নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাধুৰ বেশত আহি প্রাক্তন পত্নীক হত্যা.. তীব্ৰ চাঞ্চল্য

দেশৰ ৰাজধানী নতুন দিল্লীত প্রাক্তন পত্নীক এজন যুৱকে সাধুৰ বেশেৰে আহি ঘৰত প্রৱেশ কৰি হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দক্ষিণ দিল্লীত প্রাক্তন পত্নীৰ ঘৰত এজন যুৱকে সাধুৰ বেশেৰে প্রৱেশ কৰি বিভিন্ন বিষয়ক লৈ ঘণ্টাৰ পিছত লৈ ঘণ্টা আলোচনাত মিলিত হয়৷

এই আলোচনাৰ মাজতে যুৱকজনে হাতুৰীৰে কোবাই কোবাই প্রাক্তন পত্নীক হত্যা কৰি পলায়ন কৰে৷ নিশা সংঘটিত ঘটনাটো পুৱাহে ওচৰ–চুবুৰীয়াই জানিব পাৰি আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ কিৰণ ঝা নামৰ মহিলাগৰাকীৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰে৷

আৰক্ষীয়ে প্রকাশ কৰা মতে, অঞ্চলটোৰ চিচি টিভিৰ ফুটেজৰ আধাৰত অভিযুক্তক চিনাক্ত কৰা হৈছে৷ নিশা ১২ বাজি ৫০ মিনিটত মৃত মহিলাগৰাকীৰ বাসভৱনৰ ওচৰে–পাঁজৰে ব্যক্তিজনক সন্দেহজনকভাৱে ঘূৰি ফুৰা দেখা গৈছে৷ এই ব্যক্তিজনকে আৰক্ষীয়ে মহিলাগৰাকীক হত্যা কৰি পলায়ন কৰা বুলি সন্দেহ প্রকাশ কৰিছে৷ উল্লেখ্য যে হত্যাকাণ্ডত জড়িত যুৱকজনক বিহাৰৰ মুংগৰ জিলাৰ বাসিন্দা বুলি আৰক্ষীয়ে চিনাক্ত কৰিবলৈ সক্ষম হৈছে৷

Niyomiya Barta Desk, 8 August, 2025

You might also like