নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় চলচ্চিত্র বঁটা : শ্রেষ্ঠ অসমীয়া ছবি ৰঙাটাপু, উৎপল দত্ত শ্রেষ্ঠ ছবি সমালোচক, শ্বাহৰুখ-বিক্রান্ত শ্রেষ্ঠ অভিনেতা

৭১সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্র বঁটা ঘোষণা কৰা হৈছে৷ অসমীয়া ছবিৰ শিতানত ৰঙাটাপু–১৯৮২ ছবিখনে শ্রেষ্ঠ ছবিৰ ৰজতকমল সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ চাৰিগৰাকী নাৰীৰ সহ্য–ধৈর্য–সাহস আৰু ত্যাগৰ হূদয় কঁপাই যোৱা এটা কাহিনীৰ আধাৰত আদিত্যম শইকীয়াৰ পৰিচালনাৰে ৰঙাটাপু–১৯৮২ নির্মাণ কৰা হৈছে৷ অসমৰ ইতিহাসৰ এক গুৰুত্বপূর্ণ ঘটনাক লৈ সঁচা কাহিনীৰ আলমত নির্মাণ কৰা ছবিখনে দর্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈও সক্ষম হৈছিল৷

গুঞ্জন ভৰদ্বাজ, ৰিম্পী দাস, আইমী বৰুৱাকে ধৰি বহুসংখ্যক নবীন–প্রবীণ শিল্পীয়ে অভিনয় কৰা এই ছবিখনে অসমীয়া ছবিৰ শিতানত শ্রেষ্ঠ ছবিৰ বঁটা লাভ কৰাত ৰাজ্যৰ সাংস্কৃতিক জগতত আনন্দৰ বন্যা বৈছে৷

আনহাতে, ৰাজ্যৰ বিশিষ্ট চলচ্চিত্র সমালোচক উৎপল দত্তলৈ অসমীয়া ভাষাত শ্রেষ্ঠ সমালোচকৰ স্বর্ণকমল আগবঢ়োৱা হৈছে৷

ইপিনে, শ্রেষ্ঠ টাই ফাকে ছবিৰ সন্মান লাভ কৰিছে প্রবাল খাউণ্ডৰ টাইপাং–ষ্টেট অৱ হ’পে৷ অকাহিনী চলচ্চিত্র শাখাত শ্রেষ্ঠ নৱাগত পৰিচালকৰ সন্মান লাভ কৰিছে শিল্পীকা বৰদলৈয়ে৷ তেওঁ দ্য স্পিৰিট ড্রীমছ অৱ ছেৰাও নামৰ মিজো ভাষাত নির্মিত ছবিখনৰ বাবে এই সন্মান লাভ কৰিছে৷

উল্লেখ্য যে ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ চেণ্ড্রেল ব’ড অৱ ফিল্ম চার্টিফিকেচনে প্রমাণ–পত্র প্রদান কৰা ছবিসমূহক এই বঁটাৰ বাবে যোগ্য বিবেচনা কৰা হৈছে৷ জুৰীৰ দ্বাৰা গঠিত কেইবাখনো সমিতিয়ে শ্রেষ্ঠ ছবি তথা আন শিতানৰ বঁটাসমূহৰ বাবে শিল্পী–কলা–কুশলীৰ নামসমূহ বাছনি কৰিছে৷

সেই অনুসৰি শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে হিন্দী ভাষাৰ টুৱেলভ ফেইল নামৰ ছবিখনে৷

আনহাতে হিন্দী ভাষাৰ কৰণ জোহৰ পৰিচালিত ৰকি আৰু ৰাণী কী প্রেম কাহিনী শীর্ষক ছবিখনে আটাইতকৈ জনপ্রিয় ছবিৰ শিতানত সন্মান লাভ কৰিছে৷

নাল টু নামৰ মাৰাঠী ছবিখনলৈ আগবঢ়োৱা হৈছে শ্রেষ্ঠ শিশু চলচ্চিত্রৰ সন্মান৷

তেলেগু ভাষাৰ ছবি হনুমানে এনিমেচন ভিজুৱেল ইফেক্টছ, গেমিং আৰু কমিক শাখাত শ্রেষ্ঠ ছবিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷

হিন্দী ভাষাৰ দ্য কেৰালা ষ্ট’ৰী নামৰ ছবিখনৰ বাবে সুদীপ্ত সেনলৈ আগবঢ়োৱা হৈছে শ্রেষ্ঠ পৰিচালকৰ ৰাষ্ট্রীয় বঁটা৷

