নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অংগদান–জীৱনদান : অংগদান দিৱস উপলক্ষে বিশেষ লেখা

ডাঃ হিমামনী ডেকা
সহযোগী অধ্যাপিকা
শৰীৰতন্ত্র বিভাগ. গুৱাহাটী চিকিৎসা মহাবিদ্যালয়

মৃত্যুৰ পাছত জীৱন, যেন এক অমৰত্ব প্রদান৷ মৃত ব্যক্তিজনে অজান মুলুকলৈ যাত্রা কৰিলে, কিন্তু অংগদান কৰি তেওঁ যি মহান কর্ম সম্পন্ন কৰিলে, তেওঁ আৰু তেওঁৰ পৰিয়ালবর্গৰ সেয়া যেন এক আত্মিক অৱদান৷ ব্যক্তিজন মৃত হৈ যোৱাৰ পাছতো তেওঁৰ এটি অংগই কাৰোবাৰ বাবে জীৱন সুধা প্রদান কৰিছে, কেনে এক মহান প্রয়াস নহয় জানো।

অংগদান এটি প্রক্রিয়া, য’ত দাতাজনে স্বেচ্ছাই নিজৰ অংগ আন এজনৰ দেহত সংৰোপণৰ বাবে সন্মতি প্রদান কৰে৷ অংগদান জীৱিত আৰু মগজু মৃত্যু তথা হূদযন্ত্র সম্পূর্ণ বিকল হোৱা ব্যক্তিয়ে কৰিব পাৰে৷ জীৱিত অংগদান সাধাৰণতে নিজৰ অত্মীয় যেনে– মাক, দেউতাক, ককাই, ভাই, বাই, ভনী তথা পতি–পত্নী যাৰ ৰক্তগোট(Blood group) ৰোগীজনৰ লগত একেই হয়, বংশগতি তত্ত্ব অনুসৰিও উৎকৃষ্ট দাতা হিচাপে গণ্য কৰা হয়৷ বর্তমান চিকিৎসা বিজ্ঞানৰ উৎকর্ষ সাধনৰ ফলত ৰক্তগোট বেলেগ বেলেগ হ’লেও(ABO incorpatible) সফল সংৰোপণ সম্ভৱপৰ হৈছে৷ জীৱিত অংগ সংৰোপন বৃক্ক(Kidney) আৰু যকৃতৰ ক্ষেত্রত সম্ভৱপৰ৷ এজন সুস্থ ব্যক্তিয়ে নিজৰ এটা বৃক্ক অথবা যকৃতৰ এটা অংশ এজন অংগৰ প্রয়োজন হোৱা ব্যক্তিক দান কৰিব পাৰে৷ কিছু ক্ষেত্রত দেখা যায় যে দুটা, তিনিটা অথবা তাতোকৈ বেছি অংগ দাতা–গ্রাহক(Donor-recipient pair) যোৰাৰ মাজত ৰক্তগোট যদি বেলেগ বেলেগ হয়, প্রতিটো যোৰাৰ দাতা–গ্রাহকৰ তেতিয়া দাতা–গ্রাহক সলনি কৰিও অংগ সংৰোপণ কৰিব পাৰি, যাক অদলা–বদলিকৈ বৃক্ক সংৰোপণ(Sarp transplant) বুলি কোৱা হয়৷ উদাহৰণস্বৰূপে– এটি দাতা–গ্রাহক যোৰা (১) যাৰ তেজৰ গোটা দাত(A) আৰু গ্রাহক(B) আন এটি যোৰাৰ (২) তেজৰ গোট(B) আৰু গ্রাহকৰ তেজৰ গোট(A) ৷ এইক্ষেত্রত প্রথম যোৰাৰ দাতাই যদি দ্বিতীয় যোৰাৰ গ্রাহকক আৰু দ্বিতীয় যোৰাৰ দাতাই যদি প্রথম যোৰাৰ গ্রাহকক বৃক্ক প্রদান কৰে, তাকSwap transplant বুলি কোৱা হয় আৰু এইক্ষেত্রত দাতা আৰু গ্রাহকৰ ৰক্তগোট একেই হৈ পৰে আৰু ৰোগীৰ স্বাস্থ্যৰ অধিক উন্নত ফলাফল আশা কৰা হয়৷

