নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯৯২ বনাম ২০২৫ : ড০ হীৰেন গোহাঁইৰ স্ববিৰোধী স্থিতি : বেদখল–উচ্ছেদ ৰাজনীতি (৭)

🔹 ধ্রুৱ  মহন্ত
জাতি ৰক্ষাৰ উদাত্ত আহ্বান দিছিল অসমকেশৰীয়ে 
প্রব্রজনকাৰীৰ আগ্রাসনৰ বিৰুদ্ধে জাতিৰ সুৰক্ষাৰ প্রশ্ণত আজিৰ পৰা এটা শতিকাৰ পূর্বেই অসমক সন্মুুখৰ পৰা নেতৃত্ব দিছিল অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীয়ে৷ পূর্ববংগীয় মুছলমানৰ আগ্রাসনৰ বিৰুদ্ধে এটা শতিকাৰ পূর্বেই জাতিক সংগঠিত কৰি দেশ–জাতিৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ যৎপৰোনাস্তি চেষ্টা চলাইছিল অসমকেশৰীয়ে৷ দেশ বিভাজন আৰু স্বাধীনতাৰ প্রাক্ক্ষণত অসমক পাকিস্তানৰ অন্তর্ভুক্ত কৰাৰ ভয়ানক ষডযন্ত্র তথা মুছলিম লীগৰ সদস্যই খিলঞ্জীয়াৰ ওপৰত চলোৱা পৰিকল্পিত আক্রমণৰ বিৰুদ্ধে অসম আত্মৰক্ষী বাহিনী গঠন কৰি অসমীয়া জাতিৰ সুৰক্ষা বেহু গঢ়ি তুলিছিল অম্বিকাগিৰী ৰায়চৌধুৰীয়ে৷ দেশৰ স্বাধীনতাৰ ক্ষণত মুছলিম লীগৰ গুণ্ডাৰাজক মুকলি প্রত্যাহ্বান জনাই ১৯৪৬ চনত ‘অসম আত্মৰক্ষী বাহিনী গঠন’ শীর্ষক লেখাত তেওঁ লিখিছিল- ‘আইন অমান্য কৰি ৰিজার্ভ আৰু পট্টাৰ মাটিবোৰ বলেৰে দখল কৰা নতুন বাহিৰৰ লোকসকলক উচ্ছেদৰ বাবে অসম গৱর্নমেণ্টে গ্রহণ কৰা নীতিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি মুছলিম লীগৰ গুণ্ডা দলে আমাৰ শান্তিপূর্ণ অসমকো অৰাজক ৰক্তপাতৰ এখন অশান্তিপূর্ণ নৰকত পৰিণত কৰিবলৈকে উদ্যোগ কৰাৰ কাম প্রত্যক্ষ দেখা গৈছে৷ এই উদ্দেশ্যে মুছলিম লীগে বাহিৰৰ পৰা নিতৌ শই শই নতুন নতুন গুণ্ডা প্রকৃতিৰ লোক আমদানি কৰি অসমৰ গাঁৱে–ভূঞে সুমুৱাই দিছে৷ এই গুণ্ডা দলে প্রবলভাৱে সংঘবদ্ধ হৈ অসমীয়া ৰাইজক আৰু অসম গৱর্নমেণ্টক কাম–কাজ আৰু মতি–গতিৰে দেখুৱাই কৈ দিছে, আমি বে–আইনীকৈ দখল কৰা ৰিজার্ভ আৰু পট্টাৰ মাটিবোৰ কেতিয়াও এৰি নিদিওঁ৷ অসম চৰকাৰ আৰু অসমীয়া ৰাইজে যুটীয়াভাৱে উঠাবলৈকে চেষ্টা কৰিলেও আমি ‘প্রত্যক্ষ সংগ্রাম’ চলাই গাৰ বলেৰে সেই মাটি দখল কৰি থাকিম৷ কিন্তু এইবোৰ মাটি অসমীয়াৰ চিৰকলীয়া পৈতৃক সম্পত্তি৷’
