নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰমাত বেদখল : হেৰামজাৰত মহিদুল-পৱনৰ ভূমিক লৈ দালালি

বৰমাত বেদখল : বাক্সা জিলাৰ বৰমা ৰাজহ চক্ৰ অন্তৰ্গত নমাটি মৌজাৰ হেৰামজাৰ গাঁৱৰ (শৰ্মা চুবুৰী)ত অবৈধভাৱে চলিছে ভূমি বিক্ৰীৰ যোজা। দালালিচক্ৰৰ কৱলত গাঁওখনৰ প্ৰয়াত কমলাকান্ত শৰ্মাৰ ১৮ নং পাট্টাৰ নিষ্ফি খেৰাজ আনুমানিক ৬ বিঘা ভূমি।

এই সন্দৰ্ভত গাৱৰ ৰাইজে বৰমা ৰাজহ চক্ৰ বিষয়া কাৰ্যলয়ত তিনিবাৰকৈ আবেদন নিবেদন কৰাৰ পিছতো এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। এই সন্দৰ্ভত গাৱৰ ৰাইজে উপায়ন্তৰ হৈ ১১ জুনত বাক্সা জিলা আয়ুক্ত গৌতম দাসক অভিযোগ দাখিল কৰিছিল আৰু তৎপৰতাৰে এই বিষয়ক লৈ বৰমা ৰাজহ চক্ৰ বিষয়া ঋতুপৰ্ণা দাসক ব্যৱস্থা গ্ৰহনৰ নিৰ্দেশ দিছিল যদিও আজিলৈকে ভূমি দখলৰ অভিযোগ থকা মহিদুল আলী আৰু পৱন আলীৰ বিৰুদ্ধে কোনো ব্যৱস্হা গ্ৰহন কৰা নহ’ল।

অঞ্চলটোৰ ৰাইজৰ ক্ষোভ যে হিন্দু বসতিপূৰ্ণ হেৰেমজাৰ (শৰ্মা চুবুৰীত) এই ভূমি বিক্ৰীৰ যো জাই যিকোনো মুহুৰ্তত ল’ব পাৰে সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপ। এই ক্ষেত্ৰত বৰমা ৰাজহ চক্ৰ বিষয়া ঋতুপৰ্ণা দাসৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে। কিদৰে নিস্ফি খেৰাজ ভূমি বিক্ৰীৰ যোজা চলাব পাৰে সেয়াও হৈছে লক্ষ্যণীয় বিষয় ।

ইয়াৰ পূৰ্বেও বিবাদিত এই ভূমিৰ ক্ষেত্ৰত ৰাজহ চক্ৰ বিষয়াই দুবাৰকৈ শুনানিৰ আয়োজন কৰিছিল । দুবাৰ শুনানিৰ আযোজন কৰিয়ে দায় সামৰাৰ অভিযোগো উত্থাপন কৰিছে স্থানীয় ৰাইজে । এই ঘটনাই প্ৰমাণ কৰে যে বৰমা ৰাজহ চক্ৰ কাৰ্যলয়ত এতিয়াও চলি আছে ভূমি দালালৰ দপদপনি। উল্লেখ্য যে বৰ্তমান গুৱাহাটীত বসবাস প্ৰয়াত কমলাকান্ত শৰ্মাৰ পত্নী তৰুলতা দেৱীয়ে অধিক মূল্যৰ আশাত দুই দালাল মহিদুল আলী আৰু পৱন আলীক চমজাই দিছিল ভূমি।

এতিয়া মহিদুল পৱনে মিলি খেতি বাতি কৰি আছে সেই ভূমিত । এইক্ষেত্ৰত এতিয়ালৈ সাংবাদিকৰ নাম শুনিলে জাঙুৰ খাই উঠা ৰাজহ চক্ৰ বিষয়া ঋতুপৰ্ণা দাসে কিয় কোনো পদক্ষেপ গ্ৰহণ কৰা নাই সেয়া হৈছে লক্ষ্যণীয়। গাঁৱবাসীয়ে এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে যাতে সুশৃংখলিত ভাৱে অঞ্চলটোত বসবাস কৰি থাকিব পাৰে।

নিয়মীয়া বাৰ্তা, বৰমা,৩১ জুলাই

You might also like