নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুষ্প্রাপ্য প্রজাতিৰ গৰিলাৰ বাবেও ভাবুকি ক’ৰোনা

সতর্কতা অৱলম্বন কংগো–ৰাৱাণ্ডাৰ

নিয়মীয়া বাৰ্তা, ২৪ মার্চঃ বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা মাৰাত্মক ক’ৰোনা ভাইৰাছে আফ্রিকাৰ দুষ্প্রাপ্য প্রজাতিৰ পার্বত্য অঞ্চলত বিচৰণ কৰা গৰিলাৰ অস্তিত্বলৈও কঢ়িয়াই আনিছে ভাবুকি ৷ বন তথা প্রাণী সংৰক্ষকসকলে এই সতর্কবাণী কৰিছে ৷ নতুন এই ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯এ দুষ্প্রাপ্য প্রজাতিৰ গৰিলাৰ শৰীৰত প্রৱেশ কৰিলে সংহাৰী ৰূপ ধাৰণ কৰিব বুলি প্রাণী সংৰক্ষকসকলে ঘোষণা কৰিছে ৷ উল্লেখনীয় যে বিশ্বৰ পার্বত্য অঞ্চলত বাস কৰা গৰিলাৰ এক–তৃতীয়াংশৰ বিচৰণ ভূমি হৈছে কংগোৰ ভিৰুনগা ৰাষ্ট্রীয় উদ্যান ৷ এই উদ্যানখনত ইতিমধ্যে দেশী–বিদেশী পর্যটকৰ প্রৱেশত বাধা প্রদান কৰিছে কংগো চৰকাৰে৷ সেইদৰে ৰাৱাণ্ডা চৰকাৰেও দেশখনৰ তিনিখন ৰাষ্ট্রীয় উদ্যানত সকলোধৰণৰ গৱেষণাৰ কাম বন্ধ ৰখাৰ উপৰি পর্যটকৰ প্রৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে ৷ অৱশ্যে অন্য এখন আফ্রিকান ৰাষ্ট্রই ইয়াৰ অভয়াৰণ্যসমূহত বিদেশী পর্যটকৰ প্রৱেশ নিষিদ্ধ কৰা নাই৷ ক’ৰোনাৰ সংক্রমণৰ বাবেই ইতিমধ্যে দেশখনত বিদেশী নাগৰিকৰ প্রৱেশ বন্ধ হৈছে ৷

You might also like