ইপিনে, জৱান ছবিৰ বাবে শ্বাহৰুখ খান আৰু টুৱেলভ ফেইল ছবিৰ বাবে বিক্রান্ত মেছিলৈ শ্রেষ্ঠ অভিনেতাৰ সন্মান আগবঢ়োৱা হৈছে৷ দুয়োগৰাকী অভিনেতাৰ বাবে এয়া হৈছে প্রথম ৰাষ্ট্রীয় চলচ্চিত্র বঁটা৷ মিছেছ চেটার্জী ভার্ছেচ নৰৱে শীর্ষক হিন্দী ছবিৰ বাবে ৰাণী মুখার্জীলৈ শ্রেষ্ঠ অভিনেত্রীৰ বঁটা ঘোষণা কৰা হৈছে৷

সেইদৰে শ্রেষ্ঠ সহঃ অভিনেতাৰ বঁটা লাভ কৰিছে মালায়ালম ছবি পুক্কালামৰ বাবে বিজয়াড়া ঘাৱন আৰু তামিল ছবি পার্কিঙৰ বাবে মুথু পেট্টাই ছমু ভাস্কৰে৷

শ্রেষ্ঠ সহঃ অভিনেত্রীৰ বঁটা লাভ কৰিছে মালায়ালম ছবি উল্লোঝুকুৰ বাবে উর্বশী আৰু গুজৰাটী ছবি বছৰ বাবে জানকী বড়িৱালাই৷

তেলেগু ছবি বেবীৰ বাবে পিভি এণ্ড এছ ৰোহিতে শ্রেষ্ঠ পুৰুষ কণ্ঠশিল্পী আৰু জৱান ছবিৰ বাবে শিল্পা ৰাৱে শ্রেষ্ঠ মহিলা কণ্ঠশিল্পীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷

হিন্দী ছবি এনিমেলৰ বাবে শচীন সুধাকৰন আৰু হৰিহৰণ মুৰুলীধৰণে শ্রেষ্ঠ ছাউণ্ড ডিজাইনৰ সন্মান লাভ কৰিছে৷

মালায়ালম ছবি পুক্কালামৰ বাবে মিধুন মুৰুলীয়ে শ্রেষ্ঠ সম্পাদনাৰ ৰজত কমল বঁটা লাভ কৰিছে৷

বাথি শীর্ষক তামিল ছবিৰ বাবে জিভি প্রকাশ কুমাৰ আৰু হিন্দী ছবি এনিমেলৰ বাবে হর্ষবর্ধন ৰামেশ্বৰে শ্রেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছে৷

তেলেগু ছবি বালাগামৰ অৰু পালেট্টুৰু শীর্ষক গীতটিৰ বাবে কে শ্যামে শ্রেষ্ঠ সংগীতকাৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰকি অউৰ ৰাণী কী প্রেম কাহিনী শীর্ষক ছবিখনৰ ধিনধোৰা বাজে ৰে শীর্ষক গীতটিৰ বাবে বৈভৱী মার্চেণ্টক শ্রেষ্ঠ নৃত্য পৰিচালকৰ বঁটা প্রদান কৰা হৈছে৷

আনহাতে, অকাহিনী ছবিৰ শিতানত হিন্দী ছবি ফ্লাৱাৰিং মেনে শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে৷ ইংৰাজী ছবি টাইমলেছ তামিলনাডুৱে শ্রেষ্ঠ কলা ছবি আৰু গড ভালছাৰ এণ্ড হিউমেন শীর্ষক ছবিখনে শ্রেষ্ঠ তথ্যচিত্রৰ সন্মান দখল কৰিছে৷

হিন্দী ভাষাৰ গীত দ্য স্কেভেঞ্জাৰ শীর্ষক ছবিখনে শ্রেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰিছে৷ এই শাখাত পীয়ূষ ঠাকুৰক দ্য ফার্ষ্ট ফিল্ম শীর্ষক হিন্দী ছবিৰ বাবে শ্রেষ্ঠ পৰিচালকৰ সন্মান প্রদান কৰা হৈছে৷ একেখন ছবিৰ বাবেই প্রণিল দেশাইক শ্রেষ্ঠ সংগীত পৰিচালকৰ বঁটাও প্রদান কৰা হৈছে৷

Niyomiya Barta Desk, 2 August, 2025

You might also like