনী জনতাৰ অস্তিত্বক চিৰদিনৰ বাবে মচি পেলাবলৈ অতি পাশৱিক আক্রমণ আৰম্ভ কৰে৷ সেই আক্রমণ আজিও অব্যাহত আছে৷ ৰাষ্ট্রসংঘকে ধৰি বিভিন্ন আন্তর্জাতিক সংস্থা তথা মানৱাধিকাৰ সংগঠনসমূহে ইজৰাইলৰ এই হিংস্র আক্রমণক গৰিহণা দি আহিছে৷ কিন্তু এই পাশৱিক অভিযান বন্ধ কৰিবলৈ ইজৰাইলক বাধ্য কৰাব পৰা নাই৷ ইজৰাইলৰ অভিযানত হামাছৰ কেইবাগৰাকীও শীর্ষনেতা নিঃশেষ হৈছে ঠিকেই কিন্তু পেলেষ্টাইনীৰ বিৰুদ্ধে যি গণহত্যা চলোৱা হৈছে, তাৰ বাবে ইজৰাইল কিয় যুদ্ধ অপৰাধ, মানৱাধিকাৰ উলংঘনত অভিযুক্ত নহ’ব? এনে বহু প্রশ্ণ আজি বিভিন্ন দেশে উত্থাপন কৰিছে৷ তথাপি নিজৰ স্থিতিৰ পৰা আঁতৰি অহা নাই ইজৰাইল৷ ইয়াৰ মূল কাৰণ হৈছে ইজৰাইলৰ প্রতি থকা আমেৰিকাৰ সমর্থন৷ ড’নাল্ড ট্রাম্পে আমেৰিকাৰ ৰাষ্ট্রপতিৰ পদত আৰোহণ কৰাৰ পিছতে পৰিস্থিতি অধিক জটিল হৈ পৰিছে৷ ট্রাম্প প্রশাসনে এফালে হামাছৰ সৈতে যুদ্ধবিৰতিৰ বাবে ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতানেহ্যুক বুজনি দিছে, আনহাতে আকৌ গাজাক পেলেষ্টাইনী বাসিন্দাসকলৰ দখলৰ পৰা মুক্ত কৰিবলৈ অভিযান তীব্রতৰ কৰাৰ নির্দেশ দিছে৷ আনকি গাজাৰ পৰা দুর্গত পেলেষ্টাইনী লোকসকলক অন্য স্থানলৈ নি সংস্থাপিত কৰাৰ বাবে ইজৰাইল চৰকাৰক সঘনে পৰামর্শ আগবঢ়াই আহিছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ আমেৰিকাৰ এই দ্বৈত স্থিতিৰ বাবে গাজাৰ পৰিস্থিতি আজি ভয়াৱহ৷ এক নৰকৰ বাসিন্দা হৈ পৰিছে গাজাৰ জনতা৷ যুদ্ধই উপহাৰ দিয়া এই নৰক আধুনিক মানৱ সভ্যতাৰ বাবে এক অভিশাপ৷ প্রায় বিশ লাখ পেলেষ্টাইনী লোকৰ বাসভূমি গাজা৷ ইজৰাইলে আক্রমণ আৰম্ভ কৰাৰ পিছৰে পৰা গাজাত ৫৫ সহস্রাধিক নিৰীহ লোকে প্রাণ হেৰুৱাইছে৷ আটাইতকৈ পৰিতাপৰ কথা হৈছে– প্রাণ হেৰুওৱা লোকসকলৰ গৰিষ্ঠসংখ্যকেই শিশু আৰু মহিলা৷ ইফালে, ইজৰাইলী সেনাৰ পাশৱিক আক্রমণত আহত হৈছে তিনি লক্ষাধিক লোক৷ আহত লোকসকলৰ প্রায় এক লাখ চিৰদিনৰ বাবে পংগু হৈ পৰা বুলি বিভিন্ন সংবাদ সংস্থাই দাবী কৰি আহিছে৷ ইফালে, যুদ্ধৰ হিংস্রতাই ধ্বংস কৰিছে গাজাৰ প্রায় ৮৫ শতাংশ বসতি অঞ্চল৷ বোমা–ক্ষেপণাস্ত্রৰে ধ্বংস কৰি দিয়া হৈছে বাসগৃহসমূহ৷ গৃহহীন লোকসকলে আশ্রয়স্থল হিচাপে ব্যৱহাৰ কৰা বিদ্যালয়সমূহ ধ্বংস কৰি দিয়া হৈছে৷ হিংস্রতাৰ পৰা ৰক্ষা পোৱা নাই হাস্পতাল তথা স্বাস্থ্যকেন্দ্রসমূহেও৷ আনকি হাস্পতালৰ ৰোগী, স্বাস্থ্যকর্মী কাকোৱেই ৰেহাই দিয়া হোৱা নাই৷
