অসমৰ আদালত-ত ৩৬৭টা চাকৰি… জানক তাৰিখ, আবেদন প্ৰক্ৰিয়া আৰু পৰীক্ষাৰ সবিশেষ
যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীসকলে ২০২৫ চনৰ ১৫ জুলাইৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৰকাৰী পোৰ্টেলৰ জৰিয়তে অনলাইন আবেদন জমা দিব পাৰিব।
অসমৰ আদালত-ত চাকৰি : গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ জিলা আদালতসমূহত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট (JAA) পদসমূহৰ বাবে মুঠ ৩৬৭টা পদৰ নিযুক্তিৰ বাবে বিজ্ঞপ্তি প্ৰকাশ কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়া হৈছে শিক্ষিত স্নাতকসকলৰ বাবে এটা উল্লেখযোগ্য সুযোগ, যিসকলে এখন স্থায়ী চৰকাৰী চাকৰিৰ সন্ধান কৰি আছে। যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীসকলে ২০২৫ চনৰ ১৫ জুলাইৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৰকাৰী পোৰ্টেলৰ জৰিয়তে অনলাইন আবেদন জমা দিব পাৰিব।
তলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিযুক্তি সন্দর্ভত সকলো তথ্য পদ, অৰ্হতা মান, নিৰ্বাচনী প্ৰক্ৰিয়া আৰু আবেদন প্ৰক্ৰিয়া বিশদভাৱে দিয়া হৈছে।
পদৰ নাম : জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিস্টেণ্ট (JAA)
খালী পদৰ সংখ্যা : ৩৬৭
সংস্থা : গুৱাহাটী উচ্চ ন্যায়ালয়
যোগ্যতা : যিকোনো শাখাৰ স্নাতক
আবেদনৰ প্ৰক্ৰিয়া : অনলাইন
আবেদন মাচুল : ৫০০/-
আবেদন আৰম্ভৰ তাৰিখ : ১৫ জুলাই ২০২৫
আবেদনৰ অন্তিম তাৰিখ : ৩১ জুলাই ২০২৫
গুৱাহাটী উচ্চ ন্যায়ালয় নিযুক্তি – বিস্তৃত তথ্য
-
পদৰ নাম : জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট (JAA)
-
মুঠ পদ : ৩৬৭টা
-
দৰমহা: নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকলক ১৪,০০০–৭০,০০০ টকাৰ ভিতৰত মূল বেতন দিয়া হ’ব, লগতে গ্ৰেড পে ৬২০০ টকা আৰু অন্যান্য নিয়মীয়াভাৱে প্ৰাপ্য ভাট্টাসমূহ দিয়া হ’ব।
অৰ্হতা মানদণ্ড (Eligibility Criteria) – গুৱাহাটী উচ্চ ন্যায়ালয় JAA নিযুক্তি
জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট (Junior Administrative Assistant) পদসমূহত আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে তলত দিয়া অৰ্হতা মানদণ্ডসমূহ পূৰণ কৰিব লাগিব
শিক্ষাগত অৰ্হতা (Educational Qualification)
-
প্ৰাৰ্থী UGC-স্বীকৃত যিকোনো বিষয়ে স্নাতক (Graduate) হ’ব লাগিব।
-
আবেদন জমা দিবলগীয়া শেষ তাৰিখলৈকে স্নাতক হোৱাটো বাধ্যতামূলক।
কম্পিউটাৰ জ্ঞান (Computer Knowledge)
-
প্ৰাৰ্থীৰ ওচৰত অন্তত ৩ (তিনিটা) মাহৰ কম্পিউটাৰ প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ (Certificate) থাকিব লাগিব।
