বাতৰি কাকতে ক’ভিড নিবিয়পায়……
- পৰাগমণি আদিত্য
সাংবাদিকতা আৰম্ভ কৰিছো বাতৰিকাকতৰ জৰিয়তে। আজি যে আপোনালোকক লগ পোৱাৰ বা কথা পতাৰ সৌভাগ্য হৈছে সেয়া সাংবাদিক হোৱাৰ বাবেই সম্ভৱ হৈছে। অলেখ লোকৰ সৈতে চিনাকি হৈছো, নানান স্থান ভ্ৰমণ কৰিছো আৰু বিভিন্ন কথা জানিব পাৰিছো; সেয়াও সম্ভৱ হৈছে সাংবাদিতাৰ বাবেই। গাঁৱৰ সাংবাদিকৰ পৰা বিভিন্ন স্তৰত মুঠ ছখন বাতৰিকাকতত কম বেছি পৰিমানে কাম কৰিছো।
অসমীয়া প্ৰতিদিন, আমাৰ অসম, দৈনিক জনমভূমি, দৈনিক জনসাধাৰণ কাকতত কাম কৰাৰ অভিজ্ঞতাৰ বলতেই আজি প্ৰযুক্তিৰ ভৰপকৰ দিনটো সাংবাদিকতা চলাই গৈছো।
সেয়েহে ছপা মাধ্যমৰ প্ৰতি আগাধ শ্ৰদ্ধা আছে। ভৱিষ্যতে কেতিয়াবা পুনৰ ছপা মাধ্যমত কাম কৰিবলৈও এক বাসনা আছে; নাজানো সেয়া সম্ভৱ হয় নে নহয়!
কিছুদিনৰ পৰা ছপা মাধ্যমৰ সন্মুখলৈ যথেষ্ট প্ৰত্যাহ্বান আহিছে। এয়া প্ৰধানত: বানিজ্যিক বিষয়। সেই প্ৰত্যাহ্বানৰ সৈতে যুজি থাকোতেই এই আহিছে আন এক প্ৰত্যাহ্বান। সেয়া হ’ল কভিড১৯ ৰ অতিমাৰীৰ ফলত আৰম্ভ হোৱা পৰিবেশ। এনে এক ধাৰণাৰ সৃষ্টি কৰা হৈছে যে বাতৰি কাকতে কভিড বিয়পাব।
কিমান সঁচা এই প্ৰচাৰ?
কাকত গোষ্ঠী সমূহে যিমান নিঊজপ্ৰিন্ট ব্যৱহাৰ কৰে সেয়া বৃহৎ উদ্যোগত প্ৰস্তত কৰা। য’ত মানুহে হাতেৰে কিবা কৰাৰ অৱকাশ নাথাকে। নিউজ প্ৰিন্টৰ ৰোল পেকেজিং আৰু লোডিঙো মেছিনৰ জৰিয়তে কৰে। এনেদৰেই মেছিনৰ সহায়তে ৰোল আহি ছপাশাল পায়হি। আজিকালিৰ ছপাশাল আগৰ দৰে মেনুৱেল নহয়। প্ৰায় সকলো আধুনিক ছপাশালত নিঊজপ্ৰিন্ট ৰোল নমাবলৈ মেছিন (প’কলেন) থাকে। ছপাশালত লোড কৰে এই মেছিনেই। বেছিভাগ ছপাশালতে পেকেজিঙো মেছিনেই কৰে। এই সময়ত বাতৰিকাকত সমূহ কাগজৰ (সাধাৰণতে waste news print) কেবাটাও লেপ দিয়া থাকে। ইয়াৰ পিছত আহে বিতৰণ। গাড়ীৰে বিভিন্ন অঞ্চললৈ কঢ়িয়াই নিয়াৰ পিছত এজেন্সী সমূহত দিয়া হয়। ইয়াৰ পিছত আহে মানুহৰ প্ৰথম স্পৰ্শ। সাধাৰণতে বিতৰক সকলৈ পেকেট ফালি কাকত সমূহ জুকিয়াই লয় আৰু চাইকেল বা বাইক চলাই ঘৰে ঘৰে বিতৰণ কৰে।
গতিকে চেইনৰ শেষত কেবল এজন মানুহৰ স্পৰ্শ লাগে।
প্ৰশ্ন উঠিব-তেওঁ যদি সংক্ৰমিত হয়। তেনেকৈ ফাৰ্মাচীৰ মানুহজনো সংক্ৰমিত হ’ব পাৰে। চাউল দালিৰ পেকেটো হ’ব পাৰে। গাখীৰৰ পেকেটো হ’ব পাৰে।
ইয়াতেই আহে ভাৰসা। আমি ফাৰ্মাচিষ্ট বা গ্ৰ’চাৰীৰ লোককেইজনৰ ওপৰত ভাৰসা ৰাখো, যে তেওঁলোকে সুৰক্ষামূলক ব্যৱস্থা গ্ৰহন কৰিছে। এই ভাৰসা আমি অত্যাৱশ্যকীয় সেৱা সমূহ লৈ থাকিব লাগিব। মোৰ মতেৰে কাকতখন আপোনাৰ ঘৰ পোৱাৰ আগতে কেৱল এজনে স্পৰ্শ কৰে। আন সকলো সামগ্ৰী দুই তিনিজনে স্পৰ্শ কৰে। প্ৰথম পেকেট খুলি চেল্ফ সমূহত সজাবলৈ, দুই সেই সমূহ আপোনাক দিওঁতে। শ্বপিং মল আদিত গ্ৰাহকে স্পৰ্শ কৰাৰ সম্ভাৱনাও নথকা নহয়। গতিকে কাকতৰ স্পৰ্শ কম।
