নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Breaking News : ভয়ংকৰ অগ্নিকাণ্ড : ভস্মীভূত প্ৰায় ১ কোটি টকাৰ সা-সামগ্ৰী

Breaking News : হাজোৰ ৰামদিয়াত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। অগ্নিকাণ্ডত ভস্মীভূত হয় এখন সূতাৰ পাইকাৰী দোকান। ৰামদিয়া নামপাৰাৰ পুতুল‌ চিল্ক চেন্টাৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ভস্মীভূত হয় প্ৰায় ১ কোটি টকাৰ সা সামগ্ৰী।

অগ্নিকাণ্ডটো বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। চাৰিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপিত কৰে জুই। স্থানীয় ৰাইজৰ অভিযোগ বিদ্যুৎ বিভাগৰ ভুলৰ বাবে সংঘটিত হয় এই অগ্নিকাণ্ড।

উল্লেখ্য যে বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত ৰামদিয়াৰ নামপাৰা অঞ্চলটোৰ‌ বহুকেইটা পৰি‌য়ালত সংঘটিত হয় সৰু বৰ অগ্নিকাণ্ডৰ ঘটনা।

Niyomiya Barta Desk, 19 August

You might also like