২০২৭ চনৰ বিশ্বকাপত গিলৰ নিউ ইণ্ডিয়া : অনিশ্চয়তাত RO-KOৰ কেৰিয়াৰ
গিলৰ নিউ ইণ্ডিয়া : দুই জ্যেষ্ঠ তাৰকা ক্রিকেটাৰ বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ সৈতে তেওঁলোকৰ ক্রিকেট ভৱিষ্যৎ সন্দর্ভত অচিৰেই আলোচনাত বহাৰ সম্ভাৱনা আছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড৷ টেষ্ট দলটোৰ পিছত ভাৰতীয় এদিনীয়া দলটোৰো নেতৃত্ব শুভমন গিলৰ হাতত অর্পণ কৰিবলৈও আগ্রহী ব’ৰ্ডৰ বিষয়ববীয়াসকল৷
২০২৭ চনৰ এদিনীয়া বিশ্বকাপত গিলৰ নেতৃত্বত ভাৰতীয় দলটোক দেখা পোৱাৰ অধিক সম্ভাৱনা আছে৷ ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ পৰিকল্পনা এতিয়াৰে পৰা আৰম্ভ কৰিব বিচাৰিছে৷ গতিকে ব’ৰ্ডৰ বিষয়াসকলে কোহলি আৰু ৰোহিতৰ সৈতে পোনপটীয়াকৈ কথা পতাৰ অধিক সম্ভাৱনা আছে৷
এক সংবাদ মাধ্যমত প্রকাশিত বাতৰি মতে ব’র্ডে আগন্তুক এদিনীয়া বিশ্বকাপত ভাৰতীয় দলটোক যুৱ ক্রিকেটাৰক অন্তর্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ এগৰাকী বিষয়াই কয় যে বিশ্বকাপলৈ এতিয়াও দুবছৰ বাকী আছে৷ ২০২৭ চনৰ নৱেম্বৰ মাহত দক্ষিণ আফ্রিকাত অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপ৷ তেতিয়ালৈকে বিৰাট কোহলি আৰু ৰোহিত শর্মা দুয়োজনৰে বয়স ৪০ৰ ওচৰ চাপিব৷
সেয়েহে আমি এতিয়াই পৰিকল্পনা বিচাৰিছোঁ৷ ২০১১ চনৰ পৰা আমি এদিনীয়া বিশ্বকাপ জয় কৰিবলৈ সক্ষম হোৱা নাই৷ যুৱ ক্রিকেটাৰক অগ্রাধিকাৰ দিয়াৰ কথা আমি চিন্তা কৰিছোঁ৷ অৱশ্যে ব’ডৰ বিষয়াগৰাকীয়ে বর্তমান কোহলি আৰু ৰোহিতক পৰিকল্পনাৰ বাহিৰত এৰি দিয়াৰ কথা চিন্তা কৰা নাই৷
বিষয়াগৰাকীয়ে লগতে কয় যে বগা বলৰ ক্রিকেটত কোহলি আৰু ৰোহিতে বহুখিনি অৰিহণা যোগাইছে৷ তেওঁলোক অতি সফল ক্রিকেটাৰ৷ আমি তেওঁলোকৰ ওপৰত কোনো সিদ্ধান্ত জাপি দিব নিবিচাৰোঁ৷ অৱশ্যে এদিনীয়া সূচী আৰম্ভ হোৱাৰ আগতেই তেওঁলোকৰ পৰিকল্পনা জানিব লাগিব৷ তেওঁলোকৰ সৈতে পোনপটীয়াকৈ কথা পতাটোৱেই ভাল হ’ব৷
আমি জানিব লাগিব যে তেওঁলোকৰ শাৰীৰিক আৰু মানসিকভাৱে কি অৱস্থা? তেওঁলোকৰ সিদ্ধান্তৰ ওপৰত বহু কথা নির্ভৰ কৰে৷ গতিকে আমি স্পষ্ট হ’ব বিচাৰোঁ৷ এই মুহূর্তত কোহলিৰ বয়স ৩৬ আৰু ৰোহিত শর্মাৰ বয়স ৩৮৷ ২০২৭ চনত বিশ্বকাপৰ সময়ত ৰোহিতৰ বয়স হ’ব ৪০ বছৰ৷ ইতিমধ্যে তেওঁৰ ফিটনেছক লৈ বহু প্রশ্ণ উত্থাপন হৈছে৷
আনহাতে, কোহলিৰ বয়স হ’ব ৩৬ বছৰ৷ এতিয়াও তেওঁৰ ফিটনেছৰ কোনো সমস্যা নাই৷ ইপিনে, শুভমন গিলক এদিনীয়া ক্রিকেটৰ পৰৱর্তী অধিনায়ক হিচাপেও বিবেচনা কৰা হৈছে৷ উল্লেখ্য যে গিলৰ নেতৃত্বত ভাৰতীয় টেষ্ট দলটোৱে ইংলেণ্ডত সদ্য সমাপ্ত পাঁচখনীয়া টেষ্ট শৃংখলাটো ২–২ত ড্র খেলি অনুৰাগীৰ হূদয় জিনিছে৷
Niyomiya Barta Desk, 7 August, 2025