নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

News Update : জাজৰিত ভয়ংকৰ ঘটনা, পলাতক ভাতৃ

News Update : কালি নিশা নগাঁৱৰ জাজৰিৰ বগৰীগুৰিত সংঘটিত হয় এটা ভয়ংকৰ ঘটনা। ঘটনা অনুসৰি ভাতৃয়ে লাখুটিৰে কোবাই হত্যা কৰিলে ককায়েকক। ভাতৃৰ লাখুটিৰ কোবত নিহত ককায়েকৰ নাম সুৰেন হীৰা।

ইফালে ভাতৃক হত্যা কৰি হত্যাকাৰী ভাতৃ পদুম হীৰা সম্প্ৰতি পলাতক হৈ আছে।

ঘটনাৰ কাৰণ অনুসৰি পাৰিবাৰিক কন্দলৰ বাবেই সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড।

আনহাতে ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্হা কৰে। আৰক্ষীয়ে হত্যাকাৰী ভাতৃক বিচাৰি আৰম্ভ কৰিছে তদন্ত।

Niyomiya Barta Desk, 19 August

You might also like