Niyomiya Barta Exclusive : গুৱাহাটী মহানগৰীৰ আশে–পাশে থকা পাহাৰ আৰু সংৰক্ষিত বনাঞ্চল বেদখল কৰি একাংশ সন্দেহজনক লোকে বসবাস কৰি আহিছে৷ বন বিভাগ আৰু জিলা প্রশাসনৰ নির্লিপ্ততাৰ সুযোগ লৈ ভূ–মাফিয়াই সংৰক্ষিত বনাঞ্চল আৰু পাহাৰ অঞ্চলৰ চৰকাৰী ভূমি বেদখল কৰি বিক্রী কৰি আহিছে৷
অসম চৰকাৰে ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণক দাখিল কৰা শপতনামা অনুসৰি ২০২৪ বর্ষৰ মার্চ মাহ পর্যন্ত সংৰক্ষিত বনাঞ্চলৰ সর্বমুঠ ৪১০৭.৯ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত পৰিছে৷ পূব কামৰূপ বন সংমণ্ডল প্রাধিকাৰীৰ অধীনৰ গোটানগৰ, শৰণীয়া পাহাৰ, দক্ষিণ কালাপাহাৰ, ফটাশিল, জালুকবাৰী, হেঙেৰাবাৰী, গড়ভঙা, এপ্রিকলা, মাৰকডলা, মাটাপাহাৰ, তেতেলীগুৰি আৰু চামতা সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰি বসবাস কৰি আহিছে একাংশ লোকে৷
গোটানগৰ সংৰক্ষিত বনাঞ্চলৰ ১৭১ হেক্টৰ ভূমিৰ ভিতৰত ১২৭ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত৷ শৰণীয়া পাহাৰ সংৰক্ষিত বনাঞ্চলৰ ৭.৯৯ হেক্টৰ ভূমিৰ ভিতৰত ০.৮ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত আছে৷ দক্ষিণ কালাপাহাৰৰ সংৰক্ষিত বনাঞ্চলৰ ৭০ হেক্টৰ ভূমিৰ ভিতৰত ৬৮ হেক্টৰ ভূমিয়েই বেদখল কৰি বসবাস কৰি আহিছে একাংশ লোকে৷
একেদৰে ফটাশিল সংৰক্ষিত বনাঞ্চলৰ ৬৭০.৪৪ হেক্টৰ ভূমিৰ ভিতৰত ২৪১.৫ হেক্টৰ ভূমি, জালুকবাৰী সংৰক্ষিত বনাঞ্চলৰ ৯৭.৭ হেক্টৰ ভূমিৰ ভিতৰত ২.৬ হেক্টৰ, হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চলৰ ৯২৮ হেক্টৰ ভূমিৰ ভিতৰত ৪৪২ হেক্টৰ, গড়ভঙা বনাঞ্চলৰ ১৮৮৬০.৫৮ হেক্টৰ ভূমিৰ ভিতৰত ৩১৮ হেক্টৰ, এপ্রিকলা সংৰক্ষিত বনাঞ্চলৰ ৬০৭৫.৩ হেক্টৰ ভূমিৰ ভিতৰত ২৫০০ হেক্টৰ, মৰকডলা সংৰক্ষিত বনাঞ্চলৰ ১৪২৬.৫ হেক্টৰ ভূমিৰ ভিতৰত ৪০৩ হেক্টৰ ভূমি, তেতেলিগুৰি সংৰক্ষিত বনাঞ্চলৰ ১২০.৫৮ হেক্টৰ ভূমিৰ ভিতৰত ৫ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত পৰিছে৷
মাটাপাহাৰ সংৰক্ষিত বনাঞ্চলৰ ২২৫ হেক্টৰ আৰু চামতা সংৰক্ষিত বনাঞ্চলৰ ২৭ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত হৈ আছে৷ সংৰক্ষিত বনাঞ্চলৰ সর্বমুঠ ২৮৩৮০.০৯ হেক্টৰ ভূমিৰ ভিতৰত ৪১০৭.৯ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত আছে৷ গুৱাহাটীৰ আশে–পাশে থকা সংৰক্ষিত বনাঞ্চল আৰু পাহাৰ অঞ্চলৰ ভূমি বেদখলকাৰীৰ কবলত থকাত বনাঞ্চলসমূহত থকা জীৱকুল আৰু জৈৱ–বৈচিত্র্যৰ প্রতিও ভাবুকিৰ সৃষ্টি হৈছে৷
কেৱল গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলেই নহয়, আমচাং অভয়াৰণ্য আৰু ৰামচাৰ চাইটখ্যাত দীপৰ বিল পক্ষী অভয়াৰণ্যৰ ভূমিও বেদখলকাৰীৰ কবলত আছে৷ তথ্য অনুসৰি আমচাং অভয়াৰণ্যৰ ৭৮.৬৪ হেক্টৰ ভূমিৰ ভিতৰত ২.৭০ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত আছে৷ গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চল আৰু আমচাং অভয়াৰণ্যৰ ভূমি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিবলৈ চৰকাৰ, বন বিভাগ আৰু জিলা প্রশাসনে কি পদক্ষেপ গ্রহণ কৰে সেয়া সময়তহে লক্ষণীয় হ’ব৷
Niyomiya Barta Desk, 4 August, 2025
You might also like