নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : পৰমাণু যুদ্ধৰ শংকা

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ হিৰোছিমা আৰু নাগাছাকিত আমেৰিকা যুক্তৰাষ্ট্র নেতৃত্বাধীন সন্মিলিত মিত্র বাহিনীয়ে পৰমাণু বোমা পেলাই যি নৰসংহাৰ চলাইছিল, তাৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি মানৱ জাতিৰ কল্যাণৰ বাবে পৰমাণু বোমা কেতিয়াও কোনো দেশে কাৰো ওপৰত এই বোমা নিক্ষেপ কৰাৰ পৰা নিজকে আঁতৰাই ৰখাৰ অংগীকাৰবদ্ধ হয়৷ হিৰোছিমা আৰু নাগাছাকিয়ে পৰমাণু বোমাৰ ভয়াৱহতাক যুগ যুগ ধৰি শিহৰিত কৰি আহিছে৷

পৰমাণু বোমাৰ ধ্বংসলীলা ভয়াৱহ বুলি জানিও বিশ্বৰ দেশসমূহে পৰমাণু অস্ত্র নির্মাণত কিয় ব্যস্ত হৈ আছে, তাক লৈ প্রশ্ণ উত্থাপন হৈছে৷ বিশ্বৰ শক্তিশালী দেশসমূহে পৰমাণু অস্ত্র বৃহৎ পৰিমাণে নির্মাণ কৰাৰ লগতে উন্নয়নশীল দেশেও পৰমাণু অস্ত্র নির্মাণত গুৰুত্ব দি আহিছে৷ পৰমাণু অস্ত্র নির্মাণ হৈ থকা প্রক্রিয়াটোৱে পৰমাণু অস্ত্রৰ বিভীষিকাক প্রমাণ কৰি আহিছে৷ অস্ত্র নির্মাণৰ বাবে দুখন দেশৰ মাজত প্রত্যক্ষ সংঘাত হোৱাৰ পিছত পৰমাণু যুদ্ধৰ শংকা ঘনীভূত হয়৷ শেহতীয়াভাৱে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ৰাছিয়াৰ সৈতে পাৰমাণৱিক যুদ্ধৰ বাবে সাজু বুলি ঘোষণা কৰাৰ লগে লগে বিশ্বজুৰি একধৰণৰ শংকাৰ সৃষ্টি হয়৷

ইউক্রেইনৰ সৈতে ৰাছিয়াই যুদ্ধবিৰতি চুক্তি সম্পন্ন নকৰাৰ বাবে মার্কিন ৰাষ্ট্রপতি ট্রাম্প ৰাছিয়াৰ প্রতি ক্ষুণ্ণ হৈ পৰে৷ কেইবাবাৰো ট্রাম্পে ৰাছিয়াক যুদ্ধবিৰতিৰ বাবে সৈমান কৰিবলৈ চেষ্টা চলাই ব্যর্থ হোৱাৰ ফলত পৰিস্থিতি সলনি হয়৷ ইয়াৰ মাজতে ৰাছিয়াৰ প্রাক্তন ৰাষ্ট্রপতিয়ে মার্কিন ৰাষ্ট্রপতিগৰাকী দেশৰ স্বার্থৰ বাবে যুঁজিবলৈ কুণ্ঠাবোধ নকৰে বুলি সতর্কবাণী দিয়ে৷ লগে লগে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে ৰাছিয়াক পাৰমাণৱিক যুদ্ধৰ বাবে প্রৰোচিত কৰে৷ আনকি ৰাছিয়াৰ সমীপত দুখনকৈ পাৰমাণৱিক ছাবমেৰিণো মোতায়েন কৰে৷ আমেৰিকাক প্রত্যাহ্বান জনাই ৰাছিয়াই হ্রস্ব–মধ্য দূৰত্বৰ পাৰমাণৱিক মিছাইল চুক্তিৰ পৰা আঁতৰি আহে আৰু মার্কিন যুক্তৰাষ্ট্রৰ সৈতে ফেপেৰি পাতে৷ ইয়াৰ পিছতে এখন পৰমাণু যুদ্ধৰ চর্চা আৰম্ভ হয়৷

পৰমাণু অস্ত্র নির্মাণৰ ক্ষেত্রত কোন দেশ আগবাঢ়ি আছে, তাক লৈও চর্চা চলিছে৷ ‘দ্য গার্ডিয়ান’ৰ তথ্যমতে, বিশ্বত সম্প্রতি ১২,৫১২টা পৰমাণু অস্ত্র আছে৷ ইয়াৰে ভিতৰত ৯,৫৭৬টা ব্যৱহাৰৰ উপযুক্ত হৈ আছে৷ যিকোনো মুহূর্ততে এই অস্ত্রসমূহ সামৰিক বাহিনীয়ে প্রয়োগ কৰিব পৰা অৱস্থাত সাজু হৈ আছে৷ ‘দ্য ষ্টকহ’ম ইণ্টাৰনেচনেল পীচ ৰিছার্চ ইন ইনষ্টিটিউট’ চমুকৈ এছআইপিআৰআইৰ তথ্যমতে বিশ্বত মজুত হৈ থকা ১২ হাজাৰৰো অধিক পৰমাণু অস্ত্রৰ ভিতৰত ৩,৮৪৪টা অস্ত্র মিছাইল কিম্বা বিমানৰ জৰিয়তে নিক্ষেপ কৰিব পাৰি৷ এই অস্ত্রৰ ভিতৰত ৮৬টা একেবাৰে নতুন৷ সাম্প্রতিক সময়ত উন্নত প্রযুক্তি ব্যৱহাৰ কৰি এই ৮৬টা নতুন পৰমাণু অস্ত্র নির্মাণ কৰা হৈছে৷

তাৎপর্যপূর্ণ যে ৮৬টা নতুন পৰমাণু অস্ত্রৰ ভিতৰত চীনৰ হাতত মজুত আছে ৬০টা৷ নতুন অস্ত্রৰ ভিতৰত ৰাছিয়াৰ হাতত ১২টা, পাকিস্তানৰ হাতত ৫টা, উত্তৰ কোৰিয়াৰ হাতত ৫টা আৰু ভাৰতৰ চাৰিটা আছে৷ ২০২৩ চনৰ জানুৱাৰী মাহৰ পৰিসংখ্যা অনুসৰি বিশ্বৰ পৰমাণু অস্ত্র অধিক থকা দেশৰ ভিতৰত ৰাছিয়া শীর্ষত আছে৷ ৰাছিয়াৰ পৰমাণু অস্ত্রৰ ভাণ্ডাৰ সবাতোকৈ বেছি৷ বর্তমান ৰাছিয়াৰ হাতত আছে ৪,৪৮৯টা যুদ্ধত ব্যৱহাৰ কৰিব পৰা পৰমাণু অস্ত্র৷ ৰাছিয়াৰ পিছত আমেৰিকা যুক্তৰাষ্ট্রৰ হাতত আছে ৩,৭০৮টা পৰমাণু অস্ত্র৷ তথ্যমতে বিশ্বৰ পৰমাণু অস্ত্র ভাণ্ডাৰৰ ৯০ শতাংশই আছে ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ হাতত৷ বিশ্বৰ তৃতীয় বৃহত্তম পৰমাণু অস্ত্র শক্তিধৰ দেশ হৈছে চীন৷ চীনৰ হাতত মজুত আছে ৪১০টা পৰমাণু অস্ত্র৷ যোৱা জানুৱাৰী মাহত চীনৰ হাতত আছিল ৩৫০টা পৰমাণু অস্ত্র৷ এবছৰৰ ভিতৰতেই দেশখনৰ পৰমাণু অস্ত্র ৪১০টালৈ বৃদ্ধি পাইছে৷ ফ্রান্স আৰু গ্রেট ব্রিটেইনৰ হাতত আছে ক্রমে ২৯০ আৰু ২২৫টা পৰমাণু অস্ত্র৷

শেহতীয়া তথ্য মতে ব্রিটেইনৰ পৰমাণু অস্ত্রৰ পৰিমাণ ২২৫ৰ পৰা ২৬০লৈ বৃদ্ধি হৈছে৷ বিশ্বৰ ৰাজনীতিৰ প্রতি লক্ষ্য ৰাখি দেশসমূহৰ মাজত থকা অস্ত্রৰ ভাণ্ডাৰ প্রত্যেকখন দেশেই গোপন কৰি ৰাখিছে৷ অর্থাৎ বিশ্বৰ দেশসমূহত মাজত থকা পৰমাণু অস্ত্রৰ সংখ্যা বর্ধিত হ’ব পাৰে৷ ইপিনে দুই চিৰবৈৰী ৰাষ্ট্র ভাৰত–পাকিস্তানৰ মাজত সামৰিক শক্তি বৃদ্ধিৰ প্রতিদ্বন্দ্বিতা হৈ থকাৰ বাবে পৰমাণু অস্ত্র বৃদ্ধিৰ প্রতিও গুৰুত্ব দিয়া হৈছে৷ পাকিস্তানৰ হাতত ১৭০টা পৰমাণু অস্ত্র আছে৷ আনপিনে ভাৰতৰ হাতত আছে ১৬৪টা৷ তাৎপর্যপূর্ণভাৱে ভাৰতৰ তুলনাত পাকিস্তানৰ পৰমাণু অস্ত্র বেছি৷ বিশ্বৰ পৰমাণু অস্ত্র থকা দেশৰ তালিকাত ভাৰতৰ স্থান সপ্তম৷ ইজৰাইলৰ হাতত ৯০টা আৰু উত্তৰ কোৰিয়াৰ হাতত ৩০টা পৰমাণু অস্ত্র আছে৷ চীনে দেশখনৰ ভূগর্ভত পৰমাণু অস্ত্র নির্মাণ কৰা আৰম্ভ কৰিছে৷ বিশ্বৰ দেশসমূহৰ মাজত পৰমাণু অস্ত্রৰ ভাণ্ডাৰ বৃদ্ধি কৰাৰ প্রৱণতা বিশ্বৰ মানৱ জাতিৰ বাবে শুভ লক্ষণ নহয়৷

You might also like