নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত কৃষি সামগ্ৰী যোগানৰ নামত দালালৰ ধন সংগ্ৰহ

🔹 কোনো লোককে ধন নিদিবলৈ আহ্বান সহকাৰী কাৰ্যবাহী অভিযন্তাৰ
নিয়মীয়া বাৰ্তা, ৰহা, ২৪ জুলাই : ৰহা সহকাৰী কাৰ্যবাহী অভিযন্তা (কৃষি) কাৰ্যালয়ৰ অন্তৰ্গত মৰিগাঁও জিলাৰ এলেকাধীন বিভিন্ন অঞ্চলৰ কৃষকৰ পৰা কৃষি বিভাগৰ ঠিকাদাৰ নামধাৰী একাংশ দালালে কৃষি সামগ্ৰী প্ৰদানৰ নামত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। জানিব পৰা মতে, মৰিগাঁও জিলাৰ সাধাৰণ কৃষকৰ অজ্ঞতাৰ সুযোগ বুজি ঠিকাদাৰৰূপী একাংশ দালালে ট্ৰেক্টৰ, ছ’লাৰ পাম্প আৰু পাৱাৰটিলাৰ প্ৰদানৰ নামত সংগ্ৰহ কৰে ধন।
উল্লেখ্য যে অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ কৃষি বিভাগে গ্ৰামাঞ্চলৰ সৰ্বসাধাৰণ লোকৰ কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবে কৃষি সঁজুলি-সামগ্ৰী প্ৰদান কৰি যথেষ্ট সকাহ প্ৰদান কৰিছে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহত কৃষকসকলে ৫০ৰ পৰা ৭৫ শতাংশ পৰ্যন্ত ৰাজসাহায্যও লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াতে মৰিগাঁও জিলাৰ একাংশ ঠিকাদাৰৰূপী দালালে সুবিধা বুজি  কিছুমান সাধাৰণ শ্ৰেণীৰ কৃষকক এনে কৃষি সঁজুলি-সামগ্ৰী যোগান ধৰাৰ প্ৰলোভন দি এটা ছ’লাৰ পাম্পৰ নামত ৪০-৪৫ হাজাৰ টকা; ট্ৰেক্টৰ ২ লাখ টকা আৰু পাৱাৰটিলাৰৰ বাবদ ৫০ হাজাৰ টকাকৈ সংগ্ৰহ কৰা বুলি অভিযোগ কৰিছে একাংশ কৃষকে।
উল্লেখ্য যে প্ৰায় ৮-৯ মাহ পূৰ্বে কৃষকৰ পৰা এনে সঁজুলি যোগান ধৰাৰ নামত ধন সংগ্ৰহ কৰি বৰ্তমানলৈকে সামগ্ৰী যোগান ধৰিব নোৱাৰাত শেহতীয়াকৈ একাংশ কৃষকে ৰহা সহকাৰী কাৰ্যবাহী অভিযন্তা (কৃষি) কাৰ্যালয়ত উপস্থিত হৈ নিজৰ নামত সঁজুলিবোৰ বিচাৰোঁতে ওৰহী গছৰ ওৰ ওলায়। অভিযোগ মতে, কৃষি সঁজুলি যোগানৰ নামত ধন সংগ্ৰহ কৰা দালালকেইজনে কাৰ্যালয়ত তেওঁলোকৰ কাগজ-পাতি জমা দিয়া আছে বুলি কৈ আছিল যদিও প্ৰকৃতাৰ্থত একাংশ কৃষকে ৰহাস্থ সহকাৰী কাৰ্যবাহী অভিযন্তা (কৃষি) কাৰ্যালয়ত উপস্থিত হৈ বিষয়টো অৱগত কৰাত তেওঁলোকৰ নামত কোনো নথি-পত্ৰৰ কথা বাদেই, আনকি কৃষি সঁজুলি লাভৰ বাবে প্ৰথম প্ৰক্ৰিয়া হিচাপে এখন আবেদন পত্ৰই জমা নিদিয়াত এই কৃষকসকল বৰ্তমান চিন্তিত হৈ পৰিছে। কিছু কৃষকৰ এনে অভিযোগ লাভ কৰি আজি ৰহা সহকাৰী কাৰ্যবাহী অভিযন্তা (কৃষি)ক ৰহাৰ একাংশ সাংবাদিকে অৱগত কৰাত সহকাৰী কাৰ্যবাহী অভিযন্তা (কৃষি)গৰাকীয়ে কৃষকসকলে চৰকাৰী আঁচনিৰ কৃষি সামগ্ৰী বা সঁজুলি লাভ কৰিবলৈ দালাল বাদেই, কাৰ্যালয়ৰ কোনো লোককে এটা টকা দিয়াৰো প্ৰয়োজন নাই বুলি উল্লেখ কৰি পুনৰ কয় যে ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহৰ বাবে আবেদনকাৰী কৃষকসকল নিৰ্বাচিত হ’লে বিভাগীয় নিয়ম অনুসৰিয়েই ড্ৰাফ্ট জমা দিয়াৰ পাছত চৰকাৰীভাৱে ৰাজসাহায্য লাভ কৰিব। ইয়াৰ বাবে কাকো অতিৰিক্ত টকা দিয়াৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰি সামগ্ৰী দিয়াৰ নামত ধন সংগ্ৰহ কৰা বিষয়টো নিজাববীয়াকৈ অনুসন্ধান কৰি পৰৱৰ্তী পৰ্যায়ত আৰক্ষীৰ ওচৰ চাপিব বুলিও বিষয়াগৰাকীয়ে মন্তব্য কৰে। কিন্তু এই সন্দৰ্ভত বিভাগীয়ভাৱে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।
You might also like