‘এই গুণ্ডা দলে শান্তি কেতিয়াও ভাল নাপায়৷ সেইবাবেই আমাৰ পৈতৃক সম্পত্তিৰ ওপৰত বে–আইনী আক্রমণ চলাবলৈকে এই দল সংকুচিত হোৱা নাই৷ হাই–কাজিয়া, মৰা–কটাৰ অশান্তিত থকাটোৱে এই দলৰ ধর্ম৷ এই দলৰ কার্যবোৰ প্রকৃত হিন্দু, মুছলমান, বৌদ্ধ, খ্রীষ্টিয়ান, ট্ৰাইবেল নির্বিশেষে মানৱধর্মী মাত্রকৰে ঘৃণনীয়৷…’ (অম্বিকাগিৰী ৰায়চৌধুৰী ৰচনাৱলী)
অসমকেশৰীয়ে আৰু লিখিছিল– ‘অসমৰ বাহিৰতো অসমীয়াৰ ক’তো ঠাই নাই৷ বংগৰ নোৱাখালিৰ উপদ্রৱত লোকবিলাক অসমলৈ আহিছে, কিন্তু অসমত গুণ্ডা দলৰ উপদ্রৱ হ’লে আমি অসমীয়া যাম ক’লৈ, পর্বতৰ বাহিৰেতো আন ঠাই নাই৷ কিন্তু তাতো আমি নির্মূল নহ’মনে? গতিকে, অসমীয়াৰ ৰক্ষাৰ উপায় কি?’
‘উপায়, একমাত্র অসমীয়া পুৰুষ–তিৰোতা নির্বিশেষে ‘আত্মৰক্ষী বাহিনী’ত যোগ দি প্রবল সংঘবদ্ধ শক্তিৰে মুছলিম লীগৰ গুণ্ডা দলৰ উপদ্রৱৰ পৰা আত্মৰক্ষা কৰা৷ আহক! হিন্দু–বৌদ্ধ–মুছলমান-ট্ৰাইবেল-খ্ৰীষ্টিয়ান অসমীয়া ভাই–ভনীসকল! আহক! আমি আমাৰ সকলো দুর্বলতা এৰি আত্মৰক্ষী বাহিনী গঠন কৰি বজ্রৰ দৰে প্রচণ্ড শক্তিৰে আমাৰ পৈতৃক ঘৰ–বাৰী আমি মুছলমান লীগৰ আক্রমণৰ পৰা ৰক্ষা কৰোঁ৷…’
‘সাম্রাজ্যবাদী ব্রিটিছৰ প্রিয় শিষ্য মুছলিম লীগেও সেইবাবে অসমীয়া জাতিক নির্মূল কৰি পাৰস্পৰিক সহযোগেৰে অসমৰ ওপৰত ব্রিটিছ–পাকিস্তানী শোষণ অব্যাহত চলাই থাকিবলৈকে, বাহিৰৰ পৰা মুছলিম লীগপন্থী অবাৰিত পমুৱাৰ সোঁত বোৱাই অসমক ৰক্ষা কৰিবলৈকে প্রৱর্তন কৰা লাইন প্রথাটো বলেৰে উচ্ছেদ কৰি চৰণীয়া ৰিজার্ভ, গৱর্নমেণ্টৰ ৰিজার্ভ আৰু পট্টাৰ মাটিতো বে–আইনী পমুৱাৰ সোঁত সুমুৱাই দি গাঁৱে–ভূঞে এই মাটিকেই দখল কৰিব ধৰিছে আৰু এই আইনবিৰুদ্ধ অৰাজকতা দমন কৰিবলৈকে গ্রহণ কৰা অসম চৰকাৰৰ উচ্ছেদ নীতি ব্যর্থ কৰি অসমক পাকিস্তানভুক্ত কৰিবলৈকে প্রবলভাৱে সংঘবদ্ধ হৈছে৷ এই মাটি অসমীয়াৰ হাতৰ পৰা গ’লে সবংশে নির্মূল হ’ব৷ অসমৰ মাটি অসমীয়াৰ চিৰকলীয়া পৈতৃক জাতীয় সম্পত্তি৷ এই পৈতৃক সম্পত্তি অসমীয়াই সংঘবদ্ধ শক্তিৰে সর্বতোভাৱে ৰক্ষা কৰিবই লাগিব৷ নহ’লে অসমীয়াৰ ৰক্ষা নাই৷ অসমৰ বাহিৰে অসমীয়া জাতি ৰক্ষা পৰিবলৈকে আন ক’তো ঠাই নাই৷’ (অম্বিকাগিৰী ৰায়চৌধুৰী ৰচনাৱলী)
