ভাৰতীয় সেনাৰ অপাৰেচন মহাদেৱ : ৩ সন্ত্ৰাসবাদী নিহত
সন্দেহৰ ভিত্তিতেই সেনাই সফলতা অৰ্জন কৰে। নিহত সন্ত্ৰাসবাদীসকল পেহেলগাম আক্ৰমণত জড়িত নে নাই, এই সন্দৰ্ভত এতিয়ালৈকে কোনো চৰকাৰী তথ্য প্ৰকাশ কৰা হোৱা নাই
অপাৰেচন মহাদেৱ : ভাৰতীয় সেনাই আকৌ এবাৰ এক সন্ত্ৰাসবাদী ষড়যন্ত্ৰ বিফল কৰিছে। আজি জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সেনাই তিনি সন্ত্ৰাসবাদীক হত্যা কৰিবলৈ সক্ষম হয়। এই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানটোৰ নাম আছিল ‘অপাৰেচন মহাদেৱ’। সেনাৰ চিনাৰ ক’ৰ্পচে এই বিষয়ে সামাজিক মাধ্যম X (এক্স)-ৰ জৰিয়তে তথ্য শ্বেয়াৰ কৰে। পেহেলগামত হোৱা আক্ৰমণৰ পিছত ভাৰতীয় সেনাই এতিয়ালৈকে বহু সন্ত্ৰাসবাদীক হত্যা কৰিছে।
সেনাৰ ফালৰ পৰা জানিব পৰা মতে, এই অঞ্চলত কিছুমান দিনৰ পৰা ছাৰ্চ অপাৰেচন চলি আছিল। অঞ্চলটোত সন্ত্ৰাসবাদী লুকাই থকাৰ সন্দেহ আছিল। এই সন্দেহৰ ভিত্তিতেই সেনাই সফলতা অৰ্জন কৰে। নিহত সন্ত্ৰাসবাদীসকল পেহেলগাম আক্ৰমণত জড়িত নে নাই, এই সন্দৰ্ভত এতিয়ালৈকে কোনো চৰকাৰী তথ্য প্ৰকাশ কৰা হোৱা নাই। যদিও সূত্ৰৰ দাবী অনুসৰি, এইসকল সন্ত্ৰাসবাদী লস্কৰে-তইবা সংগঠনৰ সৈতে জড়িত হ’ব পাৰে।