এনে পৰিস্থিতিত ইজৰাইলৰ যুদ্ধ অপৰাধ আৰু মানৱাধিকাৰ উলংঘনক লৈ শেহতীয়াকৈ সৰৱ হৈছে বিশ্বৰ চল্লিশখনতকৈ অধিক দেশ৷ জাপানসহ ইউৰোপ, এছিয়া, আফ্রিকাৰ বহু দেশে ইজৰাইলৰ এই হত্যালীলা শীঘ্রে বন্ধ হ’ব লাগে বুলি দাবী জনাইছে৷ অকল সেয়াই নহয়, মানৱতাৰ বিৰুদ্ধে ইজৰাইলে ভয়ংকৰ অপৰাধ সংঘটিত কৰা বুলি এই দেশসমূহে অভিযোগ তুলিছে৷ কিন্তু ইজৰাইলে এই অভিযোগ পূর্বৰ দৰে পুনৰ অস্বীকাৰ কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰাও অনুৰূপ অভিযোগ কৰা হৈছে৷ সংস্থাটোৱে অভিযোগ কৰা অনুসৰি, চিকিৎসাজাত আৰু অন্যান্য সাহায্য সামগ্রী ৰখা গুদামঘৰত ইজৰাইলে বোমাবর্ষণ কৰিছে৷ অকল সেয়াই নহয়, সংস্থাটোৰ কর্মীসকলক ইজৰাইলী সেনাই বন্দীও কৰিছে৷ শেহতীয়া এই বোমা বর্ষণত প্রাণ হেৰুৱাইছে ৩৩গৰাকী লোকে৷ কিমান হিংস্র হ’লে দুর্গত লোকৰ বাবে সাহায্য সামগ্রী ৰখা গুদামঘৰত ইজৰাইলী সেনাই বোমাবর্ষণ কৰিব পাৰে, কি ভয়ংকৰ মানসিকতা- সাহায্য সামগ্রী বিতৰণ কেন্দ্রতো ইজৰাইলী সেনাই নির্বিচাৰভাৱে গুলীচালনা কৰিছে৷ এই গুলীচালনাৰ ঘটনাত বিগত দুটা মাহত গাজাত নিহত হৈছে আঠ শতাধিক লোক৷ এনে হিংস্র আক্রমণৰ বাবে দুর্গত লোকসকলৰ মাজত সাহায্য বিতৰণৰ ক্ষেত্রত সৃষ্টি হৈছে সংকট৷ পৰিণতিত বুভুক্ষা আৰু অপুষ্টিৰ চিকাৰ হৈছে বহু শিশু৷ বিগত তিনিটা দিনত গাজাত অপুষ্টিৰ বাবে ২৫টি শিশুৱে প্রাণ হেৰুওৱা বুলি সংবাদ মাধ্যমক জনাইছে স্বাস্থ্য মন্ত্রালয়ে৷ আগন্তুক এসপ্তাহৰ ভিতৰত দীর্ঘদিন ধৰি অনাহাৰ আৰু অপুষ্টিৰ কবলত থকা শিশুসকলক প্রয়োজনীয় খাদ্য আৰু চিকিৎসা সাহায্য প্রদান নকৰিলে কেইবাহাজাৰো শিশুৱে মৃত্যুক আঁকোৱালি ল’ব লাগিব বুলিও গাজাৰ স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰিছে৷ অর্থাৎ পৰিস্থিতি কিমান ভয়ংকৰ সেয়া কল্পনাতীত৷ ইজৰাইলে চলোৱা যুদ্ধৰ লক্ষ্য আছিল হামাছ৷ কিন্তু ইয়াৰ মূল্য ভৰিবলগীয়া হ’ল নিৰীহ পেলেষ্টাইনী লোকসকলে৷ নিৰস্ত্র পেলেষ্টাইনী লোকসকলৰ বিৰুদ্ধে পাইকাৰী হাৰত চলি থকা গণহত্যাক লৈ বিশ্বৰ শান্তিকামী জনতা মর্মাহত হৈছে৷ কিন্তু যুদ্ধবাজ ইজৰাইলক এই ঘটনাই কন্দুওৱা নাই৷ বৰঞ্চ ইজৰাইল হৈ পৰিছে অধিক নৃশংস৷ এই নৃশংসতাৰ অৱসান ঘটোৱাৰ একমাত্র চাবিকাঠী আছে আমেৰিকাৰ হাতত৷ এইক্ষেত্রত বিশ্ব সম্প্রদায়ে ইজৰাইলক যুদ্ধ বন্ধৰ বাবে আমেৰিকাক চাপ দিবলৈ বাধ্য কৰিব লাগিব৷

You might also like