অসমকেশৰীৰ সুৰতে সকীয়নি দিছিল ড০ হীৰেন গোহাঁয়েও  
অসমকেশৰীৰ এই সকীয়নিৰ প্রায় পাঁচটা দশকৰ পিছত ব্যাপক প্রব্রজন তথা জনগাঁথনিৰ পৰিৱর্তন সন্দর্ভত অসমবাসীক সকীয়াই দিছিল ড০ হীৰেন গোহাঁয়ে৷ অসমৰ জনগাঁথনিৰ অস্বাভাৱিক পৰিৱর্তন সন্দর্ভত ৰাইজক সকীয়নি দি ড০ হীৰেন গোহাঁয়ে লিখিছিল– ‘বিদেশী অনুপ্রৱেশকাৰীৰ সমস্যাটো এনে এবিধ সমস্যা৷ খিলঞ্জীয়া গোষ্ঠীৰ মানুহ হিচাপে ময়ো আন অসমীয়াৰ দৰে সমস্যাটোক লৈ উদ্বিগ্ণ৷ এইটো কেৱল আৱেগৰ কথা নহয়, হকৰ কথা৷ আমাৰ জীৱিতাৱস্থাতে আমি ‘নিজভূমে পৰবাসী’ হ’ব লাগিব, সেইটো গ্রহণ কৰিম কেনেকৈ?’ (‘আজিৰ অসম’, ২২ জুলাই, ১৯৯২)
সমগ্র বিষয়টোৰ ক্ষেত্রত তদানীন্তন কংগ্রেছ চৰকাৰক কঠোৰ সমালোচনা কৰি ড০ গোহাঁয়ে লিখিছিল– ‘সমস্যাটো যে আছে সন্দেহ নাই৷ অথচ দেখা গৈছে যে শাসক শ্রেণীয়েই সমস্যাটো ৰাইজৰ মাজত উলিয়াই দি সমাধানৰ ক্ষেত্রত বালিত মূৰ গুঁজিছে৷ হিতেশ্বৰ শইকীয়াই এহাতে ত্রিশ লাখ বাংলাদেশী উলিয়াই আনহাতে টিপতে লুকুৱালে৷ প্রধানমন্ত্রীয়ে অসমত এই সমস্যা প্রবল বুলি কৈ গণ পৰিষদ, ছাত্র সন্থা, সকলোৰে হাতচাপৰি ল’লে৷ কিন্তু কামৰ বেলিকা তেওঁৰ দলৰে মুখ্যমন্ত্রীয়ে ঘোষণা কৰিলে যে আই এম ডি টি আইনৰ সংশোধন নহয়৷ উ:–পূ: ভাৰতৰ কংগ্রেছ (আই) দলৰ সমন্বয়ৰক্ষী সমিতিয়ে সমস্যাটো সম্পর্কে তথ্যপাতিসহ তীব্র আশংকা প্রকাশ কৰিছে, কিন্তু সমাধানৰ বাবে কোনো পৰামর্শ আগবঢ়োৱা নাই৷ স্বাভাৱিকতে ইয়াৰ ফলত  উত্তেজনা আৰু আশংকা বৃদ্ধি পাব৷’ (‘আজিৰ অসম’, ২২ জুলাই, ১৯৯২)