জীৱিত অংগদান প্রথম সংৰোপণ হৈছিল ১৯৫৪ চনত আমেৰিকা যুক্তৰাষ্ট্রৰ ব’ষ্টন চহৰত ডাঃ যোছেফ মার্ছীৰ দ্বাৰা৷ ৰোনেল্ড লি বেৰিকে তেওঁৰ ভাতৃ ৰিচার্ডক দান কৰা বৃক্ক সফল সংৰোপণ কৰি এক যুগান্তকাৰী ইতিহাস ৰচনা কৰা হৈছিল৷

মৃত ব্যক্তিৰ পৰা অংগ সংৰোপণ বুলি ক’লে মগজু মৃত্যু(Brain death) হিচাপে ধৰিব পাৰি৷ ইয়াৰে মগজু মৃত্যু হোৱা ৰোগীক সাধাৰণতে দাতা হিচাপে পছন্দ কৰা হয়, কিয়নো মগজুৰ পৰা অতিমাত্রা ৰক্তক্ষৰণ হোৱা ব্যক্তি এজনক কিছু সময়লৈ ভেণ্টিলেটৰত ৰাখিলে বাকী অংগসমূহ কিছু সময়লৈ কার্যক্ষম হৈ থাকে৷ গতিকে এই সময়ছোৱাত পৰিয়ালৰ লোকৰ সন্মতিক্রমে অংগ সংৰোপণৰ প্রয়োজন থকা ব্যক্তিক এই অংগসমূহ সংৰোপণ কৰিব পাৰি৷ এজন মগজু মৃত ব্যক্তিয়ে ৭জন ব্যক্তিক জীৱনদান কৰিব পাৰে৷ অংগসমূহ হ’ল হূদযন্ত্র, বৃক্ক (দুটা), যকৃৎ, হাঁওফাঁও, অন্দ্রাশয়, খাদ্যনলী৷ ইয়াৰ উপৰি বিভিন্ন কোষ যেনে– হৃদযন্ত্রৰ কপাট, চাল/চর্ম, হাড় আৰু চকুৰ কর্ণিয়া আদিও মগজু মৃত ব্যক্তিৰ পৰা সংৰোপণ কৰিব পাৰি৷

এজন ব্যক্তিয়ে জীৱিতকালতে নিজকে এজন অংগদান কৰা ব্যক্তি(organ donor) হিচাপে সংকল্পবন্ধ কৰিব পাৰে৷ এইক্ষেত্রত কেন্দ্রীয় স্তৰত ৰাষ্ট্রীয় অংগ আৰু কলা সংৰোপণ অনুষ্ঠানেNOTTO (National organ and tissue transplant organisation) অংগদান সম্পর্কীয় সকলো দাতা যুগুত ৰখাৰ উপৰি অংগদান প্রক্রিয়াটো ত্বৰান্বিত কৰাৰ বাবে নানা কার্যক্রম পালন কৰে৷ আঞ্চলিক অংগ আৰু কলা সংৰোপণ অনুষ্ঠানROTTO (Regional organ and tissue transplant organization) আৰু ৰাজ্যিক স্তৰত ৰাজ্যিক অংগ আৰু কলা সংৰোপণ অনুষ্ঠান,SOTTO (State organ and tissue transplant organization) কেইটাই নিজ নিজ স্তৰত নানা কার্যক্রম পালন কৰি আছে৷

