নিয়মীয়া বাৰ্তা, ১১ আগষ্ট : নাহৰকটীয়াৰ বিশিষ্ট শিক্ষাবিদ তথা নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জ্যোতিপ্ৰসাদ কোঁৱৰক প্ৰদান কৰা হৈছে সমাজ শিল্প সাধনা বঁটা ২০২৫। নাহৰকটীয়াৰ সামাজিক সংগঠন ছ’চাইটী ফৰ বলি মৰা থান চিতা কুণ্ড প্ৰকল্প নামৰ এন জি অ’টোৱে নাহৰকটীয়াবাসী ৰাইজৰ সহযোগত নিৰ্মাণ কৰিবলগীয়া ডিজিটেল লাইব্ৰেৰী উপলক্ষে অনুষ্ঠিত কৰা ৰাজহুৱা সভাত বিশিষ্ট সমাজসেৱকগৰাকীক প্ৰদান কৰে এই বঁটা।
অঞ্চলটোৰ সামাজিক, শৈক্ষিক আদি বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে জ্যোতিপ্ৰসাদ কোঁৱৰলৈ আগবঢ়োৱা এই বঁটাত আছে অংগবস্ত্ৰ, সম্বৰ্ধনা পত্ৰ আৰু স্মাৰক। উল্লেখযোগ্য যে যুৱ কৰ্মী মৃত্যুঞ্জয় কোঁৱৰে আঁত ধৰা তথা ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি বদন গগৈ, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক পৰমেশ্বৰ নলবৰীয়া, নাহৰকটীয়া মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড০ দীপাংকৰ গগৈ, অধ্যাপক ড০ নীলম হাজৰিকা, বিশিষ্ট সাংস্কৃতিক কৰ্মী কমল মজুমদাৰ, নামফাকে বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ ভদন্ত জ্ঞানপাল মহাথেৰ, নামৰূপ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক কৃষ্ণ কলিতা, টিংখাং মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড০ লোহিত বুঢ়াগোহাঁই আদিকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থকা এই সভাতে বৃহত্তৰ নাহৰকটীয়া অঞ্চলত শিক্ষা, সংস্কৃতি, ক্ৰীড়া, অৰ্থনীতি আদি বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই অহা কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ক্ৰমে দীঘলা পথাৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী লীলাৱতী শইকীয়া, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি বদন গগৈ, ফুটবল প্ৰশিক্ষক এন আই এছ পিংকুমণি হাজৰিকা, ক্ৰীড়া সংগঠক তথা হকীৰ প্ৰশিক্ষক সমুদ্ৰ বুঢ়াগোহাঁই, ক্ষুদ্ৰ চাহ খেতিয়ক ৰাজীৱ শইকীয়া, ক্ষুদ্ৰ চাহ খেতিয়ক ডালিম বড়া আৰু সংগীত শিল্পী কমল মজুমদাৰক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
আনহাতে, উক্ত সভাতেই অঞ্চলটোত প্ৰতিষ্ঠা হ’বলগীয়া ডিজিটেল লাইব্ৰেৰী সম্পৰ্কত এন জি অ’টোৰ সভাপতি কৃষ্ণকান্ত হাজৰিকাই বিভিন্ন পৰিকল্পনা সন্দৰ্ভত ৰাইজৰ আগত অৱগত কৰাৰ লগতে এইক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰে।
প্ৰেৰক প্ৰাঞ্জল ভূঞা