নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইছৰ’ ভ্ৰমণৰ সুযোগ দৰঙৰ ৩ শিক্ষাৰ্থীৰ, শিক্ষা বিভাগৰ পদক্ষেপ

অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিশেষ শৈক্ষিক আচঁনিৰ জৰিয়তে বাংগালুৰুস্থিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ পৰিদৰ্শনৰ বাবে সুযোগ লাভ কৰিছে দৰঙৰ তিনি শিক্ষাৰ্থীয়ে।

সমগ্ৰ শিক্ষা আঁচনিৰ এক্সপ’জাৰ ট্যুৰৰ অধীনত দৰং জিলাৰ ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ ধনজিৎ হাজৰিকা আৰু জিৎকমল কলিতাৰ লগতে দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী সীমা ডেকা নিৰ্বাচিত হৈছে এই শিক্ষামূলক ভ্ৰমণৰ বাবে।

এই সুযোগ লাভ কৰি স্বাভাৱিকতে উৎসাহিত হৈ পৰিছে তিনিওগৰাকী শিক্ষাৰ্থীৰ লগতে বিদ্যালয় কৰ্তৃপক্ষ আৰু তিনিওগৰাকীৰে পৰিয়ালৰ লোক। আজি এই তিনিও মেধাৱী শিক্ষাৰ্থী উৰা মাৰিব বাংগালুৰু অভিমুখে। যাত্ৰাৰ প্ৰাকমুহুৰ্তত তিনিও মেধাৱী শিক্ষাৰ্থীৰ লগতে দুয়োখন বিদ্যালয়ৰ প্ৰধানে শিক্ষা বিভাগক জ্ঞাপন কৰিলে ধন্যবাদ আৰু কৃতজ্ঞতা।

Niyomiya Barta Desk, 27 August

You might also like