কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা (PMUY)ৰ অধীনত ২০২৫-২৬ বৰ্ষৰ বাবে ১২,০০০ কোটি টকা অনুমোদন জনাইছে, যাৰ দ্বাৰা ১০.৩৩ কোটি পৰিয়াল উপকৃত হ’ব।
পিএমইউৱাই ২০১৬ চনৰ মে’ মাহত আৰম্ভ কৰা হৈছিল, যাৰ উদ্দেশ্য আছিল দেশৰ দৰিদ্ৰ পৰিয়ালৰ প্ৰাপ্তবয়স্ক মহিলাসকলক বিনামূলীয়া এলপিজি সংযোগ প্ৰদান কৰা। ১ জুলাইলৈকে ভাৰতত প্ৰায় ১০.৩৩ কোটি PMUY সংযোগ আছে।
“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাই ২০২৫-২৬ বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ (PMUY) উপভোক্তাসকলৰ বাবে প্ৰতি ১৪.২ কেজিৰ চিলিণ্ডাৰৰ বাবে ৩০০ টকাৰ লক্ষ্যভিত্তিক ৰেহাই (বছৰত ৯টা চিলিণ্ডাৰৰ বাবে, আৰু ৫ কেজিৰ চিলিণ্ডাৰৰ বাবে সমানুপাতিক হাৰত) অনুমোদন কৰিছে, যাৰ বাবে ১২,০০০ কোটি টকা ব্যয় হ’ব,” এটা আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে।
Niyomiya Barta Desk, 9 August, 2025