নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শাহু-খুলশালীক আক্ৰমণ ড্ৰাগছ সৰবৰাহকাৰী জোঁৱাইৰ

মৈৰাবাৰীত ড্ৰাগছ সৰবৰাহকাৰী জোঁৱায়েকে আক্ৰমণ কৰিলে শাহু আৰু খুলশালীক। ড্ৰাগছ সৰবৰাহকাৰী দিদাৰুল ইছলামৰ আক্ৰমণত গুৰুতৰভাৱে আহত শাহু আৰু খুলশালীক চিকিৎসালয়ত ভৰ্তি । কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী দিদাৰুল ইছলামৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় খুলশালী মুকছিদুল ইছলাম আৰু শাহুয়েক ছাফিয়া খাতুন ।

ইফালে ছাফিয়া খাতুনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত মৈৰাবাৰী আৰক্ষী উপস্থিত হৈ পলাতক দিদাৰুল ইছলাম ক বিচাৰি অৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে ।

উল্লেখ্য যে ড্ৰাগছ সৰবৰাহকাৰী দিদাৰুল ইছলামে পত্নীক শাৰীৰিক নিৰ্যাতন চলোৱাত পিতৃ গৃহত আশ্ৰয় লৈ আছিল। ড্ৰাগছ সৰবৰাহকাৰী দিদাৰুল ইছলামে হাতত ডেগাৰ লৈ অতৰ্কিতে বাসগৃহত উপস্থিত হৈ আক্ৰমণ কৰে শাহু আৰু খুলশালীক।

Niyomiya Barta Desk, 9 August, 2025

You might also like