নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰৱৰ ন-অসমীয়া ‘মিঞা’ৰ বাবে ঠাই নাই অসমত : মুখ্যমন্ত্ৰী

মিঞাক লৈ উত্তপ্ত হৈ আছে ৰাজ্যৰ ৰাজনীতি। ইয়াৰ মাজতে কালি এটা সামাজিক মাধ্যমৰ ভিডিঅত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মিঞাসকলক ন-অসমীয়া বুলি অভিহিত কৰিছিল। আৰু তাৰ পিছতেই গৌৰৱৰ প্ৰতি সকলো সৰৱ হৈ পৰিছিল।

ইয়াৰ পিছতে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত গৌৰৱ গগৈক চোকা সমালোচনা কৰিছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমীয়াৰ বাবেই অসমত ঠাই নোহোৱা হৈছে, ন-অসমীয়াৰ কাৰণে অসমত ক’ত স্থান আছে। অসমীয়াক দিবলৈ মাটি-বাৰী দিবলৈ অভাৱ হৈছে। তেনেস্থলত ন অসমীয়াই ক’ত ঠাই পাব। সেই ন অসমীয়াৰ অসমত ঠাই নাই’।

ন-মিঞাসকলক গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীয়ে নিজৰ ঘৰতে ৰাখি থওক বুলিও কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

You might also like