🔹 বশিষ্ঠ-যোৰাবাট আৰক্ষীৰ বৃহৎ সফলতা
বিশেষ বাৰ্তা, ২৪ জুলাই : বশিষ্ঠ আৰু যোৰাবাট আৰক্ষীৰ বৃহৎ সফলতা। যোৰাবাটৰ তেৰমাইলত আৰক্ষীৰ জালত ৯ জনীয়া দুৰ্ধৰ্ষ ডকাইতৰ গেং। অভিযানত ডকাইতৰ গেংটোৰ পৰা নম্বৰ প্লেটবিহীন ট্ৰাক, বহু সামগ্ৰী জব্দ কৰা হয়।
বশিষ্ঠৰ OC কপিল পাঠকৰ নেতৃত্বত যোৰাবাটৰ তেৰমাইলত আটক কৰা হয় ৯ জনীয়া ডকাইতৰ দলটোক। অসমৰ বিভিন্ন প্ৰান্তত ডকাইতি কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল ডকাইতৰ দলটোৱে । যোৱা নিশা প্ৰায় এঘাৰ বজাত গোপন তথ্যৰ পম খেদি দুৰ্ধৰ্ষ ৯ জনীয়া ডকাইতৰ গেংটোক আটক কৰিবলৈ সক্ষম হয় বশিষ্ঠ আৰু যোৰাবাট আৰক্ষীৰ দলে। লগতে জব্দ কৰে এখন নম্বৰ প্লেটবিহীন ট্ৰাক, ডকাইতি কাৰ্যত ব্যৱহাৰ কৰা বহু সামগ্ৰী আৰু তিনিখন নম্বৰ প্লেট।
আটকাধীন ডকাইতকেইজন ক্ৰমে মফিদুল আলী, গাজিয়া ৰহমান ,সমিৰ আলী, মমিনুৰ আলী, খাইৰুল হক, নিৰঞ্জন ৰাভা, মঞ্জুৰ আলী, ফজল হক আৰু মহৰ আলী । ইয়াৰে মফিদুল আলী, গাজিয়া ৰহমান, সমিৰ আলী আৰু মমিনুৰ আলীৰ ঘৰ গোৱালপাৰাত; খাইৰুল হক, নিৰঞ্জন ৰাভা আৰু মঞ্জুৰ আলীৰ ঘৰ বকোত আৰু ফজল হক আৰু মহৰ আলীৰ ঘৰ ছয়গাঁৱত।
আৰক্ষী সূত্ৰই জনোৱা মতে, অসমৰ বিভিন্ন প্ৰান্তত পূৰ্বেও বহুবাৰ ডকাইতি কৰি জে’ল-হাজোতলৈ গৈছিল ডকাইতৰ দলটো।