থাইলেণ্ডৰ ৭ প্রদেশ ভ্রমণ নকৰিবলৈ ভাৰতীয় নাগৰিকলৈ নির্দেশনা জাৰি
🔹 ঐতিহাসিক শিৱ মন্দিৰক লৈ কম্বোডিয়া-থাইলেণ্ডৰ সংঘাত তীব্রতৰ
নিউজ ডেস্ক, ২৬ জুলাই : সীমান্তৰ ঐতিহাসিক শিৱ মন্দিৰ এটাক লৈ থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত যোৱা ২৪ জুলাইৰ পৰা সংঘাত তীব্রতৰ হৈ উঠিছে৷ ইখন দেশে সিখন দেশৰ ওপৰত আক্রমণ-প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে৷ দেশ দুখনৰ সীমান্তত পৰিস্থিতি জটিল হৈ পৰাৰ পৰিপ্রেক্ষিতত থাইলেণ্ডস্থিত ভাৰতীয় কনছুলেটে ভাৰতীয় নাগৰিকক থাইলেণ্ডৰ সাতখন প্রদেশ ভ্রমণৰ পৰা আঁতৰি থাকিবলৈ নির্দেশনা জাৰি কৰিছে৷ সাতখন প্রদেশ ভ্রমণৰ পূর্বে ভাৰতীয় নাগৰিকসকলে থাই কর্তৃপক্ষৰ সৈতে আলোচনা কৰাটো জৰুৰী বুলিও নির্দেশনাত উল্লেখ কৰা হৈছে৷
দেশখনৰ উবন ৰাটচাথানি, চুৰিন, চিচাকেট, বুৰিৰাম, ছা কেও, ছান্থাবুৰি আৰু ট্রাট প্রদেশ ভ্রমণ নকৰিবলৈ ভাৰতীয় কনছুলেটৰ উপৰি থাই কর্তৃপক্ষয়ো নির্দেশনা প্রকাশ কৰিছে৷ ভাৰতীয় নাগৰিকসকলে এই প্রদেশকেইখন ভ্রমণ কৰাৰ পূর্বে থাইলেণ্ডৰ পর্যটন কর্তৃপক্ষৰ টাট নিউজৰুমকে ধৰি বিভিন্ন নির্ধাৰিত ৱেবছাইট পৰীক্ষণ কৰিবৰ বাবে আহ্বানো জনাইছে৷
উল্লেখ্য যে সীমান্তত থকা ঐতিহাসিক মন্দিৰটোৰ সমীপত লেণ্ডমাইন বিস্ফোৰণ ঘটাৰ পাছতেই দুয়োখন দেশৰ মাজত সংঘাত তীব্রতৰ হৈ উঠে৷ এই লেণ্ডমাইন বিস্ফোৰণত ইখন দেশে সিখন দেশক দোষাৰোপ কৰি আক্রমণ–প্রত্যাক্রমণ চলাই আছে৷