নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৰত সেন্দূৰ লৈ, ডিঙিত মংগলসূত্ৰ পিন্ধি মধ্য অসমত সোমাইছে মিঞা, কলিয়াবৰত নিশা উত্তপ্ত পৰিস্থিতি

বিশেষ বাৰ্তা, ২৮ আগষ্ট : ৰাজ্যৰ ভিন্ন প্ৰান্তত উচ্ছেদ অভিযান অব্যাহত থকাৰ সময়তে হিন্দুৰ পৰিচয় দি মধ্য অসমত সোমাইছে জাকে জাকে মিঞা। এই লৈ যোৱানিশা কলিয়াবৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

উল্লেখ্য যে বংগীয় মূলৰ মুছলমানৰ সন্দেহত এগৰাকী মহিলাসহ দুজন মুছলমান লোকক ৰাজপথত আটক কৰে বীৰ লাচিত সেনাই। শিৰত সেন্দূৰ লৈ, ডিঙিত মংগলসূত্ৰ পিন্ধি অহা মুছলমান মহিলাগৰাকীয়ে নিজকে হিন্দু বুলি কয় যদিও পিছত বীৰ লাচিত সেনাৰ জেৰাত নিজে মুছলমান বুলি স্বীকাৰ কৰে। হিন্দুৰ পৰিচয় দিয়া মহিলাগৰাকীয়ে নিজৰ নাম অনু বুলি কয় যদিও উপাধি সন্দৰ্ভত সোধাত একো উত্তৰ দিব নোৱাৰিলে। পিছত মহিলাগৰাকীসহ দুই মুছলমান ব্যক্তিক চমজাই দিয়ে কলিয়াবৰ আৰক্ষীক । ধৃত দুই ব্যক্তি ক্ৰমে বিহাৰৰ ইমাম উদ্দিন আৰু ৰূপহীহাট শালপাৰাৰ হাচমত আলী । মহিলাগৰাকী ৰূপহী শালপাৰাৰ হাচেনা খাতুন । এই লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কলিয়াবৰত।

You might also like