নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নন্দিনীৰ হিট এণ্ড ৰানৰ ঘটনাত USTMৰ যোগসূত্ৰ, বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ

ইউ এছ টি এমৰ উপাচাৰ্য মেহবুবুল হকে নন্দিনী কাশ্যপৰ হিট-এণ্ড-ৰান ঘটনাত ছামিউলৰ পৰিয়ালক মেনেজ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগৰ পিছত এই বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে। নন্দিনীৰ পৰা এই দুৰ্ঘটনাৰ দাগ মচিবলৈ হকৰ বিৰুদ্ধে ছামিউলৰ পৰিয়ালক ৫ লাখ টকা আৰু হাস্পতালৰ সকলো বিল পৰিশোধৰ প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ উত্থাপিত হৈছে।

ছামিউলৰ মোমায়েকে এই অভিযোগ উত্থাপন কৰাৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয়, “ইউ এছ টি এমৰ উপাচাৰ্যৰ কিবা এটা সমস্যা আছে। তেওঁ সকলোতে হস্তক্ষেপ কৰে। এবাৰ জেলত কিছুদিন থাকি ভাল হৈছিল, কিন্তু আকৌ পুৰণি অৱস্থালৈ ঘূৰি আহিছে।”

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে তেওঁৰ বিশ্ববিদ্যালয় স্থাপনৰ স্থানৰ মাটি সম্পূৰ্ণৰূপে বনাঞ্চলৰ। সেয়েহে এই বিষয়ত মেঘালয় চৰকাৰে কি সিদ্ধান্ত লয়, সেয়া সময়তহে দেখা যাব। তেওঁ নিজে কয়, “মই বিচাৰো এতিয়াই বিশ্ববিদ্যালয়খন ভাঙি পেলোৱা হওক।”

Niyomiya Barta Desk, 1 August, 2025

You might also like