আন্তঃৰাষ্ট্রীয় স্তৰত পালন কৰা এটি বিশেষ দিন হৈছে ‘আন্তঃৰাষ্ট্রীয় অংগদান দিৱস’ ১৩ আগষ্ট৷ ১৯৫৪ চনত আমেৰিকা যুক্তৰাষ্ট্রৰ প্রথম বৃক্ক সংৰোপণৰ লগত সংগতি ৰাখি এই দিনটো উদ্যাপন আৰম্ভ হৈছিল৷ প্রতিবছৰে ১৩ আগষ্ট তাৰিখে এই দিনটোত অংগদানৰ জটিল প্রয়োজনীয়তাৰ বিষয়ে সজাগতা তথা অংগদাতা হিচাপে নিজকে সংকল্পবদ্ধ কৰিবৰ বাবে উৎসাহিত কৰা হয়৷ ডাঃ যোছেফ মুৰে, যিজন শল্য চিকিৎসকে প্রথম বৃক্ক সংৰোপণৰ অস্ত্রোপচাৰ কৰিছিল, পাছত তেখেতক তেখেতৰ চিকিৎসা বিজ্ঞানলৈ যোগোৱা অনবদ্য অৱদানৰ বাবে ‘ন’বেল বঁটা’ প্রদান কৰা হয়৷ আন্তঃৰাষ্ট্রীয় অংগদান দিৱসত মহান ইতিহাস স্মৰণ কৰি চিকিৎসা বিজ্ঞানৰ অধিক উৎকর্ষ সাধনৰ বাবে প্রচেষ্টা তথা সুদূৰপ্রসাৰী অংগদানৰ কর্মৰাজিৰ প্রতি জনসাধাৰণক অনুপ্রাণিত কৰা হয়৷ এইবছৰ ‘আপুনি কাৰোবাৰ হাঁহিৰ কাৰণ হওক’‘(Be the reason for someone’s smile) মূলমন্ত্র ৰাখি আন্তঃৰাষ্ট্রীয় অংগদান দিৱস পালন কৰা হৈছে৷