হায়াৰ চেকেণ্ডাৰী পঢ়ি থাকোতে পঢ়াৰ খৰচ উলিয়াবলৈ পেপাৰৰ এজেন্সী লৈচিলো। সেইখন কলেজ সামৰাৰ সময়লৈকে চলি আছিল। বিতৰক কেইজন নহাৰ দিনত মই আৰু আনজন অংশীদাৰ তথা বন্ধু নৱজ্যোতিয়ে কাকত বিতৰণ কৰিছিলো। ঘৰে ঘৰে পেপাৰ দিয়াটো আমি উপভোগ কৰিছিলো।
মই নিজে বহু কাকত বিতৰণকাৰীক চিনি পাওঁ। বিতৰণকাৰী সকল বৰ দায়িত্বশীল মানুহ। দায়িত্ববোধ অলপ কম হ’লেও আপুনি দিনৰ দিনৰ পাছত দিন ধুমুহা বৰষুণ দুৰ্যোগ নেওচি কাকতখন ঘৰতে পাই নাথাকে।
বেছিভাগ কাকত এজেন্সীৰ স্বত্বাধিকাৰীক চিনি পাও। নলবাৰীৰ জাৰ্ণাল, নগাঁৱৰ ৰূমী-ৰূপক, গুৱাহাটীৰ এম পি বুক ষ্টল, ডিব্ৰুগড়ৰ বাণী মন্দিৰ আদিয়ে কাকতৰ ব্যৱসায়ক এক নতুন মাত্ৰা দি আহিছে।
ৰূমী ৰূপকৰ ৰূপক শৰ্মা বিধায়ক। পিতৃ প্ৰয়াত বলেন শৰ্মা ডাঙৰীয়াই পুৱতি নিশাতে উঠি বিতৰণ প্ৰক্ৰিয়া তদাৰক কৰিছিল।
এইসকলো অতি দায়িত্বশীল ব্যক্তি।
গতিকে শংকা থাকিল এটাই। বিতৰণকাৰীজন।
অসুস্থ লোকক এই কাম কৰিবলৈ নিদিয়ে বুলি বিশ্বাস আছে। মই ভাবো তেওঁলোকে বিতৰক সকলক মাস্ক আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ দিলেই আশংকা শেষ হ’ব।
মোৰ কাকত দি থাকক। যদি বিতৰকজনে আহিবলৈ নিবিচাৰে তেতিয়াও মোৰ কাকত সমূহ এজেন্সীতে ৰাখক। পৰিস্থিতি স্বাভাৱিক হ’লে ঘৰত দি গ’লেই হ’ল বা মই নিজেই আনি ল’ম। মই ইয়াৰ মূল্য পৰিশোধ কৰিম।
আমাৰ ৰান্ধনী গৰাকীকো কৈছো। নাহিবলৈ। কিন্তু এই সময়চোৱাৰ পাৰিশ্ৰমিক দিম। চিন্তা কৰিব নালাগে। কাকতৰো মূল্য দিম।
প্ৰশ্নৰ উদয় হৈছে আন এটা। বিতৰক সকলেই কাকত বিতৰণ নকৰাৰ সিদ্ধান্ত লৈছে। তেওঁলোকে নিজে নিবিচাৰিলে উপায় নাই। কিন্তু মোৰ বোধেৰে জৰুৰীকালীন সেৱাৰ লোকসকলে সেৱা পৰিত্যাগ কৰিব নালাগে। কাইলৈ চিকিৎসক সকলে সেৱা পৰিত্যাগ কৰিব নোৱাৰে। আৰক্ষীয়ে নোৱাৰে। ময়ো নোৱাৰো।
সামাজিক সুৰক্ষাৰ বাবে চৰকাৰে যি সমূহ আঁচনি ঘোষণা কৰিব সেই আঁচনিত জৰুৰী সেৱাত নিয়োজিত সকললৈ বিশেষ চিকিৎসা আৰু জীৱন বীমাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনালো। বিশেষকে অসংগঠিত খণ্ড আৰু অস্থায়ী/কেজুৱেল ভাবে নিয়োজিত সকলৰ বাবে কমেও ১০ লাখ টকাৰ এটা বীমা কৰাওক। উচ্চ বেতন ভোগী সকলক সামৰি নললেও নিম্ন বেতন/মজুৰী পোৱা সকলক সামৰি লওক।
কাকত বিতৰক, চাফাই কৰ্মী, হোমগাৰ্ড, চুক্তিৰ দ্বাৰা বিভিন্ন জৰুৰীকালীন সেৱাত কাম কৰা সকলক নিৰাপত্তা দিয়ক। সংবাদক্ষেত্ৰটো জড়িত এনে সকলোকে চিকিৎসা আৰু জীৱনৰ দিয়ক।
সেয়া সুনিশ্চিত হ’লে জৰুৰী সেৱাৰ সুফল সকলোৱে নিশ্চয় পাব।