নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলাশবাৰীত বিছনাত থিয় হৈ ৰাতি কটাবলৈ বাধ্য হ’ল পত্নী

🔹 পত্নীৰ ওপৰত তালিবানী শাস্তি

🔹 ছফিকুৰ ৰহমানৰ দানৱীয় অত্যাচাৰৰ ভিডিঅ’ ভাইৰেল

নিয়মীয়া বাৰ্তা, ১ আগষ্ট : দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ হালীগাঁৱৰ তাহাৰপাৰাত সংঘটিত এক ভয়ংকৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছফিকুৰ ৰহমান নামৰ এজন ব্যক্তিয়ে নিজ পত্নীৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে। এই নিৰ্যাতনৰ এটি ভিডিঅ’ বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে পত্নীক চিলিং ফেনৰ সৈতে ডিঙি-হাতত বান্ধি বিছনাৰ ওপৰত গোটেই নিশা থিয় কৰাই ৰাখিছে। অভিযোগ মতে, ছফিকুৰে নিজ পত্নীক এই তালিবানী শাস্তি দিয়াৰ উপৰি তেওঁ এই নিৰ্যাতনৰ ভিডিঅ’ ৰেকৰ্ড কৰিছিল।

জানিব পৰা মতে, প্ৰায় ১১ বছৰ পূৰ্বে ছফিকুৰে বিভিন্ন প্ৰলোভন দি এইগৰাকী হিন্দু যুৱতীক বিয়া কৰাইছিল। কিন্তু বৰ্তমান ছফিকুৰে পত্নীৰ ওপৰত দৈনিক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছে। পত্নীৰ অভিযোগ অনুসৰি, পৰকীয়া প্ৰেমৰ বাবে প্ৰায়ে এনেদৰে স্বামীয়ে চলাই আহিছে দানৱীয় অত্যাচাৰ।

পত্নীয়ে অভিযোগ কৰিছে যে মিৰ্জাৰ এগৰাকী হিন্দু যুৱতীৰ সৈতে পৰকীয়া সম্পৰ্কৰ বাবে ছফিকুৰে এই দানৱীয় আচৰণ অব্যাহত ৰাখিছে। অত্যাচাৰে এতিয়া এই পৰ্যায় পায় যে ভুক্তভোগী পত্নী শেষত আৰক্ষীৰ দ্বাৰস্থ হয়। ঘটনা সন্দৰ্ভত বিজয়নগৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ।

আৰক্ষীয়ে ৮৫/১১৭(২)/১০৯/৩১৮(৪)/১৮৯/২৫নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি অভিযুক্ত ছফিকুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে এই ঘটনাৰ সকলো দিশ পৰীক্ষা কৰি তদন্ত অব্যাহত ৰাখিছে।

এই ঘটনাই স্থানীয় লোকৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে আৰু সমাজত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে।

প্ৰেৰক ভগৱান দাস

You might also like