নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ কৰোনা ভাইৰাছৰ কালৰূপে বিশ্বক আতংকিত কৰাৰ সময়তে কলকাতা মেডিকেল কলেজ হাস্পতালৰ এখন তোৰণৰ নাম সলনি কৰি ৰখা হ’ল ক’ৰোনা তোৰণ । বিগত শনিবাৰৰ পৰা এই ভাইৰাছত আক্ৰান্ত তথা সন্দেহ হোৱা লোকক ভৰ্তি কৰা হৈছে কলকাতা মেডিকেল কলেজ হাস্পতালত । প্ৰাথমিকভাৱে প্ৰায় ৩০০ খন বিচনাৰ ব্যৱস্থা কৰা হৈছে মেডিকেল কলেজ হাস্পতালখনত । মেডিকেল কলেজখনৰ ক’ৰোনা আক্ৰান্ত ৰোগীসকলৰ ৱাৰ্ডলৈ যাব লগা ৫ নম্বৰ গেটৰ নাম ৰখা হৈছে এতিয়া ক’ৰোনা গেট ।
দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে কেৱল ক’ৰোনা আক্ৰান্ত ৰোগীৰ বাবে প্ৰস্তুত কৰি তোলা কলকাতা মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষৰ লক্ষ্য হৈছে ৩০০০ বিচনাৰ ব্যৱস্থা । প্ৰাথমিক ক’ৰোনা আক্ৰান্তৰ বাবে ৩০০ বিচনাৰ ব্যৱস্থা কৰা হৈছে যদিও আগন্তুক দিনত ইয়াক ৩০০০ লৈ বূদ্ধি কৰা হ’ব ।
চুপাৰ স্পেছিয়েলিটি বিল্ডিঙৰ কাষতে থকা মেডিকেল কলেজৰ নিউ বয়জ হোষ্টেলৰ প্ৰতিটো ফ্ল’ৰত মুঠ ৫০০ বিচনাৰ ব্যৱস্থা কৰা হৈছে ক’ৰোনা আক্ৰান্তৰ বাবে । সকলো মিলি প্ৰথম অৱস্থাত ৮০০ বিচনা হ’ব আৰু পৰৱৰ্তী সময়ত ক্ৰমান্বয়ে ইয়াক ৩০০০ লৈ বৃদ্ধি কৰা হ’ব বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই ।