নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লস্কৰক অস্ত্ৰ যোগান ! চাকৰিৰ পৰা বৰ্খাস্ত কাশ্মীৰ চৰকাৰৰ ২ কৰ্মচাৰী

নিউজ ডেস্ক, ২২ আগষ্ট : সন্ত্ৰাসবাদী কাৰ্যকলাপৰে জড়িত থকাৰ অভিযোগত জম্মু-কাশ্মীৰ চৰকাৰৰ দুগৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। লেফটেনেণ্ট গৱৰ্নৰ মনোজ সিনহাৰ নিৰ্দেশত এয়া কাৰ্যকৰী কৰা হৈছে। অভিযোগ কৰা হৈছে যে অভিযুক্তসকল অস্ত্ৰ সৰবৰাহত জড়িত। তদুপৰি উগ্ৰপন্থী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে দুয়ো সম্পৰ্কিত।

জানিব পৰা মতে, চাকৰিৰ পৰা বৰ্খাস্ত কৰা কৰ্মচাৰী দুজনৰ নাম খুৰশ্বিদ আহমেদ আৰু ছিয়াদ আহমেদ খান। খুৰশ্বিদ পেছাত শিক্ষক আছিল আৰু ছিয়াদ পশুপালন বিভাগৰ কৰ্মচাৰী। দুয়োজনেই উত্তৰ কাশ্মীৰৰ বাসিন্দা। দুয়োৰে বিৰুদ্ধে সীমান্তৰ সিপাৰে অস্ত্ৰ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে।

কাশ্মীৰ চৰকাৰৰ এজন বিষয়াৰ মতে, খুৰশ্বিদ আহমেদ ৰাষ্ট্ৰবিৰোধী কাম-কাজত সক্ৰিয়ভাৱে জড়িত আছিল। আন এজনৰ মতে, খুৰশ্বিদে জম্মু-কাশ্মীৰত উগ্ৰপন্থী নেটৱৰ্কক আগুৱাই নিয়াৰ বাবে কাম কৰি আছিল। তেওঁৰ উদ্দেশ্য আছিল অঞ্চলটো অস্থিৰ কৰি ভাৰতৰ সাৰ্বভৌমত্বত আঘাত কৰা। লস্কৰক অস্ত্ৰ সৰবৰাহৰ চক্ৰৰেও জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে খুৰশ্বিদৰ বিৰুদ্ধে।

চৰকাৰী নথি অনুসৰি, আনজন অভিযুক্ত ছিয়াদ আহমেদ খান বৰ্তমান কুপৱাৰা জিলা কাৰাগাৰত আছে। ২০২৪ চনৰ ১ ডিচেম্বৰত গ্ৰেপ্তাৰ হোৱা ছিয়াদ আৰক্ষীৰ ৰেকৰ্ডত লস্কৰ-ই-তৈবাৰ সহযোগী আৰু আণ্ডাৰগ্ৰাউণ্ড কৰ্মী হিচাপে তালিকাভুক্ত হৈ আছে।

মন কৰিবলগীয়া যে ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত জড়িতৰ অভিযোগত অভিযুক্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে জম্মু-কাশ্মীৰ চৰকাৰ অধিক সক্ৰিয় হৈ আছে।

You might also like