আজিৰ দিনটোৰ ৰাশিফল
আজি ২৭ আগষ্ট, ভাদ মাহৰ ১০ তাৰিখ
বুধবাৰ : তিথি–শুক্লা চতুর্থী, নক্ষত্র : হস্তা, যাত্রা : নাই
মেষ : কর্ম তৎপৰতা থাকিব৷ কিন্তু শৰীৰ ভালে নাযাব পাৰে৷ ব্যৱসায়ীসকল কোনো সম্ভাব্য যোগাযোগৰ বাবে চেষ্টা কৰি চাব পাৰে৷ বিদ্যাত উৎসাহ৷ শুভ ৰং ৰঙা৷
বৃষ : উদ্বেগৰ মাজেৰে আপুনি কর্ম আৰু যোগাযোগ ৰক্ষা কৰিব পাৰিব৷ বিদ্যার্থীৰ বাবে শুভ৷ কর্ম সম্বন্ধীয় কামত কষ্টেৰে প্রগতি কৰিব৷
মিথুন : কোনো কাৰণত বুদ্ধিদ্দীপ্ত চুক্তি সম্পাদন কৰি উপকৃত হ’ব৷ বিদ্যাতো বেয়া নহ’ব৷ ব্যৱসায়–বাণিজ্যত আয় বৃদ্ধিৰ কাৰকতা৷ শৰীৰ বিশেষ ভাল বুলি ক’ব নোৱাৰি৷
কর্কট : আর্থিকত বাধা কম পাব৷ কিন্তু কোনোৱে কর্মস্থানত কেইটামান দিশত চিন্তিত হ’ব পাৰে৷ বিদ্যাত শুভ ফল পাব৷ শৰীৰো মধ্যম৷ পাৰিবাৰিক শুভ৷
সিংহ : মাজে মাজে গভীৰ চিন্তাই জুমুৰি ধৰিব৷ কর্মস্থানত সচ্ছলতা নাথাকিব৷ শৰীৰ মধ্যম৷ দাম্পত্যত মজলীয়া প্রভাৱ পৰিব৷ কাকো ৰুক্ষ ব্যৱহাৰ নকৰিব৷
কন্যা : আর্থিক দিশত ধনাত্মক হ’ব পাৰে৷ কর্মক্ষেত্রত দক্ষতা বৃদ্ধি পাব৷ ব্যৱসায়ত শুভ ফল পাব৷ বিদ্যার্থীৰ কিছু বেমেজালি আহিব পাৰে৷ প্রেমত শুভ৷
তুলা : আর্থিক দিশত প্রয়োজনীয় সম্পদাদিৰ বাবে খৰচৰ বাট ওলাব৷ ব্যৱসায়ীসকলৰ বাবে দিনটো বিশেষ শুভ নহ’ব৷ বিয়া–বাৰুৰ সংযোগ৷
বৃশ্চিক : নিৰাশ কর্ম চিন্তা, ভ্রমণাদিৰ যোগ থাকিব৷ কোনো অপৰাধীৰ কথাত মাত্র অস্থিৰতা থাকিব৷ ব্যৱসায়ত প্রাপ্য ধন আদায়ৰ সুযোগ পাব৷ পাৰিবাৰিক শুভ৷
ধনু : অস্থিৰ চিন্তা বাদ দিয়াটো ভাল৷ চকুৰ আমনি দেখা যায়৷ কর্ম আৰু পাৰিবাৰিক ক্ষেত্রত শুভ ফল পাব৷ দাম্পত্যত সিমান আনন্দ নাথাকিব৷ বিদ্যাত শুভ৷
মকৰ : কর্মস্থানত গতানুগতিক পৰিৱেশ বিৰাজ ধৰিব৷ প্রাপ্য সুযোগ ব্যৱহাৰ কৰাত সাৱধান থকাটো ভাল৷ ভ্রমণত লাভজনক ফল কম৷
কুম্ভ : শিল্পকলাত পাৰদর্শিতা থাকিব৷ আর্থিক দিশত খৰচৰ পথ মুক্ত থাকিব৷ অংশীদাৰী ব্যৱসায়ত লাভৰ কাৰকতা৷ দূৰ ভ্রমণৰ যোগ৷
মীন : হাতত লোৱা কার্যসূচীৰ সুস্থ সমাধান পাব৷ সুচিন্তা আৰু আপোনাৰ ভদ্রতাৰ বাবে অনুকূলতাৰ প্রভাৱ পেলাব৷ নতুন কোনো আশা পূৰণ হ’ব৷