১৪ ছেপ্টেম্বৰত ক্রিকেট জগতৰ শ্রেষ্ঠ যুদ্ধ ভাৰত-পাকিস্তানৰ মেচ
🔹 এছিয়া কাপৰ হাইভল্টেজ খেলৰ বিজ্ঞাপনৰ হাৰ আকাশলংঘী
নিউজ ডেস্ক, ১৯ আগষ্ট : পেহেলগাম আক্রমণৰ পিছত ভাৰত–পাকিস্তান ক্রিকেট সম্পর্ক কোন দিশলৈ যাব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ ইয়াৰ মাজতে ঘোষণা কৰা হৈছে এছিয়া কাপৰ সময়সূচী৷ ১৪ ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত হ’ব দুই চিৰন্তন প্রতিদ্বন্দ্বী ভাৰত–পাকিস্তানৰ মেচ৷ উক্ত মেচখনৰ বাবে এতিয়াৰে পৰা বাঢ়িছে উত্তেজনা৷ ভাৰত–পাকিস্তানৰ হাইভল্টেজ মেচখনৰ সময়ত সম্প্রচাৰ চেনেলত বিজ্ঞাপনৰ বজাৰ মূল্য আকাশলংঘী হোৱাৰ দিশে আগবাঢ়িছে৷
ক্রিকেটৰ জগতৰ শ্রেষ্ঠ যুদ্ধ হ’ল ভাৰত–পাকিস্তানৰ মেচ৷ কেৱল দুয়োখন দেশৰ কোটি কোটি লোকেই নহয়, বিশ্বৰ বিভিন্ন প্রান্তৰ লোকে এই মেচখন চাবলৈ আগ্রহী৷ স্বাভাৱিকতে সকলো কোম্পানীয়ে এই বৃহৎসংখ্যক দর্শকৰ আগ্রহ আৰু উন্মাদনাক নিজৰ বিজ্ঞাপনৰ প্রচাৰৰ বাবে ব্যৱহাৰ কৰিবলৈ আগ্রহী৷ কিন্তু এছিয়া কাপৰ ক্ষেত্রত যেন পূর্বৰ সকলো অভিলেখ ভংগ কৰিবলৈ গৈ আছে৷ কাৰণ হ’ল- সাম্প্রতিক সময়ত যিহেতু দুয়োখন দেশৰ মাটিত ভাৰত–পাকিস্তানৰ মেচ খেলা নহ’ল, সেয়েহে ষ্টেডিয়ামত খেলখন চোৱাৰ পৰা বহু লোক বঞ্চিত হৈছে৷ তেনে ক্ষেত্রত টিভি বা বিভিন্ন এপেই একমাত্র আশা৷ এছিয়া কাপৰ অধিকাৰ ছ’নী টিভিৰ৷
সর্বভাৰতীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি, এছিয়া কাপত পাকিস্তানৰ বিপক্ষে ভাৰতৰ খেলখনৰ ১০ ছেকেণ্ডৰ বিজ্ঞাপনৰ মূল্য ১৪–১৬ লাখ টকা হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ সহযোগী পৃষ্ঠপোষকতাৰ মূল্য ১৮ কোটি টকা৷ যদিও দুয়ো দেশৰ মাজত চলি থকা উত্তপ্ত পৰিস্থিতিত ভাৰত–পাক মেচখন আচলতে অনুষ্ঠিত হ’ব নে নহয়, ইয়াক লৈ সকলোৱে অধীৰ অপেক্ষাৰে বাট চাই আছে৷ শেহতীয়াকৈ লিজেণ্ডছ লীগত ভাৰত–পাক মেচ বাতিল কৰা হয়৷ ৯–২৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপৰ খেলসমূহ মূলতঃ সংযুক্ত আৰব আমিৰশ্বাহীৰ দুটা স্থানত অনুষ্ঠিত হ’ব৷ ইয়াৰে ১১খন মেচ আবুধাবিত আৰু বাকী আঠখন খেল ডুবাইত অনুষ্ঠিত হ’ব৷