দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত বাটৰহাটস্থিত লাইভ ছেভ হস্পিটেল নামৰ ব্যক্তিগত চিকিৎসালয়ত এক ভয়ংকৰ কাণ্ড সংঘটিত হয়। চিকিৎসালয়খনত স্বাস্থ্য পৰীক্ষাৰ নামত যৌন নিৰ্যাতন চলোৱা ঘটনা পোহৰলৈ অহাত দক্ষিণ কামৰূপত তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছে।
কৰ্ম সূত্ৰে গুৱাহাটীত থকা বহি:ৰাজ্যৰ এগৰাকী যুৱতীয়ে লাইভ ছেভ হস্পিটেললৈ স্বাস্থ্য পৰীক্ষা তথা চিটি স্কেন কৰাৰ বাবে চিকিৎসালয়খনলৈ আহিছিল। উক্ত চিকিৎসালয়খনত চিটি স্কেন কক্ষৰ ভিতৰত বিভাগীয় দায়িত্বত তথা ৰেডিঅ’গ্ৰাফাৰৰ হিচাপে আছিল নজৰুল ইছলাম নামৰ এজন কৰ্মচাৰী। যুৱতীগৰাকীয়ে চিটি স্কেনৰ বাবে কক্ষৰ ভিতৰত সোমোৱাৰ পিছত নুজৰুল নামৰ লম্পদ কৰ্মচাৰীজনে যুৱতী গৰাকীক কাপোৰ খুলিবলৈ দি শৰীৰৰ বিভিন্ন স্থানত স্পৰ্শ কৰি যুৱতীগৰাকীক সম্পূৰ্ণ উলংগ হ’বলৈ বাধ্য কৰায়।
যুৱকজনৰ কু-অভিসন্ধি বুজিব পাৰি যুৱতীগৰাকীয়ে কোনোমতে কোঠাৰ পৰা ওলাই আহে। পিছতে যুৱতী গৰাকীয়ে চিকিৎসালয়ৰ চৌহদত উপস্থিত লোকক ঘটনা সন্দৰ্ভত বিৱৰি কোৱাত এক উত্তপ্ত পৰিস্থিতিৰ হয়।
আনহাতে লাইভ ছেভ হস্পিটেলখনত মহিলাৰ বাবে কোনোধৰণৰ মহিলা নাৰ্চ অথবা কৰ্মচাৰীৰ ব্যৱস্থা নাই। লাজ মান কাটি কৰি মহিলাসকলে পুৰষ কৰ্মচাৰীৰ মতেই সকলো কৰিবলৈ বাধ্য হয়। এই ভয়ংকৰ ঘটনা পোহৰলৈ অহাৰ পিছত চিকিৎসালয় কৰ্তৃপক্ষই অভিযুক্ত নজৰুল ইছলামক বিজয়নগৰ আৰক্ষী চকীত গতাই দিয়ে।
লগতে সমগ্ৰ অঞ্চলৰ ৰাইজৰ মাজত চৰ্চা চলিছে যে গোপনীয়তাৰ সুযোগ লৈ একাংশই এনেধৰণৰ কাৰ্যত লিপ্ত হৈ আহিছে। ইতিমধ্যে ভুক্তভোগী যুৱতিগৰাকীয়ে বহি: ৰাজ্য তথা নাগালেণ্ডৰ হোৱা হেতুকে ন্যায় লাভৰ বাবে আৰক্ষীৰ ওচৰ চাপে যদিও তাৰ পূৰ্বে সমগ্ৰ ঘটনা সংবাদ মাধ্যমৰ আগত সদৰি কৰে।
সম্প্ৰতি অভিযুক্ত নজৰুল ইছলাম বিজয়নগৰ আৰক্ষী চকীৰ তত্বাৱধানত আছে। গোপনীয়তাৰ স্বাৰ্থত চিচি টিভি সংলগ্ন নথকাৰ সুযোগ লৈ বন্ধ কোঠালীত যৌন নিৰ্যাতন চলোৱা নজৰুল ইছলামৰ লগতে কোনো ধৰণৰ ৰোগীৰ নিৰাপত্তা নথকা লাইভ ছেভ হস্পিটেলৰ ওপৰত আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ’ব লক্ষণীয়।
এই ঘটনাকলৈ দক্ষিণ কামৰূপ বিভিন্ন দল সংগঠনে তীব্ৰ গৰিহণা দিয়াৰ লগতে উচিত ন্যায়ৰ দাবী উত্থাপন কৰিছে। যৌন আতিশয্য চলোৱা যুৱকজন বৰপেটাৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, এইগৰাকী নজৰুল ইছলামৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ এইটোৱেই নহয়, ইয়াৰ পূৰ্বেও এনে ঘটনা সংঘটিত কৰিছিল বুলি লাইভ চেভ হাস্পতালৰ একাংশ নামপ্ৰকাশ অনিশ্চুক কৰ্মচাৰীয়ে জানিবলৈ দিয়ে।
ৰাইজৰ প্ৰশ্ন নজৰুললৈ কিয় ইমান দৰদ লাইভ চেভ কৰ্তৃপক্ষৰ৷ ইয়াৰ আগতো এনেকুৱা ঘটনা সংঘটিত কৰা লম্পদ নজৰুলক কিয় কামৰ পৰা অব্যাহত দিয়া হোৱা নাছিল ? আনহাতে পূৰ্বতে গৰৈমাৰী আৰু ৰামপুৰৰ দুগৰাকী মহিলাকো যৌন নিৰ্যাতন চলোৱা বুলি দিয়া অভিযোগো গাপ দিছিল হাস্পতাল কৰ্তৃপক্ষই। এইবাৰো নজৰুল ইছলামক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলাইছিল যদিও সংবাদ মাধ্যমত এই ঘটনা পোহৰলৈ আহে।
এনে অসুৰক্ষিত হাস্পতালখনৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ নতুবা আৰক্ষী প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণৰ কৰিবলৈ দাবী উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে।
নিয়মীয়া বাৰ্তা, মিৰ্জা, ২১ আগষ্ট