ৰাজ্যৰ পৰিস্থিতিত উদ্বেগ প্রকাশ কৰাৰ লগতে খিলঞ্জীয়া ৰাইজক সম্ভাব্য বিপদ সম্পর্কে সকীয়াই দি ড০ গোহাঁয়ে পুনৰ লিখিছিল– ‘অসমৰ নানা ঠাইত নানাবিধৰ বাট–পথ, সেতু–সাঁকো, ঘৰ–বাৰী, কল–কাৰখানা আদি সজাৰ বাবে বা সাময়িক কৃষিকার্যৰ বাবে বৃহৎ পৰিমাণৰ শ্রমিকৰ প্রয়োজন হয়৷ খিলঞ্জীয়া মানুহ এনে শ্রমত অভ্যস্ত নহয়, তেওঁলোকৰ মজুৰিও বেছি৷ সেয়ে ঠিকাদাৰসকলে কামৰূপ–গোৱালপাৰা চৰ অঞ্চলৰ মানুহক এনে কামত খটায়–তেওঁলোকৰ মজুৰি কিছু কম৷ কিন্তু নতুনকৈ সেই অঞ্চলৰ লোক অসমৰ কেউপিনে বিয়পি যোৱা বাবেও বাংলাদেশীৰ ধল বাগৰি অহা বুলি মানুহৰ সন্দেহ হয়৷ কিন্তু এচাম ঠিকাদাৰে এই সুযোগতে বাংলাদেশী শ্রমিক ব্যৱহাৰ কৰাটোও সঁচা৷ সেয়ে ঠিকাদাৰসকলৰ শ্রমিক নিয়োগত চকু দিয়াৰ সময় হৈছে৷ প্রতিটো বৃহৎ নির্মাণকার্য আদিত নিয়োগ কৰা শ্রমিকৰ নাম–ঠিকনা ঠিকাদাৰে দাখিল কৰিব আৰু মাজে–সময়ে সেইবোৰৰ সত্যতা পৰীক্ষা কৰা হ’ব৷… জানি–শুনি বৃহৎসংখ্যক বাংলাদেশী শ্রমিক আমদানি কৰা ঠিকাদাৰৰ তৎক্ষণাৎ কঠোৰ শাস্তি হোৱা উচিত৷’ (‘আজিৰ অসম’, ২২ জুলাই, ১৯৯২)
ড০ গোহাঁয়ে আৰু লিখিছিল – ‘এইবাৰৰ লোকপিয়লত কিন্তু লোকপিয়লৰ লগত জড়িত বিষয়াৰ মতেই (ঘৰুৱা আলাপত) অসমীয়াৰ অনুপাত কমিছে৷ ইয়াৰ কাৰণ বাংলাদেশীৰ অনুপ্রৱেশ হ’ব পাৰে৷ কথাটো অৱশ্যে সাৱধানে পৰীক্ষা কৰিহে ক’ব পৰা যাব৷ ‘মিঞা’ মাত্রেই বাংলাদেশী নহয়, কিন্তু দিল্লী মহানগৰীত যেতিয়া ২ লাখ বাংলাদেশী (দিল্লীৰ পৰা প্রকাশিত খবৰ কাগজৰ মতে), অসমত সোমোৱা নাই বুলি ভাবিব নোৱাৰি৷ বিশেষকৈ টকাৰ খঁকত ৰজা–বিষয়া এনে বলিয়া যে দেশ বা জাতিৰ নিৰাপত্তাৰ বাবে প্রয়োজনীয় কামখিনি ক’ত কৰিব? সেয়ে বাংলাদেশীৰ অনুপ্রৱেশ বন্ধ হোৱা নাই বুলি ধৰিব পাৰি৷’ (‘আজিৰ অসম’, ৭ মে’, ১৯৯২)
জাতিৰ বিপদ সন্দর্ভত ড০ গোহাঁয়ে আৰু লিখিছিল– ‘সম্পূর্ণ ৰাজনৈতিক কাৰচাজিৰে অসমৰ জনসংখ্যাত অসমীয়াভাষীৰ অনুপাত ৫৭ শতাংশৰ পৰা ৭১ শতাংশলৈ বঢ়োৱা হ’ল! এনে উপৰুৱা বিকাশ স্বাভাৱিকতে অতি ঠুনুকা৷ আৰু আন শক্তিৰ খুন্দাত সি যেতিয়া চূর্চুমৈ হয়, তেতিয়া প্রকট হৈ পৰে যে অসমীয়া জাতিগঠনৰ অর্থনৈতিক আৰু সাংস্কৃতিক ভেটি কেনে দুর্বল৷’ (‘আজিৰ অসম’, ৭ মে’, ১৯৯২)
