ভাৰতৰ বিৰুদ্ধে অতিৰিক্ত ২৫ শতাংশ শুল্ক ঘোষণা আমেৰিকাৰ
🔹 ৰাছিয়াৰ পৰা খাৰুৱা তেল–সামৰিক সঁজুলি ক্রয় কৰাত অসন্তুষ্ট ট্রাম্প
নিউজ ডেস্ক, ৩১ জুলাই : ৰাছিয়াৰ পৰা তেল আৰু সামৰিক সঁজুলি ক্রয় কৰাক লৈ ভাৰতৰ প্রতি অসন্তুষ্ট মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প৷ ৰাছিয়াৰ সৈতে বাণিজ্যিক চুক্তি চলাই থকাৰ বাবেই ভাৰতৰ বিৰুদ্ধে অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰু জৰিমনা আৰোপ কৰিলে ৰাষ্ট্রপতি ট্রাম্পে৷
কালি ৰাষ্ট্রপতি ট্রাম্পে আনুষ্ঠানিকভাৱে ৰাছিয়াৰ সৈতে বাণিজ্যিক চুক্তি চলাই থকা ভাৰতৰ বিৰুদ্ধে ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰু জৰিমনা আৰোপ কৰা বুলি ঘোষণা কৰে৷ এই অতিৰিক্ত কৰ আৰু জৰিমনা অহা ১ আগষ্টৰ পৰা বলৱৎ হ’ব৷ মার্কিন ৰাষ্ট্রপতি ট্রাম্পে ট্রুথ ছ’চিয়েল প্লেটফর্মত কয়– মনত ৰাখিব ভাৰত আমাৰ বন্ধু৷ ভাৰত আমাৰ বন্ধু হ’লেও আমি বছৰ বছৰ ধৰি দেশখনৰ সৈতে তুলনামূলকভাৱে কম ব্যৱসায় কৰিছোঁ৷ কাৰণ তেওঁলোকৰ শুল্ক বহুত বেছি৷ বিশ্বৰ ভিতৰতে সর্বোচ্চ৷ দেশখনে যিকোনো দেশৰ ভিতৰতে আটাইতকৈ কঠোৰ আৰু অমুদ্রা নীতি বাণিজ্য চলাই আহিছে৷ লগতে দেশখনে সদায়ে ৰাছিয়াৰ পৰা নিজৰ সামৰিক সঁজুলি বিপুলসংখ্যক ক্রয় কৰিছে৷ চীনৰ লগতে ৰাছিয়াৰো তেলৰ সর্বাধিক ক্রেতা৷ যি সময়ত সকলোৱে ইউক্রেইনত ৰাছিয়াৰ হত্যালীলা বন্ধ হোৱাটো বিচাৰে, এইবোৰ ভাল কথা নহয়৷ এই মন্তব্যৰে ৰাষ্ট্রপতি ট্রাম্পে ভাৰতৰ বিৰুদ্ধে অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰু জৰিমনা ঘোষণা কৰিছে৷
ইপিনে, মার্কিন ৰাষ্ট্রপতি ট্রাম্পে ভাৰতৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰাক লৈ তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে বিৰোধী কংগ্রেছ দলে৷ কংগ্রেছে এই সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে ৰাষ্ট্রপতি ট্রাম্পৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ঘনিষ্ঠ বন্ধুত্বৰ বাবেই এই আদায় দিবলগীয়া হৈছে৷ আনহাতে, মার্কিন ৰাষ্ট্রপতিৰ ঘোষণাৰ পাছতে নতুন দিল্লীয়ে বিবৃতিযোগে প্রতিক্রিয়া ব্যক্ত কৰিছে৷ ভাৰতৰ স্বার্থত দেশখনে প্রয়োজনীয় সকলো ব্যৱস্থা গ্রহণ কৰিব বুলি বিবৃতিযোগে প্রকাশ কৰিছে৷ কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রালয়ে বিবৃতিত উল্লেখ কৰে যে ট্রাম্পৰ ঘোষণা কেন্দ্রই গুৰুত্বসহকাৰে লৈছে৷ চৰকাৰে এই ঘোষণাক সঠিকভাৱে অধ্যয়ন কৰিব৷ বিগত কিছু মাহ ধৰি দুয়োখন দেশে পাৰস্পৰিক বুজাবুজি আৰু ভাৰসাম্যও বজাই ৰাখি বাণিজ্য চুক্তি সম্পাদন কৰাৰ বাবে আলোচনা চলাই আছে৷ এই আলোচনা চলি থকাৰ মাজতে ৰাষ্ট্রপতি ট্রাম্পে আৰোপ কৰা অতিৰিক্ত শুল্কক লৈ দেশৰ স্বার্থ সুৰক্ষিত কৰি ৰখাৰ বাবে নতুন দিল্লীয়ে সকলো প্রয়োজনীয় পদক্ষেপ ল’ব৷