ভাৰতবর্ষত প্রথম মগজু মৃত ব্যক্তিৰ পৰা হূদযন্ত্র সংৰোপণ কৰা হৈছিল ১৯৯৪ চনত আৰু তাৰ লগত সংগতি ৰাখি ৩ আগষ্ট তাৰিখটো ৰাষ্ট্রীয় অংগদান দিৱস হিচাপে পালন কৰা হয়৷ প্রতিবছৰে এই দিনটোৰ এটা মূলমন্ত্র ৰখা হয়, এই বছৰৰ মূলমন্ত্র আছিল ‘অংগদান–জীৱন সঞ্জীৱনী অভিযান’৷ ইয়াৰ লক্ষ্য আছিল অংগ আৰু কোষদানৰ বাবে জনজাগৰণৰ সৃষ্টি কৰা আৰু গোটেই দেশতে প্রতিটো স্তৰতে জনসাধাৰণক অংগদানৰ বাবে অনুপ্রাণিত কৰি তোলা৷ ৰাষ্ট্রীয় অংগদান অভিযানৰ অন্তর্গত জুলাই মাহৰ ১ তাৰিখৰ পৰা ৩১ তাৰিখলৈ অংগদান মাহ হিচাপে পালন কৰা হয়৷ অংগদান মাহৰ কার্যক্রম বিচাপে নানা আলোচনা চক্র, সজাগতা সভা, বাটৰ নাট, সজাগতামূলক উদ্ধৃতি উল্লেখ কৰা ফলক, বেনাৰ আদি জনবহুল এলেকাত প্রদর্শন কৰা হয়৷ এইক্ষেত্রত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রাংগণত থকাROTTO (Regional organ and tissue transplant organization) ই অতি সক্রিয় ভূমিকা গ্রহণ কৰিছে৷ নানা স্তৰত নানা কার্যক্রমণিকাৰে অংগদান সম্পর্কে ধনাত্মক তথা প্রয়োজনীয়তাৰ মূল্যায়নৰ আত্মপ্রকাশৰ অনুৰণনৰ প্রয়াস কৰা হৈছে৷ অংগদানৰ গোটেই প্রক্রিয়াটো এটা বহল বিস্তাৰিত প্রক্রিয়া৷ এই প্রক্রিয়াত প্রথমে মগজুত অধিক ৰক্তক্ষৰণৰ বাবে মগজু মৃত্যু হোৱা ব্যক্তিজনক চিনাক্ত কৰা হয়৷ তাৰ পাছত এটি অভিজ্ঞ চিকিৎসকৰ দলে সেই ব্যক্তিজনৰ দেহত থকা নানা ৰোগ তথা অংগসমূহৰ কার্যক্ষমতাৰ ওপৰত পর্যবেক্ষণ কৰে৷ যদি মগজু মৃত ব্যক্তিজনৰ অংগসমূহ কার্যক্ষম হৈ থাকে কিছু সময়লৈ এই অংগসমূহ সংৰোপণৰ উপযোগী হৈ থাকে৷ এই সময়ৰ ভিতৰত সংৰোপণ কৰিব পাৰিলে এজন ব্যক্তিৰ পৰা ৭জন ব্যক্তিয়ে নৱজীৱন পাব পাৰে৷ ইয়াৰ পাছত অভিজ্ঞ অংগদান পৰামর্শদাতাই ব্যক্তিজনৰ পৰিয়ালক অংগদান সম্পর্কে পৰামর্শ প্রদান কৰে তথা অংগদানৰ সন্মতি আদায়ৰ প্রয়াস কৰে৷ সকলো নিয়মৰ মাজেৰে যদি পৰিয়ালবর্গ তথা ব্যক্তিজনৰ নিকট আত্মীয়ই সন্মতি প্রদান কৰে, পৰৱর্তী কার্যসমূহলৈ আগবঢ়া হয়৷ এইক্ষেত্রত অংগ সংৰোপণৰ বাবে অপেক্ষাৰত ব্যক্তিসকলৰ মাজৰ পৰা নানা তথ্য বিবেচনা কৰাৰ পাছত যিকেইজনক বৈজ্ঞানিকভাৱে সকলোতকৈ বেছি উপযোগী বুলি ভবা হয়, তেওঁলোকৰ তেজৰ লগত দাতাজনৰ তেজৰ কিছু অতি বিশেষ পৰীক্ষা তথা বংশানুতত্ত্বৰ অন্তর্ভুক্ত অতি গুৰুত্বপূর্ণ কিছু পৰীক্ষা অতি প্রয়োজন হৈ পৰে৷ এই পৰীক্ষাসমূহৰ পাছত কোনকেইজন ব্যক্তিৰ দেহত সংৰোপণ সম্ভৱ হ’ব, তাক চিকিৎসা বিজ্ঞানৰ বাকী তথ্যসমূহৰ লগত অনুৱেশন কৰাৰ পাছত সিদ্ধান্ত লোৱা হয়৷ অৱশেষত অংগ সংৰোপণৰ বাবে অপেক্ষাৰত ব্যক্তিজন বাছনি কৰি উলিয়াই মগজু মৃত ব্যক্তিজনৰ পৰা অংগটো পুনৰুদ্ধাৰ(Retrival) কৰি আনি তেওঁৰ দেহত সংৰোপণ কৰিব পাৰি৷ এই সমগ্র প্রক্রিয়াটো অতি ক্ষিপ্র আৰু নিৰৱচ্ছিন্ন–ছিদ্রহী৷ প্রতিটো মুহূর্ততে এটি এটি নতুন অনুভৱভৰা কর্ম সংযোজিত হৈ এক অতি ফলপ্রসূ আৰু কার্যক্ষমভাৱে সম্পূর্ণ কৰিবলৈ কৰা সহযোগিতামূলক প্রচেষ্টাৰ এক উজ্জ্বল নিদর্শন হৈ পৰে৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মগজু মৃত ব্যক্তিৰ পৰা বৃক্ক সংৰোপণ সফলতাৰে সম্ভৱপৰ হৈ উঠিছে৷ জীৱিত ব্যক্তিৰ পৰা অংগ সংৰোপণ আজি বহুত বছৰৰ পৰাই সফলতাৰে চলি আছে আৰু বহুতৰ মুখত হাঁহি বিৰিঙোৱা সম্ভৱপৰ হৈছে৷

মৃত্যুৰ পাছত জীৱন– যিয়ে দান কৰি গ’ল, তেওঁ মহান হৈ গ’ল আৰু সমাজলৈ এৰি গ’ল এক মহীয়ান আদর্শৰ অস্তৰাগ৷

ফোন : ৯৩৯৪৯–৩৮৫৫৯

You might also like