নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেমিকৰ পৰকীয়া প্ৰেমত বিশ্বাস ভংগ, প্ৰেমিকাৰ বিহপান, পলাতক হাফিজুল

ৰঙিয়াৰ মৰাণজানাত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। এগৰাকী যুৱতীয়ে বিহপান কৰি মৃত্যুক সাবটি লৈছে। ঘৰতে বিহপান কৰিছিল ৰঙিয়াৰ মৰাণজানাৰ জোনমণি বেগমে। স্বস্তি হাস্পতালৰ চিকিৎসকে মৃত ঘোষণা কৰে জোনমণি বেগমক।

উল্লেখ্য যে দীৰ্ঘদিনে জোনমণি বেগমৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল হাফিজুল আলীৰ। বিবাহৰ বাবে দুয়োখন ঘৰৰ মাজত হৈছিল বুজাবুজি।

পৰিয়ালৰ লোকৰ অভিযোগ মতে, হাফিজুল আলীৰ আছিল পৰকীয়া সম্পৰ্ক। এই কাৰণতে দুগৰাকী প্ৰেমিক-প্ৰেমিকাৰ মাজত সঘনে হৈছিল প্ৰেমকেন্দ্ৰিক সংঘাত। পৰিয়ালৰ অভিযোগ, এই কাজিয়াৰ বাবে জোনমণি বেগমে কৰিছিল বিহপান।

সম্প্ৰতি ফোন চুইচ অফ কৰি পলাতক প্ৰেমিক হাফিজুল আলী। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ৰঙিয়া আৰক্ষী।

Niyomiya Barta Desk, 24 August

You might also like