ভাষাগত দক্ষতা (Language Proficiency):
-
প্ৰাৰ্থীৰ অসমৰ চৰকাৰী ভাষা (অসমীয়া)ৰ জ্ঞান থাকিব লাগিব।
নিয়মীয়া নিবন্ধন (Employment Exchange Registration)
-
প্ৰাৰ্থীৰ অসমৰ বৈধ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নম্বৰ থাকিব লাগিব।
জিলা অনুযায়ী পদৰ বিভাজন
| District | Vacancy | UR | SC | STP | STH | PwBD | OBC/MOBC |
|---|---|---|---|---|---|---|---|
| Bajali | 9 | 7 | 1 | 1 | 0 | 0 | 0 |
| Baksa | 2 | 2 | 0 | 0 | 0 | 0 | 0 |
| Barpeta | 8 | 0 | 2 | 1 | 1 | 0 | 4 |
| Biswanath | 12 | 11 | 0 | 0 | 1 | 0 | 0 |
| Bongaigaon | 4 | 1 | 0 | 1 | 1 | 0 | 1 |
| Cachar | 9 | 1 | 3 | 0 | 0 | 0 | 5 |
| Charaideo | 25 | 13 | 3 | 1 | 2 | 0 | 6 |
| Chirang | 5 | 4 | 0 | 1 | 0 | 0 | 0 |
| Darrang | 16 | 15 | 0 | 1 | 0 | 0 | 0 |
| Dhemaji | 6 | 1 | 1 | 0 | 2 | 0 | 2 |
| Dhubri | 13 | 6 | 0 | 3 | 0 | 0 | 4 |
| Dibrugarh | 8 | 5 | 0 | 1 | 0 | 0 | 2 |
| Dima Hasao | 11 | 3 | 2 | 1 | 1 | 0 | 4 |
| Goalpara | 4 | 3 | 1 | 0 | 0 | 0 | 0 |
| Golaghat | 13 | 6 | 1 | 1 | 1 | 1 | 3 |
| Hailakandi | 9 | 7 | 1 | 1 | 0 | 0 | 0 |
| Hojai | 13 | 7 | 0 | 1 | 1 | 0 | 4 |
| Jorhat | 15 | 3 | 2 | 2 | 3 | 3 | 2 |
| Kamrup (Metro) | 22 | 12 | 0 | 5 | 2 | 0 | 3 |
| Kamrup, Amingaon | 10 | 7 | 1 | 2 | 0 | 0 | 0 |
| Karbi Anglong | 12 | 4 | 1 | 3 | 0 | 0 | 4 |
| Kokrajhar | 9 | 5 | 0 | 2 | 0 | 0 | 2 |
| Lakhimpur | 8 | 4 | 1 | 1 | 0 | 0 | 2 |
| Majuli | 6 | 5 | 0 | 0 | 0 | 0 | 1 |
| Morigaon | 14 | 8 | 1 | 2 | 0 | 0 | 3 |
| Nagaon | 11 | 5 | 0 | 1 | 0 | 0 | 5 |
| Nalbari | 10 | 6 | 0 | 0 | 1 | 0 | 3 |
| Sivasagar | 3 | 1 | 0 | 1 | 0 | 0 | 1 |
| Sonitpur | 16 | 8 | 3 | 3 | 0 | 1 | 1 |
| South Salmara Mankachar | 26 | 15 | 2 | 2 | 1 | 0 | 6 |
| Sribhumi | 12 | 3 | 1 | 2 | 0 | 0 | 6 |
| Tinsukia | 15 | 7 | 2 | 0 | 2 | 0 | 4 |
| Udalguri | 5 | 2 | 1 | 1 | 0 | 0 | 1 |
| West Karbi Anglong | 6 | 4 | 0 | 1 | 1 | 0 | 0 |
| Total | 367 | 191 | 30 | 42 | 20 | 5 | 79 |
বয়সৰ সীমা — Gauhati High Court JAA Recruitment
| বিভাগ (Category) | ন্যূনতম বয়স | সৰ্বাধিক বয়স |
|---|---|---|
| UR (Unreserved) | ১৮ বছৰ | ৪০ বছৰ |
| OBC/MOBC | ১৮ বছৰ | ৪৩ বছৰ |
| SC/ST(P)/ST(H) | ১৮ বছৰ | ৪৫ বছৰ |
| PwBD (Divyangjan) | ১৮ বছৰ | ৫০ বছৰ |
আবেদন মাচুল (Application Fee)
প্ৰাৰ্থীজনে নিজৰ শ্ৰেণী অনুসৰি আবেদন মাচুল দিব লাগিব। এই মাচুল ষ্টেট বেংক অৱ ইণ্ডিয়াৰ যিকোনো শাখাত চালানৰ জৰিয়তে জমা দিব লাগিব।
| শ্ৰেণী | আবেদন মাচুল |
|---|---|
| SC/ST | ২৫০/- |
| আন সকলো শ্ৰেণী | ৫০০/- |
| PwBD (দৃষ্টিহীন/দিব্যাংগ) | ফ্ৰী (No Fee) |
নিৰ্বাচন প্ৰক্ৰিয়া (Selection Process)
JAA পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন তিনিটা পৰ্যায়ত সম্পন্ন হ’ব। সকলো জিলাৰ বাবে একে লিখিত পৰীক্ষা হ’ব, যদিও চূড়ান্ত নিৰ্বাচন জিলাভিত্তিক কৰা হ’ব।
পৰ্যায় ১: সাধাৰণ লিখিত পৰীক্ষা (১২০ নম্বৰ)
- পৰীক্ষা ধৰণ : OMR ভিত্তিক অবজেক্টিভ প্ৰশ্ন (Objective Type)
- সময়সীমা : ২ ঘণ্টা
- বিষয়সমূহ:
- ইংৰাজী (General English) : ৫০ নম্বৰ
- সাধাৰণ জ্ঞান (GK) আৰু কম্পিউটাৰ জ্ঞান : ৩০ নম্বৰ
- সাধাৰণ বুদ্ধিমত্তা (Aptitude) : ২০ নম্বৰ
- অসম চৰকাৰৰ চৰকাৰী ভাষা (অসমীয়া): ২০ নম্বৰ (এইটো কেৱল qualifying, ৪০% অৰ্থাৎ ৮ নম্বৰ পাওঁতেই হ’ব। এই অংশৰ নম্বৰ মাৰ্কশ্বিটত গণ্য নহ’ব।)
🛑 নোট: প্রতিটো ভুল উত্তৰৰ বাবে ০.২৫ নম্বৰ কাটা হ’ব।
পৰ্যায় ২: কম্পিউটাৰ দক্ষতা পৰীক্ষা (৩৫ নম্বৰ)
- লিখিত পৰীক্ষাত লাভ কৰা নম্বৰৰ আধাৰত, ১:৫ অনুপাতে প্ৰাৰ্থী বাছনি কৰা হ’ব।
- পৰীক্ষাৰ বিষয়বস্তু :
- টাইপিং টেষ্ট (Typing Speed & Accuracy) : ২০ নম্বৰ
- Word Processor আৰু Spreadsheet-ত দক্ষতা: ১৫ নম্বৰ
পৰ্যায় ৩: সাক্ষাৎকাৰ (Viva-voce) (১৫ নম্বৰ)
- লিখিত আৰু কম্পিউটাৰ স্কিল পৰীক্ষাত লাভ কৰা নম্বৰৰ আধাৰত, ১:৩ অনুপাতে সাক্ষাৎকাৰৰ বাবে মতা লোৱা হ’ব।
- চূড়ান্ত মাৰ্কছ = লিখিত (১০০) + কম্পিউটাৰ (৩৫) + সাক্ষাৎকাৰ (১৫) = ১৫০ নম্বৰ
কেনেদৰে আবেদন কৰিব?
যোগ্য প্ৰাৰ্থীসকলে তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰি অনলাইন যোগে আবেদন কৰিব পাৰিব।
Phase 1:
- প্ৰাৰম্ভিক তথ্য (নাম, পিতৃৰ নাম, জন্ম-তাৰিখ, মোবাইল, ইমেইল) দি পঞ্জীয়ন কৰক।
- এটা পঞ্জীয়ন ক’ড (Registration Code) আহিব। সাৱধানে লিখি ৰাখক।
Phase 2:
- পঞ্জীয়ন ক’ড আৰু DOB দি লগ ইন কৰক।
- আপোনাৰ ব্যক্তিগত, শিক্ষাগত আৰু ঠিকনা সম্পৰ্কীয় তথ্য ভৰাই সংৰক্ষণ কৰক।
Phase 3:
- ছবি আৰু স্বাক্ষৰ নিদিষ্ট মাত্ৰা অনুসৰি আপল’ড কৰক।
- সমস্ত তথ্য পৰীক্ষা কৰি “Submit Candidature” টিপক।
Phase 4:
- “Print Fee Payment Challan Form” ক্লিক কৰি চালানৰ প্ৰিন্ট আউট লৈ লওক।
-
২ দিনৰ পাছত, যিকোনো SBI শাখালৈ গৈ কেচেৰে আবেদন মাচুল জমা দিয়ক।