🔹 ৭ মাহ পূৰ্বে প্ৰেমৰ নাটকেৰে নুৰে বিবাহ কৰাইছিল হিন্দু যুৱতীক
নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট : তিতাবৰত এগৰাকী হিন্দু যুৱতীক এজন মুছলমান যুৱকে কৌশলেৰে বিবাহপাশত আবদ্ধ কৰাই বৰ্তমান অমানৱীয় শাৰীৰিক-মানসিক অত্যাচাৰ চলোৱাৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। বলপূৰ্বক গো-মাংস ভক্ষণ কৰাবলৈ চেষ্টা কৰাকে ধৰি অমানুষিক অত্যাচাৰৰ বলি হোৱা গৰ্ভৱতী হিন্দু যুৱতীগৰাকীৰ পিতৃয়ে তিতাবৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিবলগীয়া হোৱাৰ পিছতে আজি তিতাবৰৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
তথ্য অনুসৰি, তিতাবৰৰ নুৰ ৰহমান নামৰ এজন যুৱকে সাত মাহ পূৰ্বে প্রেমৰ নাটকেৰে তিতাবৰৰে এগৰাকী হিন্দু যুৱতীক পৰিয়ালৰ অমান্তিত বিয়া কৰাইছিল। বিবাহৰ কিছুদিনৰ পিছৰে পৰা নুৰে অন্তঃসত্ত্বা পত্নীৰ ওপৰত শাৰীৰিক-মানসিক অত্যাচাৰ আৰম্ভ কৰে বুলি অভিযোগ উত্থাপন হৈছে। গো-মাংস ভক্ষণ নকৰিলে, বোৰ্খা নিপিন্ধিলে গৰ্ভত থকা সন্তানসহ যুৱতীগৰাকীক মাৰি পেলোৱাৰো ভাবুকি দি আহিছিল বুলি অভিযোগ উঠিছে।
উল্লেখ্য যে ১৬ আগষ্টৰ নিশা তিতাবৰ আৰক্ষীৰ ওচৰলৈ আহিছিল দুয়োটা পক্ষ। আৰক্ষী থানাৰ পৰা ওলোৱাৰ পাছতে নুৰ ৰহমানৰ জ্যেষ্ঠ ভগ্নীয়ে হিন্দু যুৱতীগৰাকীৰ গৰ্ভৰ সন্তানটোক মাৰি পেলাও বুলি আৰক্ষী থানাৰ বাহিৰতে যুৱতীগৰাকীৰ পেটত গোৰ মাৰি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। তেনে আকস্মিক আক্ৰমণত গৰ্ভৱতী যুৱতীগৰাকী সেই স্থানতে ঢলি পৰে। পৰিয়ালে ততাতৈয়াকৈ যুৱতীগৰাকীক তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। বৰ্তমান যোৰহাট মেডিকেল কলেজ হাস্পতালত গৰ্ভৱতী যুৱতীগৰাকীয়ে গৰ্ভত থকা সন্তানটোৰ সৈতে জীৱন-মৃত্যুৰে যুঁজি আছে।
সমগ্ৰ ঘটনা সন্দৰ্ভত তিতাবৰ আৰক্ষী থানাত ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰে আৰু আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে।
প্ৰেৰক অজয় শইকীয়া