নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Golden Dome-ৰে ক্ষেপণাস্ত্ৰ প্ৰতিৰোধী বেহু গঢ়িব আমেৰিকাই, ২০২৮ত পৰীক্ষাৰ লক্ষ্য

আমেৰিকাৰ Golden Dome : আমেৰিকাই গঢ়ি তুলিব ক্ষেপণাস্ত্র প্রতিৰোধী বেহু৷ দেশখনৰ প্রতিৰক্ষা বিভাগে সদৰী কৰা মতে, ২০২৮ চনত গ’ল্ডেন ড’ম নামৰ ক্ষেপণাস্ত্র প্রতিৰোধী ব্যৱস্থাৰ প্রথমটো পৰীক্ষা সম্পন্ন কৰিব৷ ২০২৮ চনত হ’বলগীয়া ৰাষ্ট্রপতি নির্বাচনৰ পূর্বে প্রতিৰক্ষা বিভাগে ইয়াৰ পৰীক্ষণৰ পৰিকল্পনা কৰা বুলি জনাইছে৷

ফ্লাইট টেষ্ট ইণ্টিগ্রেটেড, চমুকৈ এফটিআই–এক্স নামেৰে জানিবলগীয়া গ’ল্ডেন ড’মৰ পৰীক্ষাত একাধিক উপাদান, ছেনছৰ, ইণ্টাৰচেপ্ঢাৰ আৰু কমাণ্ড প্রযুক্তি জড়িত থাকিব, যিয়ে শত্রুপক্ষৰ পৰা অহা ভাবুকি প্রতিৰোধৰ বাবে সমন্বয়েৰে কাম কৰিব৷ যোৱা মে’ মাহত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে এই ব্যৱস্থা সম্পর্কে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল৷

ইয়াৰ নির্মাণ সম্পূর্ণ হ’লে বিশ্বৰ যিকোনো প্রান্তৰ পৰা ক্ষেপণাস্ত্র নিক্ষেপ কৰিলেও বাধা দিবলৈ সক্ষম হ’ব আমেৰিকা৷ গ’ল্ডেন ড’মৰ বাবে ইতিমধ্যে ২৫ বিলিয়ন মার্কিন ডলাৰ আবণ্টন দিয়া হৈছে যদিও মুঠ খৰচ প্রায় ১৭৫ বিলিয়ন ডলাৰ হোৱাৰ সম্ভাৱনা আছে৷ বর্তমান নর্থৰপ গ্রুমেনে মহাকাশ ভিত্তিক ইণ্টাৰচেপ্ঢাৰৰ পৰীক্ষা কৰি আছে৷

ইফালে, এই প্রকল্পৰ নির্মাণৰ বাবে স্পেচএক্স, এণ্ডুৰিল আৰু পালেণ্টিৰ দৰে আগশাৰীৰ প্রতিষ্ঠানে নিবিদা দাখিল কৰিছে৷ প্রকল্পটোৰ সৈতে জড়িত বিশেষজ্ঞই ইয়াৰ নির্মাণ প্রকৃতার্থত এক কাৰিকৰী প্রত্যাহ্বান বুলি অভিহিত কৰিছে৷

Niyomiya Barta Desk, 5 August, 2025

You might also like