নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰশ্মিকা-আয়ুষ্মানৰ ৰক্তাক্ত প্ৰেম, ভিলেইন নৱাজউদ্দিন ছিদ্দিকি, দৰ্শকৰ মাজত উন্মাদনাৰ জ্বৰ তুলি ‘থামা’ৰ টিজাৰ মুকলি

নিউজ ডেস্ক, ১৯ আগষ্ট : ম্যাডক ফিল্মছৰ হ’ৰৰ (ভূত) মুভী ‘থামা’-ই এইবাৰ দৰ্শকৰ মাজত উন্মাদনাৰ জ্বৰ তুলিবলৈ সাজু। ভূত আৰু মানুহৰ সহাৱস্থানৰ যুঁজ এইবাৰ আৰু অধিক ভয়ংকৰ হ’ব বুলি বছৰৰ আৰম্ভণিতে সতৰ্ক কৰি দিছিল প্ৰযোজনা সংস্থাটোৱে। সম্প্ৰতি মুক্তি পোৱা ‘থামা’ৰ টিজাৰে ছবিখন সন্দৰ্ভত দৰ্শকৰ কৌতূহল চৰম সীমালৈ লৈ গৈছে। এই ছবিখনত আছে এটা ৰক্তপিপাসু প্ৰেমৰ কাহিনী, য’ত আন্ধাৰৰ ৰজা ‘ইয়াকচন’ৰ ভূমিকাত দেখা যাব নৱাজউদ্দিন ছিদ্দিকিক।

টিজাৰৰ আৰম্ভণিতে ৰশ্মিকা মান্ধানা আৰু আয়ুষ্মান খুৰানাৰ প্ৰেমালাপৰ দৃশ্য। কেতিয়া দিনৰ পোহৰ শেষ হৈ ৰাতিৰ অন্ধকাৰে ৰাজত্ব কৰিব, তাৰ কোনো ঠিক নাই! এফালে তীব্ৰ প্ৰেমৰ কাহিনী, আনফালে ভয়ংকৰ ভিলেইনৰ উপস্থিতি। তদুপৰি মচলাদাৰ সংলাপৰ সৈতে মালাইকা অৰোৰাৰ মনোমোহা আইটেম নৃত্য। সৰ্বোপৰি দীনেশ বিজন আৰু অমৰ কৌশিক প্ৰযোজিত ‘থামা’ৰ প্ৰথম টিজাৰে দৰ্শকৰ কৌতূহলক আকাশত তুলিছে।

‘থামা’ত অলোকৰ চৰিত্ৰত দেখা যাব আয়ুষ্মান খুৰানাক, যি হৈছে মানৱতাৰ শেষ আশাৰ পোহৰ। তেওঁ প্ৰেমত পৰে ‘তাড়কা’ৰ, যাৰ ভূমিকাত অভিনয় কৰিছে ৰশ্মিকা মান্ধানাই। ছবিখনৰ টিজাৰৰ পৰাই স্পষ্ট যে তাড়কা (ৰশ্মিকা মান্ধানা) কোনো সাধাৰণ নায়িকা নহয়, তেওঁৰ মাজত লুকাই আছে অতিপ্ৰাকৃত শক্তিৰ আধাৰ। আনহাতে, আন্ধাৰৰ ৰজা ‘ইয়াকচন’ৰ চৰিত্ৰত নৱাজউদ্দিন ছিদ্দিকিৰ কাৰচাজিয়ে ছবিখনক আৰু অধিক ৰোমাঞ্চকৰ কৰিব। তদুপৰি পৰেশ ৰাৱাল অভিনীত ৰাম বাজাজ গোৱেল চৰিত্ৰই হাঁহিৰ মুহূৰ্তৰ মাজতো ট্ৰেজেডীৰ আভাস দিব।

ৰশ্মিকা মান্ধানাই আগতীয়াকৈ জনাইছিল যে এই ৰূপত দৰ্শকে তেওঁক আগতে কেতিয়াও দেখা নাই। ২০২৫ৰ দীপাৱলীত মুক্তিৰ বাবে প্ৰস্তুত এই ছবিখনে তন্ত্ৰবিদ্যাৰ মাধ্যমেৰে দৰ্শকৰ মন জয় কৰিব বুলি আশা কৰা হৈছে। ‘থামা’ৰ পৰিচালনাৰ দায়িত্বত আছে আদিত্য সৰপোতদাৰ। এইবাৰ ‘থামা’ই কেনে চমক আনে, সেয়া হ’ব লক্ষণীয় ।

You might also like