৩০০ শতাংশ পর্যন্ত ভোটাৰ বৃদ্ধিক লৈ তুলিছিল প্রশ্ণ
ইমানতে ক্ষান্ত নাথাকি ব্যাপক অনুপ্রৱেশে অসমৰ জনগাঁথনিকে সলাই পেলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি ড০ গোহাঁয়ে আৰু কৈছিল– ‘এইটো যুক্তি, তথ্য, বিশ্লেষণৰ কথা৷ কোনো ঠাইত যদি ভোটাৰৰ তালিকা ১০০ শতাংশ বা ৩০০ শতাংশ বাঢ়ে আৰু সেইবোৰ যদি দেশৰ আন ঠাইৰ মানুহ নহয়, তেন্তে সেইবোৰৰ অধিকাংশ বিদেশী হ’বই লাগিব৷ কাৰণ সেই সময়ত দেশৰ বা অসমৰ জনসংখ্যা ইমান বৃদ্ধি পোৱা নাই৷ এই যুক্তি বিজ্ঞানসন্মত৷ ইয়াৰ বিৰুদ্ধে তেওঁলোকৰ ক’বলগীয়া একো থাকিব নোৱাৰে৷ আৰু যদি বিদেশী আছেই, তেন্তে চিনাক্ত কৰি ভোটাৰ তালিকাৰ পৰা বহিষ্কাৰ কৰিব লাগিব৷ অন্যথা বিদেশীয়েই দেশৰ নির্বাচনৰ ফলাফল নির্ধাৰণ কৰিব৷’ (‘আজিৰ অসম’, ২৭ এপ্রিল, ১৯৯৩)
হিন্দু–বাংলাদেশীৰ দায়িত্ব ল’ব লাগিব ভাৰত চৰকাৰে : ড০ গোহাঁয়ে তুলিছিল দাবী
কেৱল ইমানেই নহয়, ড০ হীৰেন গোহাঁয়েই বোধকৰোঁ অসমৰ প্রথমজন ব্যক্তি, যি তিনিটা দশকৰ পূর্বেই ভাৰত চৰকাৰে বাংলাদেশী হিন্দুৰ দায়িত্ব গ্রহণ কৰিব লাগিব বুলি ৰাজহুৱাভাৱে দাবী উত্থাপন কৰিছিল৷ ‘কা’ অহাৰ কেইবাদশক পূর্বেই এই দাবী ৰাজহুৱাভাৱে উত্থাপন কৰি ড০ গোহাঁয়ে লিখিছিল– ‘বাংলাদেশৰ হিন্দু জনসংখ্যাৰ নিৰাপত্তা আদিৰ আংশিক দায়িত্ব ভাৰত চৰকাৰৰ৷ এইটো কোনো ধর্মীয় সাম্প্রদায়িকতাৰ কথা নহয়৷ ধর্মৰ ভিত্তিত দেশ বিভাজন মানি লোৱাৰ পিছত হয় ভাৰতে পূব পাকিস্তানৰ সংখ্যালঘুসকলক ভাৰতত স্থান দিব লাগিব, নহয় তেওঁলোকক নিৰাপত্তা দিবলৈ সেই চৰকাৰক বাধ্য কৰাব লাগিব৷ ১৯৭২ চনত বাংলাদেশৰ লগত হোৱা চুক্তিৰ ভিত্তিতো তেনে হেঁচা ভাৰতে আজিও প্রয়োগ কৰিব পাৰে৷ যদি কিবা কাৰণত ভাৰত চৰকাৰে সেই দায়িত্ব ল’ব নোখোজে, তেন্তে বাংলাদেশী হিন্দুৰ দায়িত্ব ভাৰতৰ সকলো ৰাজ্যৰ মাজত সমানে ভগাই দিব লাগিব৷ কিন্তু দায়িত্ব এৰাব নোৱাৰে৷’ (‘আজিৰ অসম’, ১২ জুলাই, ১৯৯২)
কোনজন ড০ গোহাঁই শুদ্ধ ? ১৯৯২–৯৩ৰ জন নে ২০২৪–২৫ৰ জন? 
তিনিটা দশকৰ পূর্বে এনেবোৰ দাবী–স্থিতি ৰাজহুৱাভাৱে প্রকাশ কৰাৰ পিছত সম্প্রতি ২০২৪–২৫ত ড০ হীৰেন গোহাঁয়ে গ্রহণ কৰিছে সম্পূর্ণ বিপৰীত স্থিতি৷ শেহতীয়াকৈ ৰাজ্যত চলা বেদখল উচ্ছেদ অভিযানৰ তীব্র বিৰোধিতা কৰিছে ড০ গোহাঁয়ে৷ ড০ গোহাঁয়ে ৰাজ্যৰ বিভিন্ন প্রান্তৰ বনাঞ্চল–গ্রেজিংলেণ্ড আদিত ব্যাপক বেদখল চলোৱা প্রব্রজনকাৰী লোকসকলৰ উচ্ছেদ অভিযানৰ তীব্র বিৰোধিতা কৰাৰ লগতে আনকি এই প্রব্রজনকাৰী ‘মিঞা’সকলৰ প্রায়খিনিয়েই ভাৰতীয় নাগৰিক বুলি দাবী কৰিছে৷ ড০ গোহাঁইৰ দাবী অনুসৰি– বর্তমানৰ চৰকাৰে মুছলিমবিদ্বেষৰ বাবেহে ৰাজ্যত এই উচ্ছেদ অভিযান চলাইছে৷ আনহাতে ‘কা’ আইনৰ পটভূমিত বাংলাদেশ–পাকিস্তান-আফগানিস্তানৰ নির্যাতিত ধর্মীয় সংখ্যালঘুক (হিন্দু, শিখ, বৌদ্ধ, খ্রীষ্টান আদি), বিশেষকৈ বাংলাদেশত নির্যাতনৰ বলি হোৱা হিন্দুক নাগৰিকত্ব প্রদানৰ প্রস্তাৱৰো তীব্র বিৰোধিতা কৰি আহিছে ড০ গোহাঁয়ে৷
কিন্তু ড০ গোহাঁইৰ এনে স্ববিৰোধী স্থিতিয়ে অসমৰ ৰাইজক এতিয়া বাৰুকৈয়ে বিভ্রান্ত কৰিছে৷ সময়ভেদে তেওঁৰ এনে ভাষ্য পৰিৱর্তনে কি সূচায়? ৰাইজে এতিয়া কোনজন ড০ হীৰেন গোহাঁই শুদ্ধ বুলি বিবেচনা কৰিব? ১৯৯২–৯৩ৰ জন নে ২০২৪–২৫ৰ জন? তেওঁ ১৯৯২–৯৩ত শুদ্ধ কথা কৈছিল নে ২০২৪–২৫ত শুদ্ধ কথা কৈছে? এইক্ষেত্রত ড০ গোহাঁয়ে নিজেহে তেওঁৰ শুদ্ধ ভাষ্য কি আৰু ভুল ভাষ্য কি- সেয়া স্পষ্ট কৰিব পাৰিব৷
You might also like