নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ চাৰি দিন পিছতে ১০০ৰো অধিক পাইলটে কৰিছিল ‘ছুটী’ৰ আবেদন

নিউজ ডেস্ক, ২৪ জুলাই : আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ চাৰি দিন পিছতে এয়াৰ ইণ্ডিয়াৰ ১০০ৰো অধিক পাইলটে ‘চিকিৎসাজনিত ছুটী’ৰ বাবে আবেদন জনাইছিল। বৃহস্পতিবাৰে সংসদত এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য আগবঢ়ায় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী মুৰলীধৰ মোহলে।

মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, অভিশপ্ত আহমেদাবাদ বিমান দুৰ্ঘটনাৰ পিছত ১০০ৰো অধিক পাইলট-বিমান বিষয়াই ছুটীৰ বাবে আবেদন কৰিছিল। তেওঁ দাবী কৰে যে দুৰ্ঘটনাৰ পিছত মানসিকভাৱে বিধ্বস্ত হৈ পৰাৰ বাবেই এয়াৰক্ৰু আৰু পাইলটসকলে এনেদৰে ছুটীৰ বাবে আবেদন কৰিছিল। মন্ত্ৰীগৰাকীয়ে লগতে কয়- “এই ঘটনাই প্ৰমাণ কৰে যে পাইলট আৰু এয়াৰক্ৰুৰ মানসিক স্বাস্থ্য পৰীক্ষা কৰাটো কিমান প্ৰয়োজনীয়।” তদুপৰি তেওঁ কয়- ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত বিমান সংস্থাসমূহৰ বাবে গাইড লাইন জাৰি কৰা হৈছিল, য’ত চিকিৎসাৰ সময়ত পাইলট আৰু এয়াৰক্ৰুসকলৰ মানসিক স্বাস্থ্যৰ চিকিৎসাৰ বাবে জৰুৰী পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি কোৱা হৈছিল।

উল্লেখ্য যে যোৱা ১২ জুনত আহমেদাবাদৰ বিজে মেডিকেল কলেজৰ কেণ্টিনত এয়াৰ ইণ্ডিয়াৰ বিমান এখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল। দুৰ্ঘটনাটোৰ প্ৰাৰম্ভিক তদন্তত বিমানখনৰ ইন্ধনৰ ছুইচ দুটা বন্ধ হৈ পৰা বুলি প্ৰকাশ পাইছিল। ফলত বিমানখনৰ ইঞ্জিন কাৰ্যতঃ বন্ধ হৈ যায়। অৱশ্যে বিমানখনৰ ইন্ধনৰ ছুইচ কেনেকৈ বন্ধ হৈছিল সেই সন্দৰ্ভত বহু প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ মাজতে ইমানসংখ্যক পাইলটে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত একে সময়তে ছুটী বিচৰাটোৱে পাইলটসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত নতুন প্ৰশ্ন উত্থাপন কৰিছে।

You might also like