নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহৰ ক্ষেত্রত শচীনৰ পথেৰেই আগবাঢ়িছে পুত্র অর্জুন

নিউজ ডেস্ক, ১৮ আগষ্ট : বিবাহৰ ক্ষেত্রত পিতৃ শচীন তেণ্ডুলকাৰৰ পথেৰেই আগবাঢ়িছে পুত্র অর্জুন তেণ্ডুলকাৰ৷ বয়সত তেওঁতকৈ ডাঙৰ যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব অর্জুন৷ কিছুদিন পূর্বে ছানিয়া ছান্দোকৰ সৈতে বিবাহৰ বাগদান অনুষ্ঠান সম্পন্ন হৈছে অৰ্জুনৰ৷ ছানিয়া বয়সত অর্জুনতকৈ এবছৰ ডাঙৰ৷ যোৱা ১৩ আগষ্টত দুয়োৰে বাগদানৰ খবৰ পোহৰলৈ আহে৷

ছানিয়াৰ জন্ম ১৯৯৮ চনৰ ২৩ জুনত৷ অর্থাৎ তেওঁৰ বয়স ২৬ বছৰ৷ আনহাতে অর্জুনৰ জন্ম ১৯৯৯ চনৰ ২৪ ছেপ্টেম্বৰত আৰু তেওঁৰ বয়স এতিয়া ২৫ বছৰ৷ অর্থাৎ অর্জুনতকৈ এবছৰ তিনি মাহ ডাঙৰ ছানিয়া৷ অর্জুন তেওঁৰ জ্যেষ্ঠ ভগ্ণী ছাৰা তেণ্ডুলকাৰতকৈ দুবছৰ সৰু৷

উল্লেখ্য যে কিংবদন্তি ক্রিকেটাৰ শচীনে ১৯৯৫ চনত বিয়া কৰাইছিল চিকিৎসক যুৱতী অঞ্জলিক৷ তেওঁলোকৰ বয়সৰ ব্যৱধান আছিল ৫ বছৰ৷ শচীনৰ জন্ম ১৯৭৩ চনৰ ২৪ এপ্রিলত আৰু অঞ্জলিৰ জন্ম ১৯৬৭ চনৰ ১০ নৱেম্বৰত৷ বিয়াৰ পিছত অঞ্জলিয়ে চিকিৎসকৰ বৃত্তি ত্যাগ কৰে৷ নিজৰ ক্রিকেট জীৱনৰ সাফল্যৰ আঁৰত বাৰে বাৰে অঞ্জলিৰ কথা উল্লেখ কৰিছে শচীনে৷ অৱসৰৰ দিনাও পত্নী আৰু দুই সন্তান তেওঁৰ লগত আছিল৷

পুত্র অর্জুনৰ হ’বলগীয়া পত্নী ছানিয়াই অধ্যয়ন কৰিছিল কেথিড্রেল এণ্ড জন কেনন স্কুলত৷ ইয়াৰ পিছত তেওঁ লণ্ডন স্কুল অৱ ইক’নমিক্সত বিজনেছ মেনেজমেণ্ট বিষয়ত পঢ়া–শুনা কৰে৷ ২০২০ চনত শিক্ষা সমাপ্ত কৰি তেওঁ দেশলৈ উভতি আহে আৰু নিজৰ ব্যৱসায় আৰম্ভ কৰে৷ ছানিয়া এগৰাকী পশুপ্রেমী৷ মুম্বাইৰ মানুহৰ মাজত পোহনীয়া জন্তুৰ জনপ্রিয়তা দেখি ‘মিষ্টাৰ পোজ পেট স্পা এণ্ড ষ্টোৰ’ আৰম্ভ কৰে ছানিয়াই৷ ইয়াত পোহনীয়া জন্তুৰ যত্ন লোৱাৰ লগতে এই সম্পর্কীয় কাম–কাজ কৰে যদিও এইপর্যন্ত বিশেষ লাভৰ মুখা দেখা নাই৷

ইপিনে, মুম্বাইৰ হৈ অর্জুনৰ ক্রিকেট জীৱন আৰম্ভ হয় ২০২০–২১ চনত৷ হাৰিয়ানাৰ বিৰুদ্ধে টি–২০ত অভিষেক ঘটা অর্জুনে ইয়াৰ আগতে মুম্বাইৰ হৈ জুনিয়ৰ পর্যায়ত ক্রিকেট খেলিছিল৷ কিন্তু ছিনিয়ৰ দলত স্থান নোপোৱাত ২০২২–২৩ চনত তেওঁ গোৱালৈ যায়৷ তাত প্রথম শ্রেণীৰ ক্রিকেটত আৰু লিষ্ট ‘এ’ ক্রিকেটত অভিষেক ঘটায়৷ ৰঙা বলৰ ক্রিকেটত ১৭খন মেচ খেলি অর্জুনে কৰিছে ৫৩২ ৰান৷ ইয়াৰ ভিতৰত আছে এটা শতৰান, দুটা অর্ধশতৰান আৰু ৩৭টা উইকেট৷

You might also like