১৭ বছৰৰ তদন্তৰ পিছত মালেগাঁও গোচৰত সকলো অভিযুক্ত মুক্ত, প্ৰজ্ঞাৰ জয়
২০০৮ চনৰ মহাৰাষ্ট্ৰৰ মালেগাঁও বোমা বিস্ফোৰণৰ গোচৰত ১৭ বছৰৰ পিছত আজি সিদ্ধান্ত ঘোষণা কৰা হৈছে। এনআইএৰ বিশেষ আদালতে সাধ্বী প্ৰজ্ঞা ঠাকুৰসহ সাতজন অভিযুক্তক মুক্তি দিছে। আদালতে কৈছে যে কেৱল সন্দেহৰ ভিত্তিত কাকো দোষী সাব্যস্ত কৰিব নোৱাৰি। এই গোচৰৰ মুখ্য অভিযুক্ত আছিল ভূপালৰ প্ৰাক্তন সাংসদ সাধ্বী প্ৰজ্ঞা ঠাকুৰ। তেওঁৰ সৈতে লেফটেনেণ্ট কাৰ্নেল প্ৰসাদ পুৰোহিতকো অভিযুক্ত কৰা হৈছিল।
আদালতত বিচাৰকৰ সিদ্ধান্ত পঢ়াৰ সময়ত কোৱা হৈছিল যে তদন্তত বিভিন্ন ধৰণৰ ভুল আছিল। চৰকাৰী পক্ষই এইটোও প্ৰমাণ কৰিব নোৱাৰিলে যে বিস্ফোৰণটো মটৰচাইকেলত হৈছিল। বিচাৰকে এইটোও কৈছিল যে পঞ্চনামা (পৰিদৰ্শন প্ৰতিবেদন) সঠিকভাৱে কৰা হোৱা নাছিল।
মালেগাঁও বিস্ফোৰণৰ এক গুৰুত্বপূৰ্ণ তথ্য হ’ল যে মটৰচাইকেলৰ চেছিছ নম্বৰ পোৱা নগ’ল। আদালতে কৈছে যে এইটো স্পষ্ট হোৱা নাই যে মটৰচাইকেলখন সাধ্বী প্ৰজ্ঞা ঠাকুৰৰ আছিল নে নাছিল। তদন্তকাৰী সংস্থাসমূহে যি দাবী কৰিছিল, সেইবোৰ আদালতত প্ৰমাণিত হোৱা নাই।
২৯ ছেপ্টেম্বৰ ২০০৮ তাৰিখে মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ মালেগাঁৱত বোমা বিস্ফোৰণ সংঘটিত হৈছিল, য’ত ৬জন লোকৰ মৃত্যু হৈছিল আৰু ১০০ৰো অধিক লোক আহত হৈছিল। এই বিস্ফোৰণ সেই সময়ত সংঘটিত হৈছিল যেতিয়া লোকসকল নামাজ পঢ়িবলৈ গৈ আছিল। বিস্ফোৰণৰ এদিন পিছত ৩০ ছেপ্টেম্বৰ ২০০৮ তাৰিখে মালেগাঁৱৰ আজাদ নগৰ থানাত বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।
গোচৰটোৰ প্ৰাথমিক তদন্ত আৰক্ষীয়ে কৰিছিল, কিন্তু পিছত সম্পূৰ্ণ তদন্ত এটিএছ (আতংকবাদ বিৰোধী দল)ৰ হাতলৈ গৈছিল। তদন্তত প্ৰকাশ পাইছিল যে এলএমএল ফ্ৰিডম মটৰচাইকেলত বোমা স্থাপন কৰা হৈছিল, যাৰ ফলত বিস্ফোৰণ সংঘটিত হৈছিল। কিন্তু মটৰচাইকেলখনত ভুৱা নম্বৰ প্লেট লগোৱা আছিল। যেতিয়া মটৰচাইকেলখনৰ তদন্ত আৰম্ভ হ’ল, তেতিয়া দাবী কৰা হৈছিল যে ই সাধ্বী প্ৰজ্ঞা সিং ঠাকুৰৰ নামত নথিভুক্ত। বিস্ফোৰণৰ প্ৰায় এমাহ পিছত সাধ্বী প্ৰজ্ঞাসহ আৰু দুজনক গ্ৰেপ্তাৰ কৰা হৈছিল। এই গোচৰত মুঠ ১১ জনক গ্ৰেপ্তাৰ কৰা হৈছিল।
আদালতে মালেগাঁও বিস্ফোৰণত নিহতসকলৰ পৰিয়ালক প্ৰতিজনক ২ লাখ টকা আৰু আহতসকলক প্ৰতিজনক ৫০ হাজাৰ টকা ক্ষতিপূৰণ হিচাপে প্ৰদান কৰাৰ নিৰ্দেশ দিছে।
Niyomiya Barta Desk